যোৰহাট, 24 জুলাই:এগৰাকী 14 বছৰীয়া বনকৰা কিশোৰীৰ ৰহস্যজনক মৃত্যুৱে জোকাৰিছে যোৰহাট ৷ এই ঘটনা সংঘটিত হৈছে যোৰহাটৰ ক্লাৱ ৰোডৰ সূৰুজ নগৰৰ দম্পতী বন্দনা কলিতা বৰা আৰু ত্ৰিনয়ন বৰাৰ ঘৰত ৷
প্ৰাপ্ত তথ্য অনুসৰি, শিশু আৰু কিশোৰ শ্ৰম(প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ) আইন 1986 ক আওকাণ কৰি দম্পতীটোৱে মৰিয়নীৰ নিউ সোণোৱালৰ চাহ জনগোষ্ঠীৰ এগৰাকী 14 বছৰীয়া কিশোৰীক নিজ ঘৰত বনকৰা শ্ৰমিক হিচাপে দীৰ্ঘদিনৰে পৰা ৰাখি আহিছিল ৷ কিশোৰীগৰাকীয়ে দম্পতীটোৰ ঘৰত থাকি ভাল নোপোৱা বুলি বাৰে বাৰে অৱগত কৰি আহিছিল পৰিয়ালক ৷ তদুপৰি দম্পতীটোৰ ঘৰৰ পৰা নিজঘৰলৈ নিয়াৰ বাবে পৰিয়ালৰ লোকক বাৰম্বাৰ কিশোৰীগৰাকীয়ে হেঁচা প্ৰয়োগ কৰি আহিছিল ৷
লগতে পঢ়ক:দুলীয়াজানত বনকৰা যুৱতীৰ ৰহস্যজনক আত্মহত্যা, আৰক্ষীৰ তদন্ত আৰম্ভ
বিগত সোমবাৰেও মাতৃলৈ ফোনযোগে অনুৰূপ অনুৰোধ জনাইছিল কিশোৰীগৰাকীয়ে ৷ কিশোৰীগৰাকীৰ অনুৰোধমৰ্মে মাতৃয়ে একাংশ আত্মীয়ৰ সৈতে মঙলবাৰে উপস্থিত হয় ত্ৰিনয়ন বৰাৰ বাসগৃহত ৷ পিছে তাত উপস্থিত হৈ প্ৰত্যক্ষ কৰে এখন বিপৰীত ছবি ৷ কাৰণ পৰিয়ালবৰ্গই জানিব পাৰে যে, ইতিমধ্যে কিশোৰীগৰাকীয়ে আত্মহত্যা কৰিছে ৷ যি কথা শুনি মূৰত সৰগ ভাগি পৰে কিশোৰীগৰাকীৰ পৰিয়ালৰ ৷