অসম

assam

ETV Bharat / state

ডিব্ৰুগড়ৰত কেন্দ্ৰীয়ভাৱে লাচিত দিৱস উদযাপন - LACHIT DIWAS

সমগ্ৰ ৰাজ্যতে লাচিত দিৱস উদযাপন । যথোপযুক্ত সন্মান দিয়াৰ লগতে দেশে-বিদেশে বীৰজনাক পৰিচয় কৰিবলৈ পদক্ষেপ ল’ব ৰাজ্য চৰকাৰে ।

402nd Central Lachit Diwas
ডিব্ৰুগড়ৰ পথালিবামত ৪০২ সংখ্যক কেন্দ্ৰীয় লাচিত দিৱস (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Nov 24, 2024, 10:11 PM IST

মৰাণ :আজি লাচিত দিৱস । জাতীয় বীৰ অসমীয়াৰ সাহসৰ প্ৰতীক মহাবীৰ লাচিত বৰফুকনৰ স্মৃতিত প্ৰতি বছৰে ২৪ নৱেম্বৰ দিনটো লাচিত দিৱস হিচাপে পালন কৰি অহা হৈছে । অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগ আৰু আহোম জাতীয় গণমঞ্চ, অসমৰ যুটীয়া উদ্যোগত ডিব্ৰুগড়ৰ পথালিবামত পানীতোলা গ্ৰাণ্ট মজলীয়া বিদ্যালয় খেলপথাৰত অনুষ্ঠিত হয় ৪০২ সংখ্যক কেন্দ্ৰীয় লাচিত দিৱস ।

এই দিৱস উপলক্ষে পুৱা উলিওৱা বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাত কেইবাটাও সাংস্কৃতিক দলে অংশগ্ৰহণ কৰে । কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা আৰু সাংসদ ৰামেশ্বৰ তেলীয়ে পুৱা মহাবীৰ লাচিত বৰফুকনৰ প্ৰতিচ্ছবিত মাল্যাৰ্পন আৰু বন্তি প্ৰজ্বলন কৰা পিছতে মঞ্চৰ কাৰ্যসূচী আৰম্ভ হয় । বিধায়ক চক্ৰধৰ গগৈয়ে উদ্বোধন কৰা মুকলি সভাখনত সাংস্কৃতিক মন্ত্ৰী বিমল বড়াই মুখ্য অতিথি হিচাপে আৰু মন্ত্ৰী যোগেন মহনে সন্মানীয় অতিথি ৰূপে উপস্থিত থাকে । বিধায়ক তেৰছ গোৱালা, ডিব্ৰুগড় জিলা আয়ুক্ত বিক্ৰম কৈৰী উপস্থিত থকা মুকলি সভাখনত কেইবাগৰাকী জাতি-জনগোষ্ঠীয় নেতাই অংশগ্ৰহণ কৰে ।

ডিব্ৰুগড়ৰ পথালিবামত ৪০২ সংখ্যক কেন্দ্ৰীয় লাচিত দিৱস (ETV Bharat Assam)

এই প্ৰসংগত মন্ত্ৰী বিমল বড়াই কয়, "অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগ আৰু আহোম জাতীয় গণমঞ্চ, অসমৰ যুটীয়া উদ্যোগত খোৱাং সমষ্টিৰ পথালিবামৰ পানীতোলাত এইবাৰ কেন্দ্ৰীয়ভাৱে লাচিত দিৱস অনুষ্ঠিত হয় । মহাবীৰ লাচিত বৰফুকন কেৱল অসমৰ এজন বীৰ বুলি প্ৰতিষ্ঠা কৰিলে ভুল হ'ব কিয়নো তেওঁৰ বীৰত্বত পৰাভূত হৈ সাম্ৰাজ্যবাদী মনোভাৱে যাতে ভৱিষ্যতে শিপাৰ নোৱাৰে তাৰো পথ ৰুদ্ধ হ'ল । সেয়ে অসম চৰকাৰে এই বীৰজনাক যথোপযুক্ত সন্মান দিয়াৰ লগতে দেশে-বিদেশে বীৰজনাক পৰিচয় কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চেষ্টা কৰি আহিছে ।"

মৰাণত আটাছুৰ লাচিত দিৱস

মহাবীৰ লাচিত বৰফুকনৰ ৪০২ সংখ্যক জন্ম জয়ন্তী উপলক্ষে আজি মৰাণত সদৌ টাই আহোম ছাত্ৰ সন্থা চমুকৈ আটাছুৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হয় লাচিত দিৱস ৷ মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগনত আয়োজন কৰা এই কাৰ্যসূচীত আজি উপস্থিত থাকে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, মন্ত্ৰী যোগেন মহন, আটাছুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি মিলন বুঢ়াগোহাঁইকে ধৰি বহুসংখ্যক নেতৃস্থানীয় ব্যক্তি ৷

মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই মহাবীৰ লাচিত বৰফুকনৰ প্ৰতিচ্ছবিত মাল্যাৰ্পন কৰি বীৰজনালৈ শ্ৰদ্ধা নিবেদন কৰে ৷ আনহাতে, লচিত দিৱসৰ লগত সংগতি ৰাখি উলিওৱা বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰাৰ লগতে শোভাযাত্ৰাতো অংশ লয় মন্ত্ৰীগৰাকীয়ে ।

লগতে পঢ়ক:অসমৰ শৌৰ্য বীৰ্যৰ প্ৰতীক বীৰ লাচিতৰ ৪০২ সংখ্য়ক জন্মজয়ন্তী উদযাপন

টীয়কৰ ঐতিহাসিক মৈদামত লাচিত দিৱস উদযাপন; প্ৰশাসনৰ নাই গুৰুত্ব

ABOUT THE AUTHOR

...view details