ডিমা হাচাও: এক মৃদু ভূমিকম্পই জোকাৰি গৈছে অসমৰ পাহাৰীয়া জিলা ডিমা হাছাওক ৷ শনিবাৰে ডিমা হাছাও ৩.৮ প্ৰাবল্যৰ ভূমিকম্প হয় ৷ ৰাষ্ট্ৰীয় ভূমিকম্প বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে এই তথ্য ।
ৰাষ্ট্ৰীয় ভূমিকম্প বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি, শনিবাৰে নিশা প্ৰায় ১১ বজাত এই ভূমিকম্পটো ডিমা হাছাও অঞ্চলৰ চাৰিওফালে ১০ কিলোমিটাৰ গভীৰতাত কেন্দ্ৰীভূত হৈছিল । সংবাদ সংস্থা ANI ৰ তথ্য মতে, বাতৰি যুগুত কৰা পৰলৈকে পাহাৰীয়া জিলাখনত কোনোধৰণৰ ক্ষয়-ক্ষতিৰ খবৰ লাভ কৰা নাই ৷
‘‘EQ of M: 3.8, On: 23/11/2024 23:05:02 IST, Lat: 25.18 N, Long: 92.80 E, Depth: 10 Km, Location: Dima Hasao, Assam." ৰাষ্ট্ৰীয় ভূমিকম্প বিজ্ঞান কেন্দ্ৰই Xৰ এটা পোষ্টত এইদৰে উল্লেখ কৰে ।
ভূমিকম্পৰ স্থানাংক ২৫.১৮ উত্তৰ অক্ষাংশ আৰু ৯২.৮০ পূব দ্ৰাঘিমাংশ হিচাপে লক্ষ্য কৰা হৈছিল । বিভাগীয় কৰ্তৃপক্ষই সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত নিৰীক্ষণ অব্যাহত ৰাখিছে ৷ সম্ভৱত পৰৱৰ্তী সময়ত এই সন্দৰ্ভত আৰু অধিক তথ্য লাভ কৰিবলৈ সক্ষম হ’ব ৷