অসম

assam

ETV Bharat / state

বাজেট ৫ কোটি, অভ্যাগত ৬ হাজাৰ, মণ্ডপত ৰাছিয়ান সুন্দৰী: এইখন অসমৰে এখন চৰ্চিত বিয়া - WEDDING CEREMONY

এখন ব্যয়বহুল বিয়া । বিয়াৰ বাজেট শুনিলে হয়তো আচৰিত হ'ব । আমন্ত্ৰিত অতিথিও সহস্ৰাধিক । আকৰ্ষণৰ কেন্দ্ৰবিন্দু ৰাছিয়ান সুন্দৰী । ক'ত এই বিয়া ?

Baihata exceptional Wedding
এইখন অসমৰে এখন চৰ্চিত বিয়া... (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Nov 5, 2024, 8:15 PM IST

বাইহাটা চাৰিআলি:বিয়া বুলিলে সকলোৰে এটা মনত হেঁপাহ থাকে । দৰা-কইনা চোৱাৰ পৰা আৰম্ভ কৰি অতিথিৰ নিমন্ত্ৰণী-পত্ৰ, বিয়াৰ ৰভা-পেণ্ডেল, অতিথি আপ্যায়ণ- সকলোতে এক নতুনত্বৰ চমক দিব বিচৰাটো আজিকালি এক ট্ৰেণ্ড হৈ পৰিছে । আনহাতে, 'ডেষ্টিনেটন ৱেডিঙ'ৰ দৰে ধাৰণাও বৰ্তমান আমাৰ সমাজত প্ৰচলিত হ'বলৈ আৰম্ভ কৰিছে ।

অৱশ্যে নগৰ বা চহৰত এখন আড়ম্বৰপূৰ্ণ বিয়া আজিকালি প্ৰায় সাধাৰণ হৈ পৰিছে । কিন্তু গাঁও বা মফচলীয় অঞ্চলত এই কথা এতিয়াও এক আশ্চৰ্যকৰ হৈয়ে আছে । তেনে এখন বিয়া শেহতীয়াকৈ চৰ্চাৰ বিষয় হৈ পৰিছে ।

এইখন অসমৰে এখন চৰ্চিত বিয়া... (ETV Bharat Assam)

বাইহাটাৰ পুঠিমাৰীৰ আঠাৰাত অনুষ্ঠিত হয় এইখন বহুচৰ্চিত বিবাহ । যিখন বিয়াই এতিয়া খলকনি তুলিছে সমগ্র বাইহাটা অঞ্চলৰ লগতে ৰঙিয়া সম জিলাতো ।

বাইহাটাৰ সমীপৰ পুঠিমাৰীৰ আঠাৰাত অনুষ্ঠিত হৈছে এই ৫ কোটিটকীয়া বাজেটৰ বিয়াখন । পুঠিমাৰী অঞ্চলৰ বিশিষ্ট ব্যৱসায়ী চৈয়দ ৰিজু আহমেদৰ কনিষ্ঠ ভাতৃ তথা ইটাভাতা ব্যৱসায়ী চৈয়দ চহিদুল আলমৰ শুভবিবাহ অনুষ্ঠিত হয় ৰঙিয়াৰ নিকটৱৰ্তী বইটামাৰী গাঁৱৰ জীয়াৰী শ্ববনম চনমৰ লগত ।

এই ব্যয়বহুল বিয়াখনত উপস্থিত থাকে ছয় হাজাৰতকৈও অধিক অতিথি । কেৱল সিমানেই নহয়, বিয়াখনৰ আন এক মুখ্য আকৰ্ষণ আছিল কেইবাগৰাকীও ৰাছিয়ান সুন্দৰী যুৱতী । বিবাহস্থলীত বিয়াৰ অতিথিসকলৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু আছিল এই ৰাছিয়ান সুন্দৰীকেইগৰাকী ।

হাজাৰ হাজাৰ অতিথিয়ে বিয়াৰ আতিথ্য গ্ৰহণৰ উপৰি ৰাছিয়ান সুন্দৰীকেইগৰাকীক এবাৰ মনভৰি চোৱাৰ লগতে একপি ফটো উঠাৰ বাবেও হেতাওপৰা লগোৱা পৰিলক্ষিত হয় । 'ৱেডিং প্লেনাৰ'ৰ যোগেদি আমন্ত্ৰণ কৰি অনা হৈছিল এইসকল ৰাছিয়ান সুন্দৰী যুৱতীক ।

এককথাত ক'বলৈ গ'লে এই সুন্দৰী যুৱতীকেইগৰাকীক এবাৰ কাষৰ পৰা চোৱাৰ হেঁপাহত যেন বিয়াত খোৱা-বোৱাৰ কথাকেই পাহৰি গৈছিল অভ্যাগত-অতিথিসকলে ! লগতে প্ৰায় পাঁচ কোটিটকীয়া এই বিবাহ অনুষ্ঠানত বিভিন্ন ধৰণৰ সুস্বাদু খাদ্য-সম্ভাৰৰ লগতে দেখা গৈছিল এক বাৰেৰহণীয়া গীত-নৃত্যৰ অনুষ্ঠানো ।

মুঠতে এই বিবাহ অনুষ্ঠান আছিল এক ব্যয়বহুল তথা ব্যতিক্ৰমী অনুষ্ঠান ।

লগতে পঢ়ক :মঞ্চতে কুকুৰাৰ ডিঙি কাটি ৰক্তপান ! অৰুণাচলী শিল্পীৰ বিৰুদ্ধে গোচৰ ৰুজু
লগতে পঢ়ক :শ্ব' মাষ্ট গ' অন ! পিতৃৰ মৃত্যুৰ খবৰ পায়ো মঞ্চত হাঁহি হাঁহি কৰিবলগীয়া হ'ল প্ৰেমৰ দুৰ্দান্ত অভিনয়

ABOUT THE AUTHOR

...view details