অসম

assam

ETV Bharat / state

পাৱাৰ ৱৰ্কাৰ্ছ ইউনিয়ন-অস্থায়ী মিটাৰ ৰিডাৰ কৰ্মী সন্থাৰ ৭২ ঘণ্টীয়া ধর্মঘট - POWER WORKERS PROTEST

৫ দফীয়া দাবী চনদ পূৰণৰ দাবীত শক্তি খণ্ডৰ ফিক্স পে আৰু অস্থায়ী কৰ্মচাৰীয়ে কঁপালে চচল ।

Protest in Guwahati
পাৱাৰ ৱৰ্কাৰ্ছ ইউনিয়ন-অস্থায়ী মিটাৰ ৰিডাৰ কৰ্মী সন্থাৰ প্ৰতিবাদ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Feb 25, 2025, 2:11 PM IST

গুৱাহাটী :ন্যাৰ্য প্ৰাপ্তিৰ দাবীত গুৱাহাটী মহানগৰীৰ চচলত থকা প্রতিবাদস্থলীত অব্যাহত আছে কেইবাটাও দল সংগঠনৰ ধর্ণা-প্ৰতিবাদী কাৰ্যসূচী । অসম ষ্টেট আউটছ'ৰ্ট পাৱাৰ ৱৰ্কাৰ্ছ ইউনিয়ন আৰু সদৌ অসম অস্থায়ী বিল ক্লার্ক মিটাৰ ৰিডাৰ কৰ্মী সন্থাই তেওঁলোকৰ দাবীৰ সমর্থনত সোমবাৰৰ পৰা ৭২ ঘণ্টীয়া ধর্মঘট কাৰ্যসূচী আৰম্ভ কৰিছে ।

চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ সংগঠন দুটাৰ নেতৃবৃন্দই কয়, "শক্তি খণ্ডৰ তৃণমূল পর্যায়ত বছৰ বছৰ ধৰি সেৱা আগবঢ়াই অহা কৰ্মচাৰীসকলৰ জীৱন আৰু জীৱিকাৰ প্ৰতি চৰকাৰে কোনো গুৰুত্ব প্ৰদান কৰা নাই । শ্রম আইন উলংঘা কৰি কৰ্মচাৰীসকলক কামত খটুৱাই অহাৰ লগতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায়কো উলংঘা কৰি কৰ্মচাৰীক প্ৰাপ্য সুবিধাৰ পৰা বঞ্চিত কৰি আহিছে । গতিকে কৰ্মচাৰীসকলৰ প্রাপ্য সুবিধা আদায় দিয়াৰ দাবীত আজিৰে পৰা ৭২ ঘণ্টীয়া ধর্মঘট কাৰ্যসূচী আৰম্ভ কৰিছে ।" ৫ দফীয়া দাবী চনদ পূৰণৰ দাবীত শক্তি খণ্ডৰ ফিক্স পে আৰু অস্থায়ী কৰ্মচাৰীসকলে 'মুখ্যমন্ত্ৰী গ'বেক',' শক্তি মন্ত্ৰী মিছলীয়া' আদি বিভিন্ন শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।

পাৱাৰ ৱৰ্কাৰ্ছ ইউনিয়ন-অস্থায়ী মিটাৰ ৰিডাৰ কৰ্মী সন্থাৰ প্ৰতিবাদ (ETV Bharat Assam)

অসম বধিৰ সংগ্ৰাম পৰিষদৰ অনশন :

আনহাতে,অসম বধিৰ সংগ্ৰাম পৰিষদেও তেওঁলোকৰ দাবীৰ সমৰ্থনত সোমবাৰৰ পৰা ১০০ ঘণ্টীয়া অনশন কাৰ্যসূচী আৰম্ভ কৰিছে । এই দাবীবোৰৰ ভিতৰত আছে ৰাজ্যত খালী হৈ থকা বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ পদবোৰ শীঘ্ৰে পূৰণ কৰা, হাজো, গোৱালপাৰা, শোণিতপুৰ আৰু বৰাক উপত্যকাত মুকবধিৰ বিদ্যালয় স্থাপন কৰা, অৰুণোদয়ৰ পৰিবৰ্তে পুনৰ দীনদয়াল দিব্যাংগ পেন্সন আঁচনি প্ৰৱৰ্তন কৰা ইত্যাদি । উল্লেখ্য় যে চচলত বিশেষ টেট উত্তীর্ণ সন্থা, গোপাল মিত্ৰ আৰু মৈত্ৰী কৰ্মীৰো প্ৰতিবাদী কাৰ্যসূচী অব্যাহত আছে ।

লগতে পঢ়ক:"ঝুমইৰ বিনন্দিনী"ৰে সৰুসজাই মুখৰিত হোৱাৰ সময়তেই দৰমহা নাপাই চাহ শ্ৰমিকৰ প্ৰতিবাদ - TEA LABOUR PROTEST

জনজাতিকৰণ-স্বায়ত্তশাসন প্ৰদানৰ দাবীত জোঁৰ লৈ সমদল; আৰক্ষীৰে প্ৰতিবাদকাৰীৰ হতাহতি - MORAN STUDENTS UNION PROTEST

ABOUT THE AUTHOR

...view details