স্প’ৰ্টছ ডেস্ক, 18 আগষ্ট:ক্ৰিকেটপ্ৰেমীসকলৰ বাবে এক সুখবৰ ৷আই চি চিয়ে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ(ডব্লিউ টি চি) শেহতীয়া ৰেংকিং তালিকা প্ৰকাশ কৰিছে । এই তালিকাত স্থান উন্নীত হৈছে দক্ষিণ আফ্ৰিকাৰ ৷ ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে দলটোৰ উন্নত প্ৰদৰ্শনৰ পিছত দক্ষিণ আফ্ৰিকাই পাকিস্তানক অতিক্ৰম কৰি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত দখল কৰিছে পঞ্চম স্থান ।
দক্ষিণ আফ্ৰিকাই গায়ানাত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে খেলা দ্বিতীয়খন টেষ্টত 40 ৰাণত জয় সাব্যস্ত কৰে ৷ প্ৰথমখন টেষ্ট অমীমাংসিত হোৱাৰ পিছত দুখন মেচৰ শৃংখলাটো সামৰণি পৰে 1-0 ব্যৱধানত ৷ যাৰ ফলত আই চি চি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ 2023-25 ৰ পইণ্ট তালিকাত সামান্য় পৰিৱৰ্তন ঘটে ।
দক্ষিণ আফ্ৰিকাই দুটা জয় আৰু তিনিটা পৰাজয়ৰ সৈতে উপনীত হয় পইণ্ট তালিকাৰ পঞ্চম স্থানত । দলটোৱে লাভ কৰিছে 38.59 পইণ্ট । আনহাতে, ৱেষ্ট ইণ্ডিজে একেৰাহে দ্বিতীয়টো টেষ্ট শৃংখলাত পৰাজয়বৰণ কৰি ৰেংকিং তালিকাত অৱনমিত হয় । দলটোৱে 9 খন খেলৰ ভিতৰত এখনত জয় লাভ কৰে, সম্প্ৰতি দলটোৱে লাভ কৰা পইণ্ট হৈছে 18.52 ।