গুৱাহাটী, ২৪ জানুৱাৰী: অসম বিধানসভাৰ এইবাৰৰ শীতকালিন অধিৱেশন অনুষ্ঠিত নহ'ল । বিধানসভাৰ এইবাৰৰ অধিৱেশন বিটিআৰত হোৱাৰ কথা আছিল যদিও কোনো কাৰণত অনুষ্ঠিত নহ'ল । কিন্তু অনুষ্ঠিত হোৱাহেতেন এই কথা নিশ্চিত আছিল যে আন অধিৱেশনৰ দৰে এইবাৰৰ বিধানসভাৰ অধিৱেশনতো বিভিন্ন বিষয়ৰ ওপৰত বিতর্ক হোৱাৰ লগতে দুই-এখন বিধেয়কো উত্থাপন হ’লহেঁতেন । কিন্তু অসম বিধানসভাৰ পূৰ্বৰ অধিৱেশনসমূহত উত্থাপন হৈ অহা সকলো বিধেয়ক আইনত পৰিণত হয়নে ? এনে বিধেয়কৰো দুই-এখন অমীমাংসিত হৈ থাকে নেকি ? এনে প্ৰশ্ন স্বাভাৱিকতে উত্থাপন হয় ।
নিয়ম অনুসৰি ৰাজ্যৰ বিধানসভাৰ অধিৱেশনত উত্থাপিত আৰু সম্মতিক্ৰমে গৃহীত বিধেয়কসমূহত ৰাজ্যপালে স্বাক্ষৰ কৰিলেহে ইয়াক কার্যক্ষেত্ৰত প্ৰয়োগ কৰিব পৰা যায় । কিন্তু কেতিয়াবা এনে বিধেয়কত ৰাজ্যপালৰ স্বাক্ষৰ নহয় অথবা ইয়াৰ বিবেচনাৰ বাবে ৰাষ্ট্ৰপতিলৈও প্ৰেৰণ কৰা হয় ।
লক্ষ্যণীয় বিষয় যে অসম বিধানসভাৰ মজিয়াত গৃহীত এনে ১৬খন বিধেয়ক দীর্ঘদিন ধৰি অমীমাংসিত হৈ পৰি থকাৰ তথ্য পোহৰলৈ আহিছে । ভাৰতীয় সংবিধানৰ ২০০ নং অনুচ্ছেদৰ অধীনত গৃহ মন্ত্ৰণালয়ে লাভ কৰিছে ৰাজ্যখনৰ অমীমাংসিত ১৬ খন বিধেয়ক । এইকেইখন অমীমাংসিত বিধেয়কত নিশ্চিতভাৱে প্ৰয়োজন হ'ব ৰাষ্ট্ৰপতিৰ অনুমোদন । ৰাষ্ট্ৰপতিয়ে এনে বিধেয়ক বিবেচনাৰ বাবে গ্ৰহণ কৰিবও পাৰে অথবা ঘূৰাই পঠিয়াবও পাৰে পুনৰ সংশোধনীৰ বাবে ।
তাৎপর্যপূর্ণ কথা যে কেৱল অসম বিধানসভাৰ মজিয়াত গৃহীত হোৱা বিধেয়কেই নহয়, দেশৰ প্ৰায় প্ৰতিখন ৰাজ্যৰ বিধানসভাৰ অধিৱেশনত গৃহীত বিধেয়ক আজিৰ তাৰিখত অমীমাংসিত ৰূপত আছে । এই সন্দৰ্ভত কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে প্ৰকাশ কৰা মতে ভাৰতীয় সংবিধানৰ ২০০নং অনুচ্ছেদৰ আধাৰত গ্ৰহণ কৰা দেশৰ বিভিন্ন ৰাজ্যৰ মুঠ ১৪৪খন নতুন অথবা সংশোধনী বিধেয়ক অমীমাংসিত ৰূপত আছে । উল্লেখ্য যে ভাৰতীয় সংবিধানৰ ২০০ নং অনুচ্ছেদৰ অধীনত বিশেষকৈ অসম বিধানসভাৰ দ্বাৰা গৃহীত ১৬খন গুৰুত্বপূৰ্ণ বিধেয়ক অমীমাংসিত অৱস্থাত আছে ।