স্প’ৰ্টছ ডেস্ক: 2024 বৰ্ষটো ভাৰতীয় ক্ৰিকেটৰ বাবে এক চমকপ্ৰদ তথা সাফল্যৰ বছৰ হিচাপে প্ৰমাণিত হৈছে ৷ কিয়নো এই বছৰতে টীম ইণ্ডিয়াই দ্বিতীয়বাৰৰ বাবে টি-20 বিশ্বকাপ জয় কৰিবলৈ সক্ষম হৈছিল ৷ যিটো আছিল ভাৰতীয় অনুৰাগীসকলৰ লগতে দেশবাসীৰ বাবে সুখৰ বিষয় ৷
ইফালে এই বছৰটোতে বহু কেইগৰাকী ভাৰতীয় ক্ৰিকেটাৰেও ক্ৰিকেটক জনাইছে চিৰবিদায় ৷ এই বিশেষ প্ৰতিবেদনৰ জৰিয়তে আমি আপোনালোকৰ আগত তেনে ক্ৰিকেটাৰসকলৰ বিষয়ে উপস্থাপন কৰাৰ প্ৰয়াস কৰিছো ৷
1. ৰবিচন্দ্ৰন অশ্বিন
চলিত বছৰত অৱসৰ গ্ৰহণ কৰা ক্ৰিকেটাৰসকলৰতালিকাৰ শেহতীয়া নামটো হৈছে অভিজ্ঞ অফ স্পিনাৰ ৰবিচন্দ্ৰন অশ্বিন ৷ যিগৰাকী খেলুৱৈয়ে 18 ডিচেম্বৰত ব্ৰীছবেন টেষ্টৰ সমাপ্তিৰ পিছত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰে । অশ্বিনে নিজৰ কেৰিয়াৰৰ 106 খন টেষ্টত 537 টা উইকেট দখল কৰিছিল । তেওঁ 116 খন এদিনীয়াত 156 টা উইকেট দখল কৰি ভাৰতৰ সৰ্বশ্ৰেষ্ঠ টেষ্ট স্পিনাৰ হিচাপে কেৰিয়াৰ সামৰণি মাৰে ৷ অশ্বিন এগৰাকী ভাল অলৰাউণ্ডাৰো আছিল ৷ টেষ্ট আৰু এদিনীয়াত ক্ৰমান্বয়ে 3,503 আৰু 707 ৰাণ সংগ্ৰহ কৰিছিল এইগৰাকী ভাৰতীয় ক্ৰিকেটাৰে ।
ৰবিচন্দ্ৰন অশ্বিন (IANS PHOTO) 2. বিৰাট কোহলী
ভাৰতৰ বেটিং কিংবদন্তী বিৰাট কোহলীয়ে টি-20 বিশ্বকাপ জিকাৰ পিছত ক্ৰিকেটৰ আটাইতকৈ চুটি ফৰ্মেটটোৰ পৰা বিদায় লৈছিল ৷ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে আই চি চি টি-20 বিশ্বকাপ 2024 ৰ ফাইনেলত মেচ বিজয়ী ইনিংছ খেলাৰ পিছত কোহলীয়ে টি-20 ৰ পৰা অৱসৰ ঘোষণা কৰে । কোহলীয়ে 2010 চনত জিম্বাব’ৱেৰ বিৰুদ্ধে টি-20 ক্ৰিকেটত আত্মপ্ৰকাশ কৰি 125 খন খেলত অংশগ্ৰহণ কৰিছিল । তেওঁ 48.69 গড়ে 4,188 ৰাণ সংগ্ৰহ কৰে, যাৰ ভিতৰত আছে এটা শতক আৰু 38 টা অৰ্ধশতক ।
3. ৰোহিত শৰ্মা
টি-20 বিশ্বকাপ 2024 ত টীম ইণ্ডিয়াই খিতাপ দখল কৰাৰ পিছতে ৰোহিত শৰ্মাই এই ফৰ্মেটৰ পৰা অৱসৰ লৈছিল । ৰোহিতে 156.70 ৰ ষ্ট্ৰাইক ৰেটত 257 ৰাণ সংগ্ৰহ কৰি ভাৰতৰ সৰ্বাধিক ৰাণ সংগ্ৰহকাৰীত পৰিণত হয় ৷ ৰোহিতে 159 খন টি-20 মেচত 140.89 ষ্ট্ৰাইক ৰেটত 4,231 ৰাণ সংগ্ৰহ কৰিছিল, যাৰ ভিতৰত আছিল পাঁচটা শতক, 32 টা অৰ্ধশতক আৰু 205 টা ছয় (টি-20 ত সৰ্বাধিক) ।
4. ৰবীন্দ্ৰ জাদেজা
বিৰাট কোহলী আৰু ৰোহিত শৰ্মাৰ দৰে ৰবীন্দ্ৰ জাদেজায়ো টি-20 বিশ্বকাপৰ পিছত এই ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা কৰে ৷ জাদেজাই 2009 চনত টি-20 ক্ৰিকেটত আত্মপ্ৰকাশ কৰি মুঠ 74 খন মেচত কৰিছিল অংশগ্ৰহণ ৷ খেলুৱৈগৰাকীয়ে 7.13 ৰ ইক’ন’মিক ৰেটত 54 টা উইকেট দখল কৰাৰ লগতে ক্ৰিকেটাৰগৰাকীৰ বেটৰ পৰা আহিছিল 515 ৰাণ ৷
ৰবীন্দ্ৰ জাদেজা (IANS PHOTO) 5. শিখৰ ধৱন
বাওঁহতীয়া অভিজ্ঞ অপেনাৰ শিখৰ ধৱনেও নিজৰ কেৰিয়াৰক ইতিমধ্যে বিদায় জনাইছে । ধৱন আছিল ভাৰতৰ আগশাৰীৰ বাওঁহতীয়া অ’পেনাৰ, যিয়ে এদিনীয়া ক্ৰিকেটত আক্ৰমণাত্মক বেটিঙৰে দীৰ্ঘদিন ধৰি ৰোহিত শৰ্মাৰ সৈতে এক দৰ্শনীয় অংশীদাৰিত্ব গঢ়ি তুলিছিল । শিখৰ ধৱনে 2022 চনৰ ডিচেম্বৰত ভাৰতৰ হৈ অন্তিমখন খেল খেলিছিল । বাওঁহতীয়া বেটছমেনগৰাকীয়ে 2010 ৰ পৰা 2022 চনৰ ভিতৰত ভাৰতৰ হৈ 34 খন টেষ্ট, 167 খন এদিনীয়া আৰু 68 খন টি-20 খেলি 24 টা শতক আৰু 55 টা অৰ্ধশতকৰ সৈতে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত মুঠ 10,867 ৰাণ সংগ্ৰহ কৰে ।
6. ঋদ্ধিমান সাহা
ভাৰতৰ উইকেটকীপাৰ বেটছমেন ঋদ্ধিমান সাহায়ো এই বছৰ ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰে । প্ৰদৰ্শনৰ ভিত্তিত এইগৰাকী খেলুৱৈক ভাৰতৰ শীৰ্ষস্থানৰ উইকেটকীপাৰ বুলিও গণ্য কৰা হয় । অৱশ্যে পন্তৰ প্ৰত্যাৱৰ্তনৰ পিছত সাহাই কেৰিয়াৰক জনাই বিদায় ৷ 3 নৱেম্বৰত ঋদ্ধিমান সাহাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কেৰিয়াৰক বিদায় জনায় । ক্ৰিকেটাৰগৰাকীয়ে 2010 ৰ পৰা 2021 চনৰ ভিতৰত 40 খন টেষ্ট আৰু 9 খন এদিনীয়াত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল । তেওঁ টেষ্টত তিনিটা শতকৰ সৈতে 1353 ৰাণ আৰু এদিনীয়াত পাঁচটা ইনিংছত মাত্ৰ 41 ৰাণ সংগ্ৰহ কৰিছিল । ভাৰতৰ হৈ তেওঁৰ অন্তিমখন খেল 2021 চনত মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত নিউজিলেণ্ডৰ বিৰুদ্ধে আছিল ।
7. দীনেশ কাৰ্তিক
দীনেশ কাৰ্তিক হৈছে আন এগৰাকী উইকেটকীপাৰ বেটছমেন, যিয়ে 2024 চনত ক্ৰিকেটক বিদায় জনাইছিল । বিগত টি-20 বিশ্বকাপত তেওঁৰ অসাধাৰণ প্ৰত্যাৱৰ্তন আৰু আই পি এলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু দলৰ মেচ সমাপ্তিৰ ষ্টাইলৰ বাবে কাৰ্তিক চৰ্চালৈ আহিছিল । দীনেশ কাৰ্তিকে 2004 চনৰ ছেপ্টেম্বৰত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আত্মপ্ৰকাশ কৰি ভাৰতৰ হৈ অন্তিমখন খেল খেলে ৷ এই খেলখন অনুষ্ঠিত হৈছিল অষ্ট্ৰেলিয়াত, টি-20 বিশ্বকাপ 2022 ৰ সময়ত । কাৰ্তিকে 2004 ৰ পৰা 2022 চনৰ ভিতৰত 26 খন টেষ্ট, 94 খন এদিনীয়া আৰু 60 খন টি-20 মেচ খেলি এটা শতক আৰু 17 টা অৰ্ধশতকৰ সৈতে 3,463 ৰাণ সংগ্ৰহ কৰিছিল ।
দীনেশ কাৰ্তিক (IANS PHOTO) 8. সৌৰভ তিৱাৰী
প্ৰাক্তন বেটছমেন সৌৰভ তিৱাৰী 2024 চনত অৱসৰ গ্ৰহণ কৰা প্ৰথমগৰাকী ভাৰতীয় ক্ৰিকেটাৰ ৷ বাওঁহতীয়া খেলুৱৈগৰাকীয়ে ঝাৰখণ্ডৰ হৈ 17 বছৰ ধৰি প্ৰথম শ্ৰেণীৰ ক্ৰিকেট খেলাৰ লগতে 2021 চনলৈকে আই পি এলৰ সৈতে জড়িত আছিল । তেওঁ 2010 চনত তিনিখন এদিনীয়া মেচ খেলি 49 ৰাণ সংগ্ৰহ কৰিছিল । অৱশ্যে পৰৱৰ্তী সময়ত তেওঁ ৰাষ্ট্ৰীয় দলত কোনো সুযোগ পোৱা পৰিলক্ষিত নহ’ল ৷
9. বৰুণ এৰন
ঝাৰখণ্ডৰ সোঁহতীয়া ফাষ্ট বলাৰ বৰুণ এৰনেও 2023-24 ৰঞ্জী ট্ৰফীৰ পিছত অৱসৰ গ্ৰহণ কৰে । বৰুণ এজন প্ৰতিশ্ৰুতিশীল তাৰকা ক্ৰিকেটাৰ আছিল, যি দ্ৰুতগতিত বলিং কৰিব পাৰিছিল ৷ কিন্তু আঘাতে তেওঁক সমগ্ৰ কেৰিয়াৰত জৰ্জৰিত কৰা দেখা গৈছিল । তেওঁ 2011 চনৰ পৰা 2015 চনৰ ভিতৰত ভাৰতৰ হৈ 9 খন টেষ্ট আৰু 9 খন এদিনীয়া খেলি 29 টা উইকেট দখল কৰিছিল ।
10. কেদাৰ যাদৱ
ভাৰতৰ হৈ 73 খন এদিনীয়া আৰু 9 খন টি-20 খেলা 39 বছৰীয়া যাদৱে জুন মাহত সকলো ধৰণৰ ক্ৰিকেট ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা কৰে । এদিনীয়াত তেওঁ 42 গড়ে 1,389 ৰাণ সংগ্ৰহ কৰাৰ লগতে 27 টা উইকেট দখল কৰে ।
11. বৰিন্দৰ চৰণ
পঞ্জাৱৰ বাওঁহতীয়া ফাষ্ট বলাৰ বাৰিন্দৰ চৰণে 31 বছৰ বয়সত অৱসৰ গ্ৰহণ কৰে । ক্ৰিকেটাৰগৰাকীয়ে 2016 চনৰ জুনত জিম্বাব’ৱেৰ বিৰুদ্ধে টি-20 ক্ৰিকেটত অভিষেক ঘটাই কেৰিয়াৰৰ এক সুন্দৰ আৰম্ভণি কৰিছিল ৷ অভিষেক মেচতে 10 ৰাণত 8 টা উইকেট লৈছিল ক্ৰিকেটাৰগৰাকীয়ে ৷ তদুপৰি টি-20 অভিষেকত এগৰাকী ভাৰতীয় পুৰুষ বলাৰে কৰা সৰ্বশ্ৰেষ্ঠ বলিং পঞ্জীয়ন কৰিছিল । চৰণে 6 খন এদিনীয়া আৰু দুখন টি-20 খেলিছিল, য’ত তেওঁ মুঠ 13 টা উইকেট দখল কৰিছিল ।
12. সিদ্ধাৰ্থ কৌল
ভাৰতীয় বলাৰ সিদ্ধাৰ্থ কৌলেও এইবছৰতে ভাৰতীয় ক্ৰিকেট কেৰিয়াৰক বিদায় জনাইছিল । 34 বছৰীয়া পঞ্জাৱৰ ক্ৰিকেটাৰজনে 2018 চনৰ পৰা 2019 চনলৈ ভাৰতৰ হৈ তিনিখন এদিনীয়া আৰু একাংশ টি-20 মেচ খেলিছিল । তেওঁ তিনিখন মেচত মাত্ৰ চাৰিটা টি-20 উইকেট দখল কৰিছিল ৷ আনহাতে, কৌলে এদিনীয়া কেৰিয়াৰত এটাও উইকেট ল'ব নোৱাৰিলে ।
লগতে পঢ়ক:উভতি চাও 2024: সৰ্বাধিক টেষ্ট উইকেট দখলকাৰী শীৰ্ষৰ 10 বলাৰ