অসম

assam

ETV Bharat / state

ৰাজ্যত আঠ বছৰত জাপানীজ এনকেফেলাইটিছত প্ৰাণ হেৰুৱালে ৭০৭ গৰাকীয়ে

চলিত বছৰত (২৫ ছেপ্টেম্বৰ পৰ্যন্ত) অসমত জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈছে ৬৩৭ গৰাকী লোক ।

JAPANESE ENCEPHALITIS IN ASSAM
ৰাজ্যত আঠ বছৰত জাপানীজ এনকেফেলাইটিছত প্ৰাণ হেৰুৱালে ৭০৭ গৰাকীয়ে (ETV Bharat)

By ETV Bharat Assamese Team

Published : 4 hours ago

গুৱাহাটী:ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ আমূল‌ পৰিবৰ্তন হোৱা বুলি সততে ৰাজহুৱা সভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাষণ দি থকাৰ বিপৰীতে ৰাজ্যত ভেক্টৰজনিত ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি হৈ আছে । লগতে বৃদ্ধি পাইছে এই ৰোগত মৃত্যু হোৱা লোকৰ সংখ্যাও । স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ৰ ৰাষ্ট্ৰীয় ভেক্টৰজনিত ৰোগ নিয়ন্ত্ৰণ কাৰ্যসূচী কেন্দ্ৰ আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ তথ্য অনুসৰি অসমত জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি হৈ আছে ।

তথ্য অনুসৰি ২০১৬ চনত ৯২ জন, ২০১৭ চনত ৮৭ জন, ২০১৮ চনত ৯৪ জন, ২০১৯ চনত ১৬১ জন, ২০২০ চনত ৫১ জন, ২০২১ চনত ৪০ জন, ২০২২ চনত ৯৬ জন, ২০২৩ চনত ৩৪ জন, ২০২৪ চনৰ (২৫ ছেপ্টেম্বৰ পৰ্যন্ত) ৫২ জন লোকৰ জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছে । স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ৰ ৰাষ্ট্ৰীয় ভেক্টৰজনিত ৰোগ নিয়ন্ত্ৰণ কাৰ্যসূচী কেন্দ্ৰৰ তথ্য অনুসৰি যোৱা আঠ বছৰত জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ অসমত ৭০৭ গৰাকী ৰোগীৰ মৃত্যু হৈছে । অৰ্থাৎ প্ৰতি বছৰে গড়ে প্ৰায় ৮৮ জনকৈ ৰোগী মৃত্যুমুখত পৰিছে ।

২৫ ছেপ্টেম্বৰ পৰ্যন্ত আক্ৰান্ত আৰু মৃতকৰ সংখ্যা (ETV Bharat)

ইপিনে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ তথ্য অনুসৰি চলিত বছৰত (২৫ ছেপ্টেম্বৰ পৰ্যন্ত) অসমত জাপানীজ এনকেফেলাইটিছ ৰোগত ৬৩৭ জন লোক আক্ৰান্ত হৈছে । নগাঁও জিলাত ৫৩ জন, যোৰহাট জিলাত ৫২ জন, মৰিগাঁও জিলাত ৩৮ জন, শোণিতপুৰ জিলাত ৪৬ জন, বৰপেটা জিলাত ৩৫ জন সৰ্বাধিক আক্ৰান্ত হৈছে। তথ্য মতে, জাপানীজ এনকেফেলাইটিছ সদৃশ ৰোগত চলিত বছৰত (২৫ ছেপ্টেম্বৰ পৰ্যন্ত) ১৬১৩ জন লোক আক্ৰান্ত হৈছে ।‌ মৃত্যু ‌হৈছে ১২৯ জনৰ । ইয়াৰে কামৰূপ মহানগৰ জিলাত ১৫ জন, নগাঁও জিলাত ১১ জন আৰু গোৱালপাৰা আৰু যোৰহাট জিলাত সৰ্বাধিক লোকৰ এই ৰোগত মৃত্যু হৈছে ।

লগতে পঢ়ক:লখিমপুৰত জাপানীজ এনকেফেলাইটিছ ডেংগু ৰোগৰ প্ৰাৰ্দুভাৱ : তৎপৰ স্বাস্থ্য বিভাগ

ABOUT THE AUTHOR

...view details