অসম

assam

ETV Bharat / sports

ভাৰতৰ পৰাজয় আৰু পাকিস্তানৰ জয়ৰ পিছতে পইণ্টছ তালিকাত ব্যাপক সালসলনি; ফাইনেলৰ দৌৰ হ’ব ৰোমাঞ্চকৰ - WTC POINTS TABLE LATEST UPDATE

WTC Points Table: ভাৰতে নিউজিলেণ্ড আৰু ইংলেণ্ডে পাকিস্তানৰ হাতত পৰাজিত হোৱাৰ পিছত পইণ্ট তালিকাত ঘটিছে বৃহৎ পৰিৱৰ্তন ৷

WTC Points Table Latest Update
ভাৰত আৰু পাকিস্তানৰ খেলুৱৈসকলৰ একাংশ (AP PHOTOS)

By ETV Bharat Sports Team

Published : Oct 27, 2024, 10:38 AM IST

স্প’ৰ্টছ ডেস্ক: বেংগালুৰুৰ পিছত পুনে টেষ্টত নিউজিলেণ্ডৰ বিৰুদ্ধে শোচনীয় পৰাজয় ভাৰতৰ ৷ টীম ইণ্ডিয়াই নিউজিলেণ্ডৰ বিৰুদ্ধে 113 ৰাণৰ বৃহৎ ব্যৱধানত পৰাজয়বৰণ কৰে ৷

শনিবাৰে আলহী দল নিউজিলেণ্ডে ভাৰতক বান্ধি দিছিল 359 ৰাণৰ লক্ষ্য ৷ প্ৰত্যুত্তৰত ভাৰতে মাত্ৰ 245 ৰাণহে সংগ্ৰহ কৰিবলৈ সক্ষম হয় ৷ এই পৰাজয়ৰ পিছত ভাৰতে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত উপনীত হোৱাত প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে ৷

পইণ্টছ তালিকাৰ স্থিতি (ICC Website Screenshot)

পুনে টেষ্টত পৰাজয়ৰ পিছতে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত (ডব্লিউ টি চি) ভাৰতৰ পইণ্ট হ্ৰাস পোৱা দেখা যায় । বৰ্তমান ভাৰতৰ ডব্লিউ টি চি পইণ্ট পি চি টি 68.06 ৰ পৰা 62.82 লৈ হ্ৰাস পাইছে, যি ডিফেণ্ডিং চেম্পিয়ন অষ্ট্ৰেলিয়াতকৈ সামান্যহে বেছি ৷ অষ্ট্ৰেলিয়াৰ পি চি টি হৈছে 62.5 ৷

এই চক্ৰত ভাৰতৰ এতিয়াও আৰু ছয়খন মেচ বাকী আছে ৷ তাৰ ভিতৰত নিউজিলেণ্ডৰ বিৰুদ্ধে এখন আৰু অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে পাঁচখন মেচ আছে ।

নিউজিলেণ্ডৰ বিৰুদ্ধে পৰাজয়ৰ পিছত 13 খন টেষ্টত ভাৰতৰ পইণ্ট শতাংশ (পি চি টি) 74.24 ৰ পৰা 68.05 লৈ হ্ৰাস পায় । অৱশ্যে, ভাৰত এতিয়াও তালিকাৰ শীৰ্ষত থকাৰ বিপৰীতে দ্বিতীয় স্থানত আছে অষ্ট্ৰেলিয়া ।

জয়ৰ পিছত পাকিস্তানৰ স্থান উন্নীত

ইংলেণ্ডৰ বেটছমেনসকলে পাকিস্তানৰ বলিং ৰণনীতিৰ সন্মুখত বিশেষকৈ অভিজ্ঞ স্পিনাৰ নোমান আলী আৰু চাজিদ খানৰ সন্মুখত তিষ্ঠিব পৰা নাছিল ৷ ইংলেণ্ডৰ বিৰুদ্ধে তৃতীয় টেষ্টত পাকিস্তানে 9 উইকেটত চমকপ্ৰদ জয় লাভ কৰে । সমান্তৰালকৈ পাকিস্তানে দখল কৰে টেষ্ট শৃংখলাটো ৷

পাকিস্তানে তিনি বছৰৰ ভিতৰত প্ৰথমবাৰৰ বাবে ঘৰৰ মাটিত টেষ্ট শৃংখলাত জয় লাভ কৰে ৷ যাৰ ফলত দলটোৱে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ (ডব্লিউ টি চি) 2023-25 ৰ ফাইনেলৰ দৌৰত স্থান নিশ্চিত কৰে ৷

বেন ষ্টোকছ নেতৃত্বাধীন ইংলেণ্ড ইতিমধ্যে ডব্লিউ টি চিৰ ফাইনেলৰ দৌৰৰ পৰা প্ৰায় বাহিৰ হৈছে । দলটো 40.790 ৰ জয় শতাংশৰ সৈতে আছে ষষ্ঠ স্থানত । তেওঁলোকে চলিত বছৰত খেলা 19 খন টেষ্টৰ ভিতৰত 9 খনতে পৰাজয়বৰণ কৰে ৷

আনকি দলটোৱে নিউজিলেণ্ডৰ বিৰুদ্ধে টেষ্ট শৃংখলা জিকিলেও ফাইনেলত প্ৰৱেশ কৰিব নোৱাৰিব । তালিকাৰ অষ্টম স্থানত থকা পাকিস্তানে 10 খন টেষ্টৰ চাৰিখনতে জয়লাভ কৰাৰ পিছত সপ্তম স্থানলৈ উন্নীত হয় ৷ দলটোৰ জয়ৰ শতাংশ 33.330 ।

আনহাতে, তালিকাৰ শীৰ্ষ স্থানত আছে ভাৰত ৷ তাৰপিছত আছে ক্ৰমে অষ্ট্ৰেলিয়া, শ্ৰীলংকা, দক্ষিণ আফ্ৰিকা আৰু নিউজিলেণ্ড । বাংলাদেশ আৰু ৱেষ্ট ইণ্ডিজ দুয়োটা দলেই বৰ্তমান তালিকাৰ অষ্টম আৰু নৱম স্থানত আছে ।

ডব্লিউ টি চি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰিবলৈ ভাৰতৰ কৰণীয়

যদি ভাৰতে একেৰাহে তৃতীয়বাৰৰ বাবে ডব্লিউ টি চি পইণ্ট তালিকাত তেওঁলোকৰ স্থান নিশ্চিত কৰিব বিচাৰে, তেন্তে তেওঁলোকে বাকী থকা মেচবোৰৰ 5 খনত জয় লাভ কৰিব লাগিব ৷

লগতে পঢ়ক:69 বছৰৰ পিছত ঘৰৰ মাটিত ভাৰতৰ লজ্জাজনক পৰাজয়, নিউজীলেণ্ডে দখল কৰিলে টেষ্ট শৃংখলা

ABOUT THE AUTHOR

...view details