অসম

assam

ETV Bharat / sports

হাৰ্দিকৰ পিছত এইবাৰ এইগৰাকী ভাৰতীয় ক্ৰিকেটাৰে সিদ্ধান্ত লৈছে বিবাহ-বিচ্ছেদৰ ! - CRICKETERS DIVORCE

বৈবাহিক সম্পৰ্কৰ বাবেই শিৰোনামত এগৰাকী ভাৰতীয় তাৰকা স্পিনাৰ । ছ’চিয়েল মিডিয়াত ইজনে-সিজনক কৰিছে আনফ’ল’ ৷

Cricketer’s Divorce
টীম ইণ্ডিয়া (IANS PHOTO)

By ETV Bharat Assamese Team

Published : Jan 4, 2025, 10:39 PM IST

হায়দৰাবাদ:ভাৰতীয় ক্ৰিকেটাৰ হাৰ্দিক পাণ্ডিয়াৰ পাচত আন এজন ভাৰতীয় ক্ৰিকেটাৰৰ বিবাহ-বিচ্ছেদক ​​লৈ জল্পনা-কল্পনা আৰম্ভ হৈছে । বৰোদাৰ অল ৰাউণ্ডাৰগৰাকীয়ে ২০২৪ চনত ছাৰ্বিয়ান অভিনেত্ৰী নাটাছা ষ্টেনকভিচৰ পৰা বিচ্ছেদৰ কথা ঘোষণা কৰিছিল । ইয়াৰ পাচত ভাৰতীয় স্পিনাৰ যুজবেন্দ্ৰ চাহাল আৰু অভিনেত্ৰী পত্নী ধনশ্ৰী বৰ্মাৰ বিবাহ-বিচ্ছেদৰ বাতৰিয়ে বিশেষ চৰ্চা লাভ কৰিছে ৷

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি দুয়োজনে ছ’চিয়েল মিডিয়া এপ ইনষ্টাগ্ৰামত ইজনে-সিজনক আনফ’ল’ কৰিছে আৰু যুজবেন্দ্ৰ চাহালে তেওঁৰ ছ’চিয়েল মিডিয়া একাউণ্টৰ পৰা পত্নীৰ সৈতে থকা সকলো ফটো ডিলিট কৰিছে ৷ কিন্তু তেওঁৰ পত্নীয়ে কেৱল স্বামীক আনফ’ল’হে কৰিছে, তেওঁ এতিয়ালৈকে দুয়োৰে ফটো ডিলিট কৰা নাই ।

যুজবেন্দ্ৰ চাহাল আৰু ধনশ্ৰী বৰ্মাৰ বিবাহ বিচ্ছেদৰ বাতৰি কেনেকৈ আৰম্ভ হৈছিল:

টাইমছ অৱ ইণ্ডিয়াৰ প্ৰতিবেদন অনুসৰি তেওঁলোকৰ মাজত বিবাহ-বিচ্ছেদৰ বাতৰি সঁচা । সূত্ৰই জনোৱা মতে, দুয়োৰে মাজত বিচ্ছেদ হোৱাৰ সঠিক কাৰণ এই মুহূৰ্তত জানিব পৰা হোৱা নাই যদিও দুয়োজনে পৃথক হৈ জীৱনত আগবাঢ়ি যোৱাৰ সিদ্ধান্ত লৈছে । এই সন্দৰ্ভত অৱশ্যে এতিয়াও কোনো আনুষ্ঠানিক বিবৃতি দিয়া নাই যুজবেন্দ্ৰ চাহাল আৰু ধনশ্ৰী বৰ্মাই ।

উল্লেখ্য যে, ২০২০ চনৰ ডিচেম্বৰ মাহত যুজবেন্দ্ৰ চাহাল আৰু ধনশ্ৰী বৰ্মাৰ বিবাহপাশত আৱদ্ধ হৈছিল । বিবাহৰ প্ৰায় ৩ বছৰৰ পাচত অৰ্থাৎ ২০২৩ চনত ধনশ্ৰীয়ে নিজৰ ইনষ্টাগ্ৰাম হেণ্ডেলৰ পৰা ‘চাহাল’ উপাধিটো আঁতৰোৱাত তেওঁলোকৰ বিবাহ বিচ্ছেদৰ গুজৱ আৰম্ভ হৈছিল । প্ৰায় একে সময়তে যুজবেন্দ্ৰই এটা ৰহস্যময় পোষ্ট শ্বেয়াৰ কৰিছিল য'ত লিখা আছিল, "এটা নতুন জীৱন আৰম্ভ হৈছে," যিয়ে এই জল্পনা-কল্পনাক আৰু অধিক ইন্ধন যোগাইছিল । অৱশ্যে সেই সময়ত যুজবেন্দ্ৰই এই বাতৰি খাৰিজ কৰিছিল ৷

যুজবেন্দ্ৰ চাহাল আৰু ধনশ্ৰী ভাৰ্মাৰ প্ৰেম কাহিনী:

ভাৰতী টেলিভিছন শ্ব' 'ঝলক দিখলা ঝা ১১'ত ধনশ্ৰীয়ে কৈছিল তেওঁ চাহালক কেনেকৈ লগ পাইছিল ? তেওঁ কয়, "লকডাউনৰ সময়ত ক্ৰিকেটাৰসকল মেচ নথকাত হতাশ হৈ পৰিছিল । এদিন মোৰ ভিডিঅ’বোৰ চাই যুজীয়ে সিদ্ধান্ত ল’লে যে তেওঁ নৃত্য শিকিব বিচাৰে । তেওঁ মোৰ লগত যোগাযোগ কৰে আৰু তাৰ পিছত মই তেওঁক শিকাবলৈ মান্তি হ’লোঁ ।

লগতে পঢ়ক:ছিডনীত ইতিহাস সৃষ্টি ঋষভ পন্তৰ, কিন্তু পুনৰ ব্যৰ্থ ভাৰতৰ তাৰকাখচিত বেটিং

ABOUT THE AUTHOR

...view details