বাইহাটা:আই আই টি গুৱাহাটীত আজিৰে পৰা আৰম্ভ হৈছে ভাৰত আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান মহোৎসৱ ২০২৪ ৰ দশম সংস্কৰণ । বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়ৰ তত্বাৱধানত আৰু বিশ্ব বিজ্ঞান মন্ত্ৰালয়ৰ সহযোগত অহা ৩ ডিচেম্বৰলৈ চলিব এই বিজ্ঞান মহোৎসৱ । বৈজ্ঞানিক আৰু ঔদ্যোগিক গৱেষণা পৰিষদে আয়োজন কৰা এই অনুষ্ঠানটি ভাৰতৰ বৈজ্ঞানিক আৰু প্ৰযুক্তিগত পৰিৱেশৰ এক গুৰুত্বপূৰ্ণ অনুষ্ঠান হিচাবে পৰিগণিত হ'ব ।
"পাৰমাণৱিক শক্তি বিভাগ, মহাকাশ বিভাগ, আই আই টি গুৱাহাটী আৰু বিজ্ঞান ভাৰতীয়েও ইয়াত সহযোগিতা আগবঢ়াই ভাৰতক গ্ল’বেল মেনুফেকচাৰিং হাবলৈ ৰূপান্তৰিত কৰা” শীৰ্ষক বিষয়বস্তুৰে আয়োজন কৰা আইআইএছএফ ২০২৪ উত্তৰ-পূবত আয়োজিত প্ৰথম সংস্কৰণ হ'ব আৰু এই অনুষ্ঠানে বিজ্ঞান-প্ৰযুক্তিৰ প্ৰসাৰৰ ক্ষেত্ৰত এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে চিহ্নিত হ'ব বুলি আশা কৰা হৈছে ।
এই অনুষ্ঠানে অপ্ৰতিনিধিত্বশীল অঞ্চলসমূহলৈ বিজ্ঞান আৰু উদ্ভাৱনক সম্প্ৰসাৰিত কৰিবলৈ ভাৰত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ বিষয়ে বিশেষভাৱে আলোকপাত কৰিব । ইতিমধ্যে আই আই টি গুৱাহাটীত গঢ়ি তোলা হৈছে চাৰিখন কৈ চাইন্স ভিলেজ । প্ৰতিখন চাইন্স ভিলেজত দেশৰ ভিন্ন প্ৰান্তৰ ৬০০ কৈ মুঠ ২৪০০ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে । তদুপৰি গুৱাহাটী মহানগৰীৰ আশে পাশে থকা ভিন্ন শিক্ষানুষ্ঠানৰ প্ৰতিদিনে ৬০০ গৰাকী কৈ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিব প্ৰতিখন চাইন্স ভিলেজত ।
উক্ত অনুষ্ঠানত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কয়,"আমাৰ ছাত্ৰ-ছাত্ৰীসকলক অনুৰোধ কৰিম আজি আমাৰ ভাৰত চৰকাৰৰ উদ্যোগত ইয়াতে চাৰিদিন একেলগে আই আই টি গুৱাহাটীত থাকিব পাৰিম । ইয়াৰ উপৰি প্ৰতিদিনে নতুন নতুন ছাত্ৰ-ছাত্ৰীসকল আমাৰ ইয়ালৈ আহিব । ১২০০০ ছাত্ৰ-ছাত্ৰী এই চাৰিদিন বিজ্ঞান মেলাত যোগ দিবৰ বাবে ইয়ালৈ আহিব । দেশৰ আটাইতকৈ ডাঙৰ বিজ্ঞানীসকল ইয়াত আছে । আমাৰ যি অনুসন্ধিৎসু মন আছে তাক আমি আগুৱাই লৈ যাব খোজো, আটাইকেদিন যদি আমি ইয়াত জড়িত হ'ব পাৰোঁ তেন্তে আমি বহুত উপকৃত হ'ব পাৰিম ।"