অসম

assam

ETV Bharat / state

কাজিৰঙাত নতুন সংযোজন : ২০ খন ৰাবাৰ ব’টেৰে নিৰীক্ষণ কৰিব চোৰাং চিকাৰ-বেদখল - Kaziranga National Park - KAZIRANGA NATIONAL PARK

New boats to Kaziranga : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু টাইগাৰ ৰিজার্ভক আউট ব'ৰ্ড মটৰযুক্ত ২০ খন ইনফ্লেটেবল ৰবৰ নাও প্ৰদান ৷ বন্যপ্ৰাণীৰ উদ্ধাৰ আৰু সাহায্যৰ কামত ব্যৱহৃত হ’ব নাওকেইখন ৷

New boats to Kaziranga
কাজিৰঙালৈ ২০ খন ৰাবাৰ ব’ট মুখ্যমন্ত্ৰীৰ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Aug 7, 2024, 10:43 PM IST

কাজিৰঙা, ৭ আগষ্ট : বাগৰি বনাঞ্চলিক বিষয়াৰ কাৰ্যালয় চৌহদত আজি আয়োজিত এক অনুষ্ঠানত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু টাইগাৰ ৰিজাৰ্ভলৈ আউট ব’ৰ্ড মটৰযুক্ত ২০ খন ইনফ্লেটেবল ৰবৰ নাও প্ৰদান কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

কাজিৰঙালৈ ২০ খন ৰাবাৰ ব’ট মুখ্যমন্ত্ৰীৰ (ETV Bharat Assam)

উল্লেখ্য যে ৰাষ্ট্ৰীয় উদ্যান আৰু টাইগাৰ ৰিজাৰ্ভৰ বিভিন্ন বিষয় সামৰি কাজিৰঙাত কিছুদিন পূৰ্বে অনুষ্ঠিত বৈঠকৰ সিদ্ধান্ত মৰ্মে বন্যপ্ৰাণীৰ উদ্ধাৰ আৰু সাহায্যৰ কামত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ব্যৱহাৰ কৰিব পৰাকৈ ২০ খন ৰবৰৰ নাও প্ৰদানৰ সিদ্ধান্ত লোৱা হৈছিল । সেই সিদ্ধান্ত অনুসৰি মুখ্যমন্ত্ৰীয়ে আজি ৰাষ্ট্ৰীয় উদ্যান কর্তৃপক্ষক আনুষ্ঠানিকভাৱে নাওকেইখন প্ৰদান কৰে ।

ইয়াৰ পিচত সাংবাদিকৰ সৈতে হোৱা কথোপকথনৰ সময়ত মুখ্যমন্ত্ৰীয়ে কয়, ‘‘কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু টাইগাৰ ৰিজাৰ্ভত ২০ খন সুসজ্জিত নাও সংযোজন কৰাটো অতিশয় গুৰুত্বপূৰ্ণ পদক্ষেপ । এই নাওসমূহ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু টাইগাৰ ৰিজাৰ্ভত বন্যপ্ৰাণী উদ্ধাৰ অভিযানত যথেষ্ট পৰিমাণে সহায়ক হ’ব । মুখ্যমন্ত্ৰীয়ে লগতে কয়, ‘‘ বানৰ ফলত জীৱ-জন্তুৰ মৃত্যু হ’লেও ৰাষ্ট্ৰীয় ঘাইপথত যান-বাহন চলাচলৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰাৰ ফলত গাড়ীৰ খুন্দাত জীৱ-জন্তুৰ মৃত্যু হোৱাৰ সংখ্যা একেবাৰে কম আছিল ।’’ এইক্ষেত্ৰত ৰাইজে সহায়-সহযোগিতা আগবঢ়োৱাৰ বাবেও মুখ্যমন্ত্ৰীয়ে জনসাধাৰণক ধন্যবাদ জ্ঞাপন কৰে ।

তেওঁ কয় যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক গৰাখহনীয়াৰ কৱলৰ পৰা মুক্ত কৰাৰ বাবে জলসম্পদ বিভাগে এক বৃহৎ আঁচনি প্ৰস্তুত কৰিছে । মুখ্যমন্ত্ৰীয়ে আশাপ্ৰকাশ কৰি কয় যে এই আঁচনিখন অতি সোনকালে ৰূপায়ণ কৰিব পৰা যাব ।

আজিৰ এই অনুষ্ঠানত পৰিৱেশ আৰু বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, পৰিবহণ মন্ত্ৰী কেশৱ মহন্ত, বিশেষ মুখ্য সচিব (বন) এম কে যাদৱ, প্ৰধান মুখ্য বন সংৰক্ষক আৰ পি সিং, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক সোণালী ঘোষ, জিলা আযুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ প্ৰমুখ্যে শীর্ষ বিষয়াসকল উপস্থিত থাকে ৷

লগতে পঢ়ক :কলং বোৱতী প্ৰকল্পৰ বাবে দুই-তিনি বছৰ সময় লাগিব : মুখ্যমন্ত্ৰী

ABOUT THE AUTHOR

...view details