অসম

assam

ৰাজ্যজুৰি উলহ-মালহেৰে 78 সংখ্যক স্বাধীনতা দিৱস উদযাপন - INDEPENDENCE DAY 2024

By ETV Bharat Assamese Team

Published : Aug 15, 2024, 11:06 AM IST

Updated : Aug 15, 2024, 12:43 PM IST

78th independence day in Assam: সমগ্ৰ ভাৰতত উদযাপন 78 সংখ্যক স্বাধীনতা দিৱস ৷ দেশৰ সমানে সমানে অসমতো উদযাপন কৰা হৈছে স্বাধীনতা দিৱস ৷ এই দিৱস উপলক্ষে ৰাজ্যৰ ভিন্ন প্ৰান্তত নানাৰঙীন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে ৷ খানাপাৰত পতাকা উত্তোলন কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

INDEPENDENCE DAY 2024
বৰপেটাত আয়ুষ গৰ্গে উত্তোলন কৰে পতাকা (ETV Bharat Assam)

নিউজ ডেস্ক, 15 আগষ্ট: দেশে উদযাপন কৰিলে ৭৮ সংখ্যক স্বাধীনতা দিৱস ৷ অসমতো উলহ-মালহেৰে স্বাধীনতা দিৱস উদযাপন কৰা হয় ৷ '৪২ ৰ ভাৰত ত্যাগ আন্দোলনত ব্ৰিটিছৰ ফাঁচীকাঠত মৃত্যুক সাৱটি লোৱা কুশল কোঁৱৰক সৰুপথাৰবাসীয়ে প্ৰতিটো মুহূৰ্তত সোঁৱৰণ কৰে ৷ বৃহস্পতিবাৰে সমগ্ৰ দেশৰ লগতে গোলাঘাট জিলাৰ সৰুপথাৰত ধনশিৰি মহকুমা প্ৰশাসনৰ উদ্যোগত আৰু ধনশিৰিবাসী ৰাইজৰ সহযোগত ৭৮ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হয় ৷ সৰুপথাৰৰ ৰাজহুৱা খেলপথাৰত পতাকা উত্তোলন কৰে ধনশিৰিৰ মহকুমাধিপতি শ্ৰেয়া সিংহলে ৷ আৰক্ষী-প্ৰশাসনৰ সমান্তৰালকৈ এন চি চি, স্কাউড-গাইডেয়ো অংশ লয় পেৰেডত ৷

78 সংখ্যক স্বাধীনতা দিৱস (ETV Bharat Assam)

উল্লেখ্য যে, সৰুপথাৰ বুলিলেই দেশৰ স্বাধীনতা আন্দোলনৰ বাবে কৰা ত্যাগ স্মৰণীয় ৷ দেশৰ স্বাধীনতা আন্দোলনৰ যুঁজত ব্ৰিটিছৰ সৈন্যভৰ্তি ৰে’ল বগৰাই দিয়া হৈছিল এইখন সৰুপথাৰত ৷ সেই কাণ্ডৰ মূল অভিযুক্ত বুলি দেশপ্ৰেমিক কুশল কোঁৱৰক বিনা অপৰাধতে গ্ৰেপ্তাৰ কৰি ফাঁচী দিয়া হৈছিল ৷ সেই সময়ত কুশল কোঁৱৰ আছিল সৰুপথাৰৰ কংগ্ৰেছ দলৰ সভাপতি ৷ যি ঠাইত ৰে’ল বগৰোৱা হৈছিল, সেই ঠাইত বৰ্তমান কুশল কোঁৱৰৰ স্মৃতিসৌধ নিৰ্মাণ কৰা হৈছে ৷

ধনশিৰি মহকুমাত স্বাধীনতা দিৱস উদযাপন (ETV Bharat Assam)

বৰপেটা:

বৰপেটাত দেশৰ ৭৮ সংখ্যক স্বাধীনতা দিৱস উদযাপন ৷ বৰপেটা পৌৰসভাৰ খেলপথাৰত অনুষ্ঠিত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত উপস্থিত থাকি ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে জিলা আয়ুক্ত আয়ুষ গৰ্গে ৷ পতাকা উত্তোলনৰ পূৰ্বে জিলা আয়ুক্তগৰাকীয়ে শ্বহীদ বেদীৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি নিবেদন কৰে ৷

ৰাজ্যজুৰি 78 সংখ্যক স্বাধীনতা দিৱস উদযাপন (ETV Bharat Assam)

পতাকা উত্তোলনৰ পিচতে জিলা আয়ুক্ত গৰ্গে প্ৰদান কৰা ভাষণত জিলাখনৰ উন্নয়ন আৰু বিকাশৰ বাবে গ্ৰহণ কৰা আঁচনিসমূহৰ বিষয়ে উল্লেখ কৰে ৷ ইয়াৰ পিচতে আয়ুক্তগৰাকীয়ে অভিবাদন গ্ৰহণ কৰে ৷ আৰক্ষীৰ বিভিন্ন বাহিনীৰ লগতে গৃহৰক্ষী বাহিনী, জিলাখনৰ কেইবাখনো বিদ্যালয়-মহাবিদ্যালয়ৰ এন চি চি কেডেট, স্কাউট-গাইডৰ দলসমূহে আয়ুক্তগৰাকীক অভিবাদন জনায় ৷

চৰাইদেউ:

ঐতিহাসিক চৰাইদেউ জিলাতো জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত কৰা হৈছে স্বাধীনতা দিৱস । প্ৰতিকূল বতৰৰ মাজতে জিলাখনৰ সোণাৰিৰ ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হৈছে স্বাধীনতা দিৱসৰ কাৰ্যসূচী । দেশমাতৃৰ কাৰণে প্ৰাণ আহুতি দিয়া শ্বহীদক শ্ৰদ্ধা জনাই দেশৰ ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰে বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিনে ।

ধাৰাষাৰ বৰষুণৰ মাজতে অনুষ্ঠিত হোৱা স্বাধীনতা দিৱসৰ পেৰেডত অসম আৰক্ষী, এন চি চি আৰু জিলাখনৰ কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে । এই অনুষ্ঠানত অংশগ্ৰহণ কৰি অসম বিধানসভাৰ উপাধ্যক্ষগৰাকীয়ে ভাষণ প্ৰসংগত দেশৰ হকে বলিদান দিয়াসকলক শ্ৰদ্ধা জনায় । দেশৰ বিকাশৰ জয়যাত্ৰাৰ কথাৰে বিশ্ব ঐতিহ্যক্ষেত্ৰ হিচাপে চিহ্নিত ঐতিহাসিক চৰাইদেউ মৈদামৰ প্ৰসংগ উল্লেখ কৰি বিশ্ববাসীৰ ওচৰত চৰাইদেউৱে নতুন পৰিচয় লাভ কৰে বুলি ব্যক্ত কৰে ।

ইয়াৰ লগে লগে অনুষ্ঠিত হয় দেশপ্ৰেমমূলক বিভিন্ন সাংস্কৃতিক অনুষ্ঠান । এই অনুষ্ঠানত স্থানীয় বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, জিলা আয়ুক্ত নিবেদন পাটোৱাৰী, আৰক্ষী অধীক্ষকৰ লগতে জিলাৰ শীৰ্ষ বিষয়া আৰু বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে ।

ডিব্ৰুগড়:

ডিব্ৰুগড়তো দেশৰ ৭৮ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হয় । ৰাজ্য চৰকাৰৰ বাণিজ্যিক আৰু উদ্যোগ মন্ত্ৰী বিমল বৰাই ৰাষ্ট্ৰীয় ত্ৰিৰংগা পতাকা উত্তোলন কৰে । ইয়াৰ পূৰ্বে মন্ত্ৰী গৰাকীয়ে শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । জিলা প্ৰশাসনৰ উদ্যোগত চহৰখনৰ খনিকৰৰ খেলপথাৰত অনুষ্ঠিত হোৱা এই কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে ভাষণত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ আমোলত ৰূপায়ণ হোৱা বিভিন্ন কৰ্মমুখী আঁচনি সৰ্ম্পকে বক্তব্য আগবঢ়ায় ।

আনহাতে, আৰক্ষী, অৰ্ধ-সামৰিক বাহিনী আৰু বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা প্ৰদৰ্শন কৰা হয় কুচকাৱাজ । লগতে বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচীও সম্পন্ন কৰা হয় । অনুষ্ঠানত উপস্থিত থাকে ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন, পৰ্যটন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা, ডিব্ৰুগড় বিজেপিৰ জিলা সভাপতি উজ্জ্বল কাশ্যপ আদি ৷

কলিয়াবৰ:

কলিয়াবৰ মহকুমা প্ৰশাসনৰ উদ্যোগত কুঁৱৰীটোল গান্ধী খেলপথাৰত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰে অতিৰিক্ত আয়ুক্ত তথা কলিয়াবৰ মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি লিজা তালুকদাৰে । বৰ্ণিল সাংস্কৃতিক অনুষ্ঠানৰ জৰিয়তে কুঁৱৰীটোল গান্ধী খেলপথাৰত উদযাপন কৰা হয় এই ৭৮ সংখ্যক স্বাধীনতা দিৱস । স্বাধীনতা দিৱসৰ কুচকাৱাজত অংশগ্ৰহণ কৰে অসম আৰক্ষী, কলিয়াবৰ মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী, কুঁৱৰীটোল উচ্চতৰ মাধ্যমিক বিদ্যালয়, শিশু বিদ্যাপীঠ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, জখলাবন্ধা উচ্চতৰ মাধ্যমিক বিদ্যালয়, কলিয়াবৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় শিলঘাটৰ লগতে কলিয়াবৰৰ বহুকেইখন বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে ।

যোৰহাট:

যোৰহাট জিলা চৰকাৰী বহুমুখী বালক বিদ্যালয় খেলপথাৰ প্ৰাংগণত কেন্দ্ৰীয়ভাৱে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে ৰাজহ আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ মন্ত্ৰী যোগেন মহনে । জাতীয় পতাকা উত্তোলন কৰি মন্ত্ৰীগৰাকীয়ে আৰক্ষী, অৰ্ধ-সামৰিক বাহিনী, স্কাউট গাইড, এন চি চিৰ আদি বাহিনীৰ অভিবাদন গ্ৰহণ কৰে । উক্ত অনুষ্ঠানৰ পিছতে মন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী আৱাস যোজনা, মুখ্যমন্ত্ৰী আৱাস যোজনাৰ খতিয়ান আৰু জলসম্পদ, জলসঞ্চিন, ৰাজহ, শিক্ষা আদি বিভিন্ন বিভাগে গ্ৰহণ কৰা বিভিন্ন উন্নয়নমূলক আঁচনি আৰু বিভিন্ন পদক্ষেপৰ বিষয়ে উপস্থিত ৰাইজৰ আগত আলোকপাত কৰে ৷

যোৰহাট চৰকাৰী বহুমুখী বালক বিদ্যালয়ৰ খেলপথাৰ প্ৰাংগণত অনুষ্ঠিত হোৱা স্বাধীনতা দিৱসৰ বাৰেৰহণীয়া কৃষ্টি-সংস্কৃতিৰে পূৰ্ণ মনোমোহা অনুষ্ঠান উপভোগ কৰিবলৈ যোৰহটীয়া ৰাইজৰ সমাগম হোৱা দেখিবলৈ পোৱা যায় ৷ ইতিমধ্যে যোৰহাটত কোনোধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি উদ্ভৱ নোহোৱাকৈ শান্তিপূৰ্ণভাৱে উদযাপিত হৈ যায় ৭৮ সংখ্যক স্বাধীনতা দিৱস ।

লগতে পঢ়ক:লালকিল্লাত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন প্ৰধানমন্ত্ৰী মোদীৰ - 78th Independence Day

Last Updated : Aug 15, 2024, 12:43 PM IST

ABOUT THE AUTHOR

...view details