গুৱাহাটী, ২ অক্টোবৰ:পুনৰ অসম আৰক্ষীয়ে আটক কৰিলে বাংলাদেশী অনুপ্ৰৱেশকাৰী । বাংলাদেশত শ্বেখ হাছিনা চৰকাৰৰ পতনৰ পাছতে সীমান্তত নিৰাপত্তা ব্যৱস্থা আৰু অধিক কটকটীয়া কৰি তোলা হৈছে । মঙলবাৰৰ নিশাও বাংলাদেশীৰ অনুপ্রৱেশ ৰোধত অসম আৰক্ষীয়ে আন এক সফলতা লাভ কৰে । নিশা অসম আৰক্ষীয়ে গোপন সূত্রৰ ভিত্তিত অভিযান চলাই দক্ষিণ শালমাৰা আৰু কৰিমগঞ্জৰ পৰা ১৪ জনকৈ বাংলাদেশী অনুপ্রৱেশকাৰীক আটক কৰে ।
লক্ষণীয় বিষয় যে তেওঁলোকৰ ভিতৰত ৯ জনৰে হাতত ভাৰতীয় আধাৰ কার্ড পোৱা গৈছিল । আৰক্ষীয়ে আটক কৰা অনুপ্রৱেশকাৰীকেইটা হৈছে ক্ৰমে আৰিফুল ইছলাম, মনিৰ হুছেইন, মোফাজল হুছেইন, আব্যাদুল্লাহ হাছান, মিজানুৰ ৰহমান, আশ্রাফুল ইছলাম, মাণিক মিঞা, নৱী হুছেইন, ৱালিউল উল্লাহ, হজৰত আলী, ছফিকুল ইছলাম, ইলান্দ ফুৰকান আলী, মমিনুল হক আৰু আনোৱাৰ হুছেইন ।
লগতে পঢ়ক:সীমান্তৰ পৰা শিশুসহ ১৭ বাংলাদেশীক ওভতাই পঠিয়ালে অসম আৰক্ষীয়ে
এই সন্দৰ্ভত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে সামাজিক মাধ্যমযোগে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে । অসম আৰক্ষীৰ এই সফলতাৰ বাবে অভিনন্দন জনাই মুখ্যমন্ত্রীয়ে কয়, "অসম আৰক্ষীৰ নিৰন্তৰ প্রচেষ্টাৰ শলাগ লৈ আপোনালোকক জনাবলৈ বিচাৰো যে বাংলাদেশত উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ উদ্ভৱ হোৱাৰ পাছৰে পৰা আমি কঠোৰ সতৰ্কতা বর্তাই ৰখাৰ ফলশ্রুতিত এই সময়ছোৱালৈকে ১০৮গৰাকী অনুপ্ৰৱেশকাৰীক আটক কৰা হৈছে ।"