গুৱাহাটী, ৩০ জানুৱাৰী :বৰ্তমান চৰ্চাত থকা এই কিশোৰজন হৈছে শ্যাম মজুমদাৰ ৷ বন্যপ্ৰাণী বিশেষকৈ বাটৰ কুকুৰ আৰু সাপ সংৰক্ষণৰ বাবেই শ্যাম মজুমদাৰে ভাৰতৰ ৰাষ্ট্ৰপতিৰ পৰা প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ লাভ কৰি প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে । গুৱাহাটীৰ পাণ্ডুৰ শংকৰ নগৰৰ স্নেহাশিষ মজুমদাৰ আৰু ঝুমা মজুমদাৰৰ সন্তান শ্যামে অতি কম বয়সতে লাভ কৰিছে ভাৰতৰ আটাইতকৈ কম বয়সীয়া সাপ উদ্ধাৰকাৰীৰ স্বীকৃতি ।
বাটৰ কুকুৰক নিৰাপত্তা দিয়া আৰু প্ৰতিপালনৰ ক্ষেত্ৰত শ্যামে বিশেষ পাৰদৰ্শিতা প্ৰদৰ্শন কৰি আহিছে ৷ গুৱাহাটীৰ শিলপুখুৰীৰ মহৰ্ষি বিদ্যা মন্দিৰত অধ্যয়নৰত শ্যাম হৈছে দশম শ্ৰেণীৰ ছাত্ৰ । এইবেলি ক’লা আৰু সংস্কৃতি, সাহসিকতা, উদ্ভাৱন, সমাজ সেৱা আৰু ক্ৰীড়াৰ ক্ষেত্ৰত প্ৰদৰ্শন কৰা অসাধাৰণ সাফল্যৰ বাবে ১৯ টি শিশুক এই পুৰস্কাৰেৰে সন্মানিত কৰা হৈছে ।
ইয়াৰে ভিতৰত আছে ৯ গৰাকী ল'ৰা আৰু ১০ গৰাকী ছোৱালী । তাৰে ভিতৰত শ্যাম অন্যতম । শ্যাম মজুমদাৰেই হৈছে অসমৰ একমাত্ৰ ছাত্ৰ, যিয়ে এই বছৰ এই পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ বাসগৃহত শ্যামৰ লগতে প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ প্ৰাপকসকলৰ সৈতে মত বিনিময়ো কৰিছিল ।
মহিলা আৰু শিশু বিকাশ মন্ত্ৰী স্মৃতি ইৰাণীও উপস্থিত আছিল এই অনুষ্ঠানত । এই পুৰস্কাৰ পোৱা প্ৰতিজন বঁটা প্ৰাপকক এখন পদক, এখন প্ৰমাণপত্ৰ আৰু একোখনকৈ প্ৰমাণপত্ৰ পুস্তিকা প্ৰদান কৰা হয় । দেৰিকৈ হ'লেও তেওঁৰ কামৰ স্বীকৃতি পোৱাত স্বাভাবিকতে আনন্দিত শ্যাম ৷ এইক্ষেত্ৰত তেওঁক পিতৃ-মাতৃয়েও অৱশ্যে যথেষ্ঠ সহযোগ কৰি আহিছে ।