মৰাণ, 11 মে’ :ৰাইজক 24 ঘন্টাই খবৰ যোগান ধৰি অহা সাংবাদিকে এইবাৰ দখল কৰিছে বাতৰিৰ শিৰোনাম । ধন দাবীৰ গোচৰত গ্ৰেপ্তাৰ হৈছে 3 গৰাকীকৈ সাংবাদিক । ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াত ধন দাবীৰ গোচৰত গ্ৰেপ্তাৰ হৈছে এই তিনিজন সাংবাদিক ।
তেওঁলোক হ’ল এক ব্যক্তিগত চেটেলাইট চেনেল আৰু পৰ্টেলৰ তিনি সাংবাদিক ক্ৰমে উপেন দাস, পৱন গগৈ ওৰফে পৱন তিনিকুৰীয়া আৰু সুব্ৰত লোধ । শুকুৰবাৰৰ নিশা নাহৰকটীয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে এই তিনি সাংবাদিকক ।
উত্থাপিত অভিযোগ অনুসৰি, অনুসূচিত জাতিৰ নামত ভুৱা নথি পত্ৰৰে অইলৰ মেকানিকেল বিভাগত চাকৰি কৰি থকাৰ অভিযোগ উত্থাপন হৈছে এই তিনি সাংবাদিকৰ বিৰুদ্ধে ৷ লগতে নাহৰকটীয়া বালিঘাটৰ জয় কুমাৰ দাস নামৰ এগৰাকী ব্যক্তিক আনন্দ হোটেলৰ এটা ল'জৰ কোঠাত আৱদ্ধ কৰি ভয়-ভাবুকি প্ৰদানেৰে 4,50,000 (চাৰি লাখ পঞ্চাশ হেজাৰ) টকা আদায় কৰিছিল উপেন দাস, পৱন গগৈ আৰু সুব্ৰত লোধ নামৰ এই তিনি সাংবাদিকে ।