অসম

assam

ETV Bharat / sports

ৰাজনীতিৰ দিশে আৰু এখোজ ! ৰাহুল গান্ধীক সাক্ষাৎ বিনেশ-পুনিয়াৰ - PUNIA PHOGAT MET RAHUL GANDHI - PUNIA PHOGAT MET RAHUL GANDHI

Wrestlers Vinesh Phogat Bajrang Punia Met Rahul Gandhi: পেৰিছ অলিম্পিকৰে পৰা বেছ চৰ্চাত আছে ভাৰতীয় মহিলা মল্লযোদ্ধা বিনেশ ফোগাটৰ নাম ৷ ফোগাটে খেল এৰি ৰাজনীতিৰ দিশলৈও ধাৱমান হোৱাৰ কথা সংবাদ মাধ্যমত প্ৰকাশিত হৈছিল ৷ এনে বহু খবৰৰ মাজতে বুধবাৰে ফোগাটে বিৰোধী দলপতিক সাক্ষাৎ কৰে ৷ ফোগাটৰ সৈতে উপস্থিত আছিল মল্লযোদ্ধা বজৰং পুনিয়া ৷

PUNIA PHOGAT MET RAHUL GANDHI
ৰাহুল গান্ধীৰ সৈতে বিনেশ-পুনিয়া (ETV Bharat)

By ETV Bharat Sports Team

Published : Sep 4, 2024, 3:30 PM IST

স্প’ৰ্টছ ডেস্ক, 4 ছেপ্টেম্বৰ: হাৰিয়ানাৰ বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি চৰ্চিত হৈছে বহুকেইগৰাকী তাৰকা প্ৰাৰ্থীৰ নাম ৷ এই চৰ্চা অব্যাহত থকাৰ মাজতে বুধবাৰে বিৰোধী দলপতি ৰাহুল গান্ধীক সাক্ষাৎ কৰে ভাৰতীয় মল্লযোদ্ধা বিনেশ ফোগাট আৰু বজৰং পুনিয়াই ৷

ৰাহুল গান্ধীৰ সৈতে দুয়োগৰাকী মল্লযোদ্ধাই উঠা এখন ফটো বুধবাৰে ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত ৷ যাক লৈ এতিয়া সৰ্বত্ৰে চলিছে চৰ্চা ৷

বজৰং পুনিয়া আৰু বিনেশ ফোগাটে কংগ্ৰেছত যোগদান কৰিব নেকি ?

ৰাহুল গান্ধীৰ সৈতে দুয়োগৰাকী মল্লযোদ্ধাৰ বৈঠকৰ পিছত উঠা ফটোখনে বিশেষ চৰ্চা লাভ কৰিছে সামাজিক মাধ্যমত ৷ দুয়োগৰাকী মল্লযোদ্ধাই কংগ্ৰেছত যোগদান কৰাৰ সন্দৰ্ভতো চলিছে চৰ্চা ৷ কংগ্ৰেছৰ হৈ টিকট প্ৰত্যাশী দুই খেলুৱৈয়ে সমাগত হাৰিয়ানা বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ কথাও নুই কৰিব নোৱাৰি ৷ পেৰিছ অলিম্পিকৰ পৰা ঘৰলৈ অহাৰ পিছতে বিনেশ ফোগাটে ৰাজনীতিত যোগদান কৰিব বুলি প্ৰচাৰ হৈছিল এক খবৰ ৷ যি খবৰ প্ৰদান কৰিছিল খেলুৱৈগৰাকীৰে নিকটাত্মীয়ই ৷

কংগ্ৰেছে দুয়োগৰাকী মল্লযোদ্ধাক টিকট দিব নেকি ?

সূত্ৰ অনুসৰি, কংগ্ৰেছে দাদৰী বিধানসভা সমষ্টিৰ পৰা মল্লযোদ্ধা বিনেশ ফোগাটক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ সম্ভাৱনা আছে । একে সময়তে দলটোৱে বদলী বিধানসভাৰ পৰা বজৰং পুনিয়াক প্ৰদান কৰিব পাৰে টিকট ।

দীৰ্ঘদিন ধৰি কংগ্ৰেছত যোগদানৰ আলোচনা

বিনেশ ফোগাটৰ অতিৰিক্ত ওজনসম্পৰ্কীয় বিতৰ্ক অব্যাহত থকাৰ মাজতে মল্লযোদ্ধাগৰাকীয়ে ঘোষণা কৰিছিল অৱসৰ ৷ ঘৰলৈ অহাৰ পিছত সেই কঠিন সময়ত মল্লযোদ্ধাগৰাকীৰ সৈতে উপস্থিত আছিল কংগ্ৰেছৰ সাংসদ দীপেন্দৰ সিং হুদা ৷

প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপিন্দৰ সিং হুদায়ো কৈছিল যে, যদি তেওঁৰ ওচৰত প্ৰয়োজনীয় ক্ষমতা থাকিলহেঁতেন, তেন্তে তেওঁ বিনেশ ফোগাটক ৰাজ্যসভালৈ পঠিয়ালেহেঁতেন ।

উল্লেখ্য যে, হাৰিয়ানাত 5 অক্টোবৰত অনুষ্ঠিত হ’ব বিধানসভাৰ নিৰ্বাচন । ফলাফলসমূহ 8 অক্টোবৰত ঘোষণা কৰা হ'ব ।

লগতে পঢ়ক:সক্ৰিয় ৰাজনীতিত প্ৰৱেশৰ দিশে বিনেশ ফোগাট: ভগ্নীৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ পূৰ্ণ সম্ভাৱনা - VINESH PHOGAT CAN JOIN POLITICS

ABOUT THE AUTHOR

...view details