গুৱাহাটী, 7 জুলাই: ইণ্টাৰনেটৰ সুবিধা নাই অথচ উপস্থিতি দিব লাগে এপত । সেয়া কেনেকৈ সম্ভৱ ! কিন্তু সম্ভৱ নহ'লেও উপস্থিতি নিদিয়াৰ বাবে দৰমহা বন্ধ ৰখাৰ নিৰ্দেশ দিয়া হ'ল । কিন্তু পাছতহে গম পালে যে, ইণ্টাৰনেটৰ সুবিধা নাই যেতিয়া অনলাইনত কেনেকৈ দিব উপস্থিতি । লগে লগে সলনি কৰা হ'ল নিৰ্দেশ । ইণ্টাৰনেটৰ সুবিধা নথকাসকলক পূৰ্বতে দিয়া নিৰ্দেশৰ পৰা বাহিৰত ৰখা হ'ল । এয়া হৈছে ৰাজ্য চৰকাৰৰ বিয়াগোম শিক্ষা বিভাগৰ কাণ্ড ।
দুদিন পূৰ্বে শিক্ষা বিভাগে চৰকাৰী শিক্ষাসেতু এপত এদিনৰো উপস্থিতি নিদিয়া 33 খন জিলাৰ 4,907 গৰাকী শিক্ষকৰ দৰমহা বন্ধ ৰখাৰ নিৰ্দেশ দিছিল । কিন্তু এতিয়া সেই নিৰ্দেশৰ পৰা আঠখন জিলাৰ 269 খন বিদ্যালয়ক ৰেহাই দিয়া হৈছে । কাৰণ এই 269 খন বিদ্যালয়ত নাই ইণ্টাৰনেট সংযোগ । এইসকল শিক্ষকে অনলাইনযোগে শিক্ষাসেতু এপত কিয় উপস্থিতি দিয়া নাই, তাৰ কাৰণ উদঘাটন কৰাৰ পূৰ্বেই শিক্ষা বিভাগে দৰমহা বন্ধৰ নিৰ্দেশ দিছিল ।
লগতে পঢ়ক:সময় মানি নচলিলে বিপদ : দুদিন ১৫ মিনিট পলম হ’লেই ছুটী কৰ্তন হ’ব বিদ্যালয়ৰ শিক্ষকৰ - SHIKSHA SETU AXOM
এই ঘোষণাৰ পিছতহে তত আহিল বিভাগৰ ৷ বিভাগে যেতিয়া গম পালে এইকেইখন বিদ্যালয়ত ইণ্টাৰনেটৰ সুবিধাই নাই, তেতিয়াহে সলনি কৰিলে নিৰ্দেশনা । ইণ্টাৰনেট সংযোগ নথকা 8 খন জিলাৰ 269 খন বিদ্যালয়ৰ শিক্ষকলৈ বিশেষ নিৰ্দেশনা জাৰি কৰিলে শিক্ষা বিভাগে ৷ নিৰ্দেশনা অনুসৰি ইণ্টাৰনেটৰ সংযোগ নথকা বিদ্যালয়সমূহৰ শিক্ষকসকলে এতিয়াৰে পৰা শিক্ষাসেতু এপত উপস্থিতি নিদিলেও হ'ব । ইয়াৰ বিপৰীতে তেওঁলোকে অফলাইনযোগে দিব লাগিব উপস্থিতি ।
বিদ্যালয়লৈ আহি অফলাইনযোগে উপস্থিতি দিলেই হ'ব । ইণ্টাৰনেট সংযোগ নথকা 269 খন বিদ্যালয় থকা ৰাজ্যৰ আঠখন জিলা হৈছে ক্ৰমে- কামৰূপ(ম), ডিমা হাছাও, গোৱালপাৰা, কাছাৰ, কামৰূপ, কাৰ্বি আংলং, কোকৰাঝাৰ আৰু শোণিতপুৰ ৷ লক্ষণীয়ভাৱে, কামৰূপ(ম) জিলাতে ইণ্টাৰনেট সংযোগ নথকা প্ৰায় দহখন বিদ্যালয় আছে ।
উল্লেখ্য যে, ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে প্ৰৱৰ্তন কৰা শিক্ষাসেতু এপত শিক্ষকসকলে উপস্থিতি দিয়াটো বাধ্যতামূলক । কিন্তু উপস্থিতি দিয়াটো বাধ্যতামূলক কৰাৰ পূৰ্বে বিদ্যালয়সমূহত সেই আন্তঃগাঁথনি নাইবা সেই সুবিধা আছে নে নাই, সেয়া চালি-জাৰি চোৱা হোৱা নাছিল । তাৰেই এই প্ৰমাণ এইকেইখন বিদ্যালয় । হয়টো চালি-জাৰি চালে আন কেতবোৰ অসুবিধাৰ কথাও পোহৰলৈ আহিব ।