নতুন দিল্লী:খবৰ অনুসৰি য়ুজবেন্দ্ৰ চাহাল আৰু ধনশ্ৰী বাৰ্মাৰ ঘটিছে বিবাহ বিচ্ছেদ ৷ দুয়োজনে পাৰস্পৰিক সন্মতিৰে বিবাহ বিচ্ছেদৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । যোৱা কেইমাহমানৰ পৰা ছ’চিয়েল মিডিয়াত তেওঁলোকৰ বিবাহ বিচ্ছেদৰ খবৰ প্ৰকাশ পাইছিল ৷
শেহতীয়াকৈ দুয়োজনে নিজৰ নিজৰ ছ’চিয়েল মিডিয়া হেণ্ডেলত বিবাহ বিচ্ছেদৰ ইংগিত দি শ্বেয়াৰ কৰিছে পোষ্ট ।
য়ুজবেন্দ্ৰ চাহাল আৰু ধনশ্ৰী বাৰ্মাৰ বিবাহ বিচ্ছেদ
অৱশ্যে দুয়োগৰাকীয়ে এই সন্দৰ্ভত কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা নাই ৷ খবৰ অনুসৰি, বৃহস্পতিবাৰে চূড়ান্ত শুনানি আৰু দম্পতীটোৰ গোচৰৰ সৈতে জড়িত সকলো প্ৰয়োজনীয় আনুষ্ঠানিকতা সম্পূৰ্ণ হয় ।
শুনানিৰ সময়ত দুয়োজনেই তাত উপস্থিত আছিল । প্ৰতিবেদন অনুসৰি ৪৫ মিনিটৰ শুনানি চলিছিল আৰু ন্যায়াধীশে দম্পতীটোক কাউন্সেলিঙৰ পথ বাছি ল’বলৈ পৰামৰ্শ দিছিল ।
কিন্তু দুয়োজনে এই সিদ্ধান্তত একমত নহৈ পাৰস্পৰিক সন্মতিৰে পৃথক হোৱাৰ সিদ্ধান্ত লয় । চাহালে তেওঁৰ সংগীক জীৱিকা হিচাপে ৬০ লাখ টকা দিব লাগিব বুলি অনুমান কৰা হৈছে ।
অৱশেষত ন্যায়াধীশে দুয়োজনে পাৰস্পৰিক সন্মতিৰে পৃথক হ’ব বিচাৰে বুলি প্ৰকাশ কৰে । চূড়ান্ত শুনানিৰ পূৰ্বে নিজৰ ছ’চিয়েল মিডিয়া হেণ্ডেলত এটা পোষ্ট শ্বেয়াৰ কৰিছিল চাহালে ।
বিচ্ছেদ হোৱাৰ পিছত দুয়োজনে শ্বেয়াৰ কৰিলে পোষ্ট
চাহালে নিজৰ পোষ্টটোত এনেদৰে লিখিছিল, ‘‘ভগৱানে মোক কিমানবাৰ ৰক্ষা কৰিছে, মই গণনাও কৰিব নোৱাৰো । গতিকে এই বিষয়ে গম নোপোৱাকৈয়ে মই কিমানবাৰ ৰক্ষা পৰিছো সেয়া কল্পনা কৰিব পাৰিছো । প্ৰভু, মই নাজানিলেও সদায় মোৰ লগত থকাৰ বাবে ধন্যবাদ । আমিন’’ ৷
ধনশ্ৰীয়ে নিজৰ ইনষ্টাগ্ৰাম হেণ্ডেলত নিজৰ বিশ্বাসৰ বিষয়ে এটা পোষ্ট শ্বেয়াৰ কৰিছে । তেওঁ লিখিছে, ‘‘চাপৰ পৰা আশীৰ্বাদলৈ । ঈশ্বৰে আমাৰ চিন্তা আৰু পৰীক্ষাবোৰক কেনেকৈ আশীৰ্বাদলৈ ৰূপান্তৰিত কৰিব পাৰে, সেয়া আচৰিত নহয়নে ? আজি যদি আপুনি কিবা এটা বিষয়ত মানসিক চাপত আছে, তেন্তে জানি থওক যে আপোনাৰ হাতত এটা বিকল্প আছে’’ ।
‘‘হয় আপুনি চিন্তা কৰি থাকিব পাৰে, নহয় আপুনি সকলো ঈশ্বৰৰ হাতত তুলি দিব পাৰে ৷ সকলো বস্তুৰ বাবে প্ৰাৰ্থনা কৰিবলৈ বাছি ল’ব পাৰে । ঈশ্বৰে আপোনাৰ মংগলৰ বাবে সকলো বস্তু একেলগে কৰিব পাৰে বুলি বিশ্বাস থকাৰ শক্তি আছে’’ বুলিও ধনশ্ৰীয়ে নিজৰ পোষ্টটোত উল্লেখ কৰে ।
লগতে পঢ়ক:ৰাজস্থান ৰ'য়েলছ বনাম কলকাতা নাইট ৰাইৰ্ডাছৰ খেলৰ টিকট মুকলি