অসম

assam

ETV Bharat / state

জঘন্য ঘটনা;৬০ ঊৰ্ধ্বৰ কামনাৰ বলি নাবালিকা - Lakhimpur rape case - LAKHIMPUR RAPE CASE

Minor rape in Lakhimpur: ৰাজ্যত পুনৰ ধৰ্ষণৰ বলি হ'ল নাবালিকা । এইবাৰ ৬ বছৰীয়া নাবালিকাক ধৰ্ষণ ৬০ৰ ঊৰ্ধ্বৰ লোকৰ ! অভিযুক্ত মহম্মদ দুলাল বৰভূঞাক গ্ৰেপ্তাৰ ।

Minor rape in Lakhimpur
৬০ ঊৰ্ধ্বৰ কামনাৰ বলি নাবালিকা (ETV Bharat)

By ETV Bharat Assamese Team

Published : Sep 28, 2024, 11:31 AM IST

লখিমপুৰ,২৮ ছেপ্টেম্বৰ : ৰাজ্যত পুনৰ ধৰ্ষণৰ ঘটনা ! এইবাৰ স্থান লখিমপুৰ । ৬০ ঊৰ্ধ্বৰ লোকৰ কামনাৰ বলি হ'ল এগৰাকী ৬ বছৰীয়া কণমানি । ঘটনাৰ অভিযুক্ত মহম্মদ দুলাল বৰভূঞাক আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে ।

নাবালিকাক ধৰ্ষণ

লখিমপুৰৰ হাৰমতিত সংঘটিত হৈছে এই জঘন্য ঘটনা । পখিলা খেদাৰ বয়সতে বৃদ্ধৰ কামনাৰ বলি হ'ল কণমানি । এই ঘটনাক লৈ সমগ্ৰ অঞ্চলতে তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে । ঘটনা সংঘটিত কৰি ৬০ ঊৰ্ধ্বৰ দুলাল বৰভূঞাই পলায়নৰ চেষ্টা কৰে যদিও একাংশ লোকে খেদি খেদি কৰায়ত্ত কৰে । অৱশেষত লোকসকলে আৰক্ষীক গতাই দিয়ে অভিযুক্ত দুলাল বৰভূঞাক । সম্প্ৰতি লখিমপুৰ সদৰ থানালৈ অনা হৈছে অভিযুক্তক । সদৰ থানাত লখিমপুৰৰ আৰক্ষী অধীক্ষক, অতিৰিক্ত আৰক্ষী অধীক্ষকে অব্যাহত ৰাখিছে জেৰা ।

৬০ ঊৰ্ধ্বৰ কামনাৰ বলি নাবালিকা (ETV Bharat)

জানিব পৰা মতে ঘটনাটো শুকুৰবাৰে বিয়লি সংঘটিত হয় । ঘটনাটোক লৈ হাৰমতিত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । ৬০ ঊৰ্ধ্বৰ লোকৰ এনে অসৎ কাৰ্যই সকলোকে আচৰিত কৰি তুলিছে । এই ঘটনাৰ পিচতে ওলাই আহিছে একাংশ সচেতন নাগৰিক ।

ঘটনাটো কি ?

উল্লেখ্য যে হাৰমতি আৰক্ষী চকীৰ অন্তৰ্গত ১ নং বগলীৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপতে এখন দোকান আছে দুলাল বৰভূঞাৰ । অভিযোগ অনুসৰি শুকুৰবাৰে বিয়লি লোকজনে মাতি লৈ যায় কণমানিজনীক । তাৰ পিছত দোকানৰ পিচফালে নাবালিকাগৰাকীক ধৰ্ষণ কৰি পলায়ন কৰে লোকজনে । ইফালে ভুক্তভোগী নাবালিকাগৰাকীৰ স্বাস্থ্যৰ অৱনতি হোৱাৰ লগে লগে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । পৰৱৰ্তী সময়ত অভিযুক্তজনক ৰাইজে কৰায়ত্ত কৰিবলৈ সক্ষম হয় । আৰক্ষীয়ে অভিযুক্ত দুলাল বৰভূঞাক গ্ৰেপ্তাৰ কৰি ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে । ইফালে অভিযুক্তক কঠোৰ শাস্তিৰ দাবী জনাইছে অঞ্চলটোৰ ক্ষুব্ধ ৰাইজে ।

লগতে পঢ়ক :নৃশংস হত্যাকাণ্ড; মাতৃক হত্যাৰ অভিযোগত আটক যুৱতী - Guwahati murder case

ABOUT THE AUTHOR

...view details