অসম

assam

ETV Bharat / state

হাঁড় কঁপোৱা শীতত মুকলি আকাশৰ তলত উচ্ছেদিতৰ উচুপনি - PANCHARATNA EVICTION

গোৱালপাৰাৰ পঞ্চৰত্নত প্ৰশাসনৰ উচ্ছেদ অভিযানত গৃহহীন ৪০ টা পৰিয়াল । হাঁড় কঁপোৱা জাৰত কণ কণ শিশুসকলক লৈ মুকলি আকাশৰ তলত গৃহহীন পৰিয়াল ।

40 families rendered homeless in administration's eviction drive at Pancharatna in Goalpara
হাঁড় কঁপোৱা শীতত মুকলি আকাশৰ তলত উচ্ছেদিতৰ উচুপনি (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Dec 13, 2024, 4:32 PM IST

গোৱালপাৰা:এফালে হাঁড় কঁপোৱা জাৰ, আনফালে দৰিদ্ৰ ৰাইজৰ গৃহত চলিছে প্ৰশাসনৰ বুলড'জাৰ । এফালৰ পৰা ভাঙি তচনচ কৰিছে দৰিদ্ৰ জনতাৰ পঁজা । গৃহহীন হৈছে বহু পৰিয়াল । গৃহহীন পৰিয়ালৰ গগন ফলা কান্দোনে প্ৰশাসনৰ বুলড'জাৰৰ গৰ্জন ভেদি চৌপাশৰ বাতাবৰণ আবেগসিক্ত কৰি তুলিছে । এই অমানবীয় দৃশ্য পৰিলক্ষিত হয় গোৱালপাৰাত । বালিজানা ৰাজহ চক্ৰ আৰু বন বিভাগৰ যৌথ উদ্যোগত চলে এই উচ্ছেদ অভিযান ।

আৰক্ষী, চি আৰ পি এফ আৰু অৰ্ধসামৰিক বাহিনীৰ দুই শতাধিক নিৰাপত্তাৰক্ষীৰ কটকটীয়া নিৰাপত্তাৰ মাজত জিলা প্ৰশাসনে চলোৱা এই অভিযানত এফালৰ পৰা ঘৰ-দুৱাৰ, বাৰীৰ গছ-গছনি এক্সকেভেটৰৰ সহায়ত উচ্ছেদ কৰা হয় । নৰজিল কাৰোৰে ওজৰ-আপত্তি । আনকি গুৱাহাটী উচ্চ ন্যায়ালয়ে পঞ্চৰত্নৰ উচ্ছেদ অভিযান সাময়িকভাৱে স্থগিত ৰাখিবলৈ দিয়া নিৰ্দেশনাকো প্ৰদৰ্শন কৰা হ'ল আংগুষ্ঠ ।

হাঁড় কঁপোৱা শীতত মুকলি আকাশৰ তলত উচ্ছেদিতৰ উচুপনি (ETV Bharat Assam)

পঞ্চৰত্ন চৰকাৰী ভুমি তথা ৪৬ নং ৰাজ্যিক ঘাইপথৰ দুয়ো দাঁতিত বিগত পাঁচ দশক ধৰি বেদখল কৰি ঘৰ-দুৱাৰ সাজি বসবাস কৰি অহা মুঠ ৪০ টা গৃহহীন পৰিয়াল প্ৰশাসনৰ উচ্ছেদ অভিযানত পুনৰ গৃহহীন হৈ পৰিছে । চকুৰ সন্মুখতে নিজৰ মৰমৰ ঘৰখন তচনচ কৰাৰ নিদাৰুণ দৃশ্য দেখি উচুপি উঠিল উচ্ছেদিত পৰিয়ালসমূহৰ আবাল-বৃদ্ধ, মহিলাকে ধৰি কণ কণ শিশুসকল । বিগত ৫০/৬০ বছৰে ঘৰ-দুৱাৰ সাজি বসবাস কৰি অহা উচ্ছেদিত পৰিয়ালসকলে কণ কণ ল'ৰা -ছোৱালী আৰু বৃদ্ধ পিতৃ-মাতৃসকলক লৈ এই প্ৰচণ্ড শীতৰ নিশা ক'ত কেনেকৈ কটাব বা ক'লৈ যাব তাৰ চিন্তাত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ।

ইফালে এই উচ্ছেদ অভিযানক অমানৱীয় আখ্যা দিছে আমছুৱে । এই সন্দৰ্ভত জিলা আমছুৰ আঞ্চলিক সভাপতিগৰাকীয়ে কয়, "উচ্ছেদিত পৰিয়ালসকলৰ প্ৰতিজন সদস্যই হৈছে ভাৰতীয় নাগৰিক । কোনো বিকল্প ব্যৱস্থা নকৰি ভাৰতীয় পৰিয়ালসকলক এইদৰে প্ৰচণ্ড ঠাণ্ডাৰ মাজত উচ্ছেদ কৰি আশ্ৰয়হীন কৰাটো চৰম অমানৱীয় । অতি শীঘ্ৰে উচ্ছেদিত ভূমিহীন পৰিয়ালসকলক পুনৰ সংস্থাপনৰ দাবী জনালোঁ ।" অন্যথা জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে সভাপতিগৰাকীয়ে ।

ইফালে সংবাদ মাধ্যমৰ আগত ক্ষোভ উজাৰি উচ্ছেদিত লোকসকলে কয়,"অগপ নেতা আব্দুৰ ৰহিম জিব্ৰানৰ 'লুইত ভিউ ৰিজ'ৰ্ট'খনৰ কাৰণেই দৰিদ্ৰ লোকসকলক উচ্ছেদ কৰা হৈছে । নিজৰ স্বাৰ্থ সিদ্ধিৰ কাৰণেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠ নেতা আব্দুৰ ৰহিম জিব্ৰানে এইসকল লোকক উচ্ছেদ কৰিছে ।"

লগতে পঢ়ক:খেৰণিত ১০ পৰিয়ালক উচ্ছেদ জিলা প্রশাসনৰ - EVICTION IN WEST KARBI ANGLONG

আমাক গুলীয়াই মাৰি পেলাওক, সমাধান একেবাৰেই হৈ যাব ! কোনে, কাক, কিয় ক'লে ? - BURA CHAPORI WILDLIFE SANCTUARY

ABOUT THE AUTHOR

...view details