অসম

assam

ETV Bharat / state

ফেব্ৰুৱাৰীত স্থাপন হ'ব আৰু ৫২খন সমজিলা :মুখ্যমন্ত্ৰীৰ ঘোষণা - SUB DISTRICTS IN ASSAM

Jalukbari sub district : জালুকবাৰীত সমজিলা মুকলি । মহকুমাতকৈ সমজিলাত অধিক ক্ষমতা দিয়া‌ হৈছে বুলি মন্তব্য় মুখ্য়মন্ত্ৰীৰ ।

By ETV Bharat Assamese Team

Published : 4 hours ago

Updated : 3 hours ago

Jalukbari sub district
জালুকবাৰীত সমজিলা মুকলি (ETV Bharat Assam)

গুৱাহাটী, ৫ অক্টোবৰ : প্রশাসনিক সংস্কাৰক নতুন গতি দিয়াৰ লক্ষ্যৰে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ৰাজ্যৰ জিলাসমূহৰ ৩৯ টা স্থানত সমজিলাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে । বাকী ৫২ খন সমজিলা কাৰ্যালয় অহা ফেব্ৰুৱাৰীৰ ভিতৰত স্থাপন কৰা হ'ব । জালুকবাৰীত মুখ্যমন্ত্ৰীগৰাকীয়ে‌ শনিবাৰে জালুকবাৰীৰ সমজিলা মুকলি কৰি এই কথা সদৰী কৰে ।

সমজিলাক অধিক ক্ষমতা দিয়া‌ হৈছে

ইয়াৰ সৈতে সংগতি ৰাখি আয়োজিত সভাত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়," অসমত জিলাৰ সংখ্যা ৩৫ খন । মহকুমাতকৈ সমজিলাত অধিক অধিকাৰ আৰু ক্ষমতা দিয়া‌ হৈছে । এতিয়াৰে পৰা‌ মহকুমাক লৈ কৰা আন্দোলন নোহোৱা হ'ব । এতিয়া ৰাজ্যৰ জিলাসমূহৰ ৩৯টা স্থানত সমজিলাৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে । বাকী অহা বছৰ ফেব্ৰুৱাৰীৰ ভিতৰত সমজিলা গঠন‌ কৰা‌ হ'ব । চক্ৰ বিষয়াৰ কাৰ্যালয় সমজিলাৰ কাষত হ'ব । ব্লক আৰু চক্ৰ বিষয়াৰ কাৰ্যালয় পুনৰ গঠনৰ কাম কৰিম । "

জালুকবাৰীত সমজিলা মুকলি (ETV Bharat Assam)

শিক্ষা বিভাগৰ কাৰ্যালয় সমজিলাতেই হ'ব

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই পুনৰ কয়," সমজিলা অনুসৰি লোক নিৰ্মাণ বিভাগ গঠন কৰা হৈছে । শিক্ষা বিভাগৰ কাৰ্যালয়বোৰো সমজিলাৰ ভিতৰতে হ'ব । অহা পাঁচ বছৰত অসমৰ কামৰ উদাৰণ বেলেগ ৰাজ্যই অনুসৰণ কৰিব ।"

মুখ্যমন্ত্ৰীগৰাকীয়ে কয়," যিবোৰ বিধানসভা সমষ্টিত জিলা উপায়ুক্তৰ কাৰ্যালয় থাকিব সেইবোৰ সমষ্টি‌ বাদ দি বাকী সমষ্টিতে সমজিলা গঠন‌ কৰা‌ হ'ব । অসমত ৩৫ খন জিলা আছে । ১২৬ টা বিধানসভা সমষ্টি আছে । ইতিমধ্যে ৩৯ খন সমজিলাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে । বাকী ৫২ খন সমজিলাৰ প্ৰক্ৰিয়া ফেব্ৰুৱাৰীত আৰম্ভ হ'ব । মুখ্যমন্ত্ৰীয়ে বানপানীৰ সাহাৰ্য প্ৰসংগত কয়,"বানপানীৰ সাহাৰ্যৰ বাবে জিলা আয়ুক্ত কাৰ্যালয়লৈ যাব নালাগে । সমজিলা কাৰ্যালয়ত পৰা সাহায্যৰ ধন লাভ কৰিব ।"

লগতে পঢ়ক:মহকুমা অতীত হ'ল: সমজিলাৰে ভৰি পৰিল সমগ্ৰ অসম - Equal District in Assam

সমজিলা : ইয়াৰ বৈশিষ্ট্য আৰু নাগৰিকে লাভ কৰিবলগীয়া সেৱাসমূহ - Equal District in Assam

Last Updated : 3 hours ago

ABOUT THE AUTHOR

...view details