অসম

assam

ETV Bharat / sports

ছাইম আয়ুবৰ ধুমুহা; শ্বাহিদ আফ্ৰিদীৰ 14 বছৰীয়া অভিলেখৰ সৈতে সমতা স্থাপন

পাকিস্তানৰ হৈ সৰ্বাধিক দ্ৰুত এদিনীয়া শতক অৰ্জন কৰাৰ তালিকাৰ শীৰ্ষত আছে শ্বাহিদ আফ্ৰিদী । আফ্ৰিদীৰ সৈতে এই তালিকাত যুটীয়াভাৱে তৃতীয় স্থান ছাইম আয়ুবৰ ৷

ZIM VS PAK ODI SERIES 2024
ছাইম আয়ুব (AFP PHOTO)

By ETV Bharat Sports Team

Published : Nov 27, 2024, 5:40 PM IST

স্প’ৰ্টছ ডেস্ক:মঙলবাৰে কুইন্স স্প’ৰ্টছ ক্লাবত অনুষ্ঠিত দ্বিতীয়খন এদিনীয়াত পাকিস্তানে জিম্বাব’ৱেক 10 উইকেটত পৰাস্ত কৰে ৷ সমান্তৰালকৈ তিনিখন মেচৰ এই শৃংখলাটোত 1-1 ত সমতা স্থাপন কৰে দলটোৱে ৷ এই মেচখনতে পাকিস্তানৰ হৈ ছাইম আয়ুবে অৰ্জন কৰে দ্ৰুত শতক ৷

শ্বাহিদ আফ্ৰিদীৰ অভিলেখৰ সৈতে সমতা স্থাপন ছাইম আয়ুবৰ

মঙলবাৰৰ মেচখনত 62 টা বলত 113 ৰাণ সংগ্ৰহ কৰি পাকিস্তানৰ হৈ সৰ্বাধিক দ্ৰুত এদিনীয়া শতক অৰ্জন কৰাৰ অভিলেখ গঢ়ে ছাইম আয়ুবে । মাত্ৰ 53 টা বলত শতক অৰ্জন কৰি আয়ুবে পাকিস্তানৰ হৈ তৃতীয় দ্ৰুততম শতক অৰ্জনকাৰীত পৰিণত হয় ৷

37, 45 আৰু 53 টা বলত শতক অৰ্জন কৰি পাকিস্তানৰ হৈ সৰ্বাধিক দ্ৰুত এদিনীয়া শতক অৰ্জন কৰাৰ ক্ষেত্ৰত শীৰ্ষস্থানত আছে শ্বাহিদ আফ্ৰিদীৰ নাম । আফ্ৰিদীয়ে দুবাৰকৈ এই কৃতিত্ব অৰ্জন কৰিছিল ৷ 1996 চনত নাইৰোবিত শ্ৰীলংকাৰ বিৰুদ্ধে আৰু 2005 চনত কানপুৰত ভাৰতৰ বিৰুদ্ধে দ্ৰুত শতক অৰ্জন কৰিছিল খেলুৱৈগৰাকীয়ে ।

ক্ৰিজত বেটিং কৰাৰ সময়তে আয়ুবে জিম্বাব’ৱেৰ বলাৰসকলক দিশহাৰা কৰি তোলে ৷ বাওঁহতীয়া বেটছমেনগৰাকীয়ে 17 টা চাৰি আৰু 3 টা ছয়ৰ সহায়ত শতকীয় ইনিংছটো সজায় ৷ যাৰ বাবে পাকিস্তানে কোনো উইকেট অবিহনেই 18.2 অভাৰত 146 ৰাণৰ লক্ষ্যত উপনীত হয় ।

বেটছমেন বল বিপক্ষৰ দল
শ্বাহিদ আফ্ৰিদী 37 শ্ৰীলংকা
শ্বাহিদ আফ্ৰিদী 45 ভাৰত
শ্বাহিদ আফ্ৰিদী 53 বাংলাদেশ
ছেম আয়ুব 53 জিম্বাব’ৱে

শতক অৰ্জন কৰাৰ অভিলেখ আছে ছাইম আয়ুবৰ নামত

পাকিস্তানে জিম্বাব’ৱেক 10 উইকেটত পৰাস্ত কৰি শৃংখলাত সমতা স্থাপন কৰাৰ লগতে এক অদ্ভুত অভিলেখ গঢ়িবলৈ সক্ষম হয় । আয়ুবে 148 ৰাণৰ লক্ষ্য অনুসৰণ কৰি শতক অৰ্জন কৰাৰ লগতে আন এক অভিলেখৰো গৰাকী হয়, যি অভিলেখ পূৰ্বে আছিল স্কটলেণ্ডৰ নামত ৷ দলটোৱে 2022-23 চনত নামিবিয়াৰ বিৰুদ্ধে কোনো উইকেট অবিহনে সংগ্ৰহ কৰিছিল 157 ৰাণ, য’ত দলটোৰ হৈ জৰ্জ মুনছেই শতক অৰ্জন কৰিছিল ।

জিম্বাব’ৱেৰ বেটছমেনসকলে বিপক্ষৰ বলাৰৰ সন্মুখত দিশহাৰা হৈ পৰিছিল ৷ টছত জিকি দলটোৱে প্ৰথমে বেটিং কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰি 145 ৰাণহে সংগ্ৰহ কৰে ৷ পাকিস্তানৰ হৈ আব্ৰাৰ আহমেদে 4 টা আৰু আঘা ছলমানে নিজৰ বিধ্বংসী স্পেলৰ সহায়ত 3 টা উইকেট দখল কৰে ৷

পাকিস্তানৰ বেটছমেনসকলে 18.2 অভাৰত সংগ্ৰহ কৰে 148 ৰাণ ৷ দলটোৰ হৈ ছাইম আয়ুবে অপৰাজিত 113 ৰাণ সংগ্ৰহ কৰাৰ বিপৰীতে ছফিকে 48 টা বলত 4 টা চাৰিৰ সহায়ত অপৰাজিত 32 ৰাণ সংগ্ৰহ কৰে ৷

এই শৃংখলাৰ প্ৰথমখন মেচত জিম্বাব’ৱে পাকিস্তানৰ বিৰুদ্ধে 80 ৰাণত জয়লাভ কৰিছিল । বৃহস্পতিবাৰে একেখন খেলপথাৰতে অনুষ্ঠিত হ’ব শৃংখলাৰ অন্তিম তথা নিৰ্ণায়ক মেচখন ।

লগতে পঢ়ক:জয় শ্বাহে কাৰ্যভাৰ চম্ভালাৰ দুদিন পূৰ্বে পাকিস্তানত বৃহৎ আঘাত হনাৰ সম্ভাৱনা

ABOUT THE AUTHOR

...view details