গুৱাহাটী, ১৭ ছেপ্টেম্বৰ : আৰক্ষীৰ জিম্মাত অভিযুক্তৰ মৃত্যুক লৈ পুনৰ এবাৰ বিতৰ্কত সোমাই পৰিছে অসম আৰক্ষী । ৰাজ্যজুৰি তুমুল প্রতিক্রিয়া সৃষ্টি কৰা নগাঁও জিলাৰ ধিঙৰ কিশোৰী ধর্ষণ-কাণ্ডৰ মূল অভিযুক্ত হিচাপে গ্ৰেপ্তাৰ কৰা তফাজ্জুল ইছলামৰ আৰক্ষীৰ জিম্মাত মৃত্যু হোৱাৰ পিচত পৰিয়ালৰ লোক ন্যায় বিচাৰি আদালতৰ দ্বাৰস্থ হৈছে ।
এই সন্দৰ্ভত সোমবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ত এক গুৰুত্বপূৰ্ণ শুনানি হয় । এই শুনানিত ৰাজ্য চৰকাৰৰ গৃহ বিভাগক আদালতে কঠোৰ নিৰ্দেশ জাৰি কৰিছে । তফাজ্জুল ইছলাম নামৰ যুৱকজনৰ মৃত্যু সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ে গৃহ বিভাগকে ধৰি ৰাজ্য চৰকাৰলৈ জাননী জাৰি কৰে ।
আদালতে ঘটনা সন্দৰ্ভত সকলো তথ্য-পাতিসহ চাৰি সপ্তাহৰ ভিতৰত শপতনামা দাখিল কৰিবলৈ গৃহ বিভাগ তথা চৰকাৰক আদেশ দিছে ।
উল্লেখ্য যে যোৱা ২৪ আগষ্টত আৰক্ষীয়ে ঘটনাস্থল পৰ্যবেক্ষণৰ বাবে লৈ যোৱা সময়ত তফাজ্জুলে পলায়নৰ চেষ্টা কৰোতে পুখুৰীত পৰি মৃত্যু হোৱা বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছিল ৷ অভিযুক্ত তফাজ্জুল ইছলামৰ পিতৃ আব্দুল আৱালে আৰক্ষীৰ বিৰুদ্ধে পুত্ৰক অত্যাচাৰ কৰি হত্যা কৰাৰ অভিযোগ কৰি আৰু ইয়াৰ উচিত তদন্ত বিচাৰি দাখিল কৰা এখন লেখ আবেদনৰ শুনানিৰ পাচত সোমবাৰে ন্যায়াধীশ মানস ৰঞ্জন পাঠক আৰু ন্যায়াধীশ সৌমিত্ৰ শইকীয়াৰ খণ্ড বিচাৰপীঠে এই আদেশ দিয়ে ।
আদালতে গৃহ বিভাগক পৰৱৰ্তী শুনানিৰ দিন ৪ নৱেম্বৰৰ ভিতৰত শপতনামা দাখিল কৰিবলৈ সময়সীমা বান্ধি দিছে । এই আবেদনত মুখ্য সচিবৰ লগতে গৃহ বিভাগৰ প্ৰধান সচিব, আৰক্ষী সঞ্চালকপ্রধান, নগাঁৱৰ আৰক্ষী অধীক্ষক, জিলা আয়ুক্ত, ধিং থানাৰ ভাৰপ্ৰাপ্ত বিষয়াকো পদকীয়া পক্ষ হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে । আনহাতে, আদালতে মঙলবাৰে সকলো পদকীয়ালৈ উত্তৰ দিয়াৰ জাননী জাৰি কৰিছে ।
উল্লেখ্য যে ধিঙৰ কিশোৰী ধর্ষণ-কাণ্ডত জড়িত থকাৰ অভিযোগত ধিং থানাৰ আৰক্ষীয়ে ২৩ আগষ্টৰ পুৱা বৰভেটী গাঁৱৰ ঘৰৰ পৰা তফাজ্জুলক গ্ৰেপ্তাৰ কৰে । সেইদিনাই নিশা অপৰাধৰ স্থান দেখুৱাবলৈ বুলি লৈ যোৱা অৱস্থাত হাতকেৰেয়াসহ পলাবলৈ চেষ্টা চলোৱা তফাজ্জুলৰ ওচৰৰে এটা পুখুৰীত পৰি মৃত্যু ঘটে বুলি আৰক্ষীয়ে গাঁৱৰ গাঁওবুঢ়াৰ জৰিয়তে তফাজ্জুলৰ ঘৰত খবৰ দিয়ে ।
কিন্তু তফাজ্জুলৰ পৰিয়ালে আৰক্ষীৰ ভাষ্য সম্পূর্ণভাৱে অস্বীকাৰ কৰিছে । এয়া আৰক্ষীৰ জিম্মাত হোৱা এক হত্যাকাণ্ড বুলি অভিযোগ কৰি ঘটনাৰ উচিত তদন্ত আৰু ক্ষতিপূৰণ বিচাৰি পিতৃ আব্দুল আৱাল উচ্চ ন্যায়ালয়ৰ কাষ চাপিছে ।
গোচৰীয়া পক্ষৰ অধিবক্তাৰ ভাষ্য
গোচৰীয়া পক্ষৰ অধিবক্তা জুনাইদ খালিদে কয়, "পৰিয়ালৰ অভিযোগ মতে, পৰিচয় বিভ্রান্তি ঘটি আৰক্ষীয়ে তফাজ্জুলক গ্ৰেপ্তাৰ কৰিছিল আৰু আৰক্ষীৰ জিম্মাত কৰা অত্যাচাৰৰ ফলতে তফাজ্জুলৰ মৃত্যু হৈছিল । অত্যাচাৰৰ কথা লুকুৱাবলৈকে আৰক্ষীয়ে তফাজ্জুলে পলায়নৰ চেষ্টা কৰি পুখুৰীত জাঁপ দিয়াৰ কাহিনী সাজিছে । লগতে আৰক্ষীয়ে তফাজ্জুলক গ্রেপ্তাৰ সম্পৰ্কীয় নথি-পত্র (এৰেষ্ট মেম'), মৃত্যুৰ কাৰণ, মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন, মৃত্যুৰ প্ৰমাণ-পত্ৰ আদি পৰিয়ালক দিয়া নাই বুলি আবেদনত উল্লেখ কৰা হৈছে ।"