বিনেশ ফ’গাটক পেৰিছ অলিম্পিকৰ পৰা অযোগ্য ঘোষণা কৰাৰ পিচত বহু ভাৰতীয়ৰ হৃদয় ভাঙি পৰিছিল ৷ ২০২৪ চনৰ পেৰিছ অলিম্পিকৰ পৰা মল্লযুঁজাৰু বিনেশ ফ’গাটক অযোগ্য ঘোষণা কৰাৰ পিচত মানুহৰ মনত উত্থাপিত একমাত্ৰ প্ৰশ্নটো হ’ল বিনেশে কি খালে যিটো কাৰণত এদিন পূৰ্বে তেওঁৰ ওজন ২ কেজিতকৈ অধিক বৃদ্ধি পালে । কি কাৰণত, বিনেশৰ প্ৰশিক্ষক, ডায়েটিচিয়ান আৰু স্বাস্থ্য বিশেষজ্ঞসকলে একেলগে মিলিও কিয় ফ’গাটৰ ওজন কমাব নোৱাৰিলে । ইয়াৰ মূল কাৰণ হ’ল অলিম্পিক বা এনেধৰণৰ আন আন ইভেণ্টৰ মেচবোৰৰ পূৰ্বে মল্লযুঁজাৰুসকলক পানীও খাবলৈ দিয়া নহয়, খাদ্যৰ কথা বাদেই দিয়ক ৷ খেলৰ পূৰ্বে ওজনৰ সময়ত শৰীৰৰ পৰা সকলো পানী চেপি উলিয়াই লোৱা হয় । অৰ্থাৎ শৰীৰৰ সম্পূৰ্ণ ডিহাইড্ৰেট হ’ব লাগিব।
খেলুৱৈসকলে ইভেণ্টৰ এসপ্তাহ আগলৈকে সহজেই ওজন কমাব পাৰে, কিন্তু এজন মল্লযুঁজাৰুৰ বাবে ইভেণ্টৰ আগৰ ২৪ ঘণ্টা সময় অতি কষ্টদায়ক । এই সময়ছোৱাত তেওঁলোকে নিজৰ ওজন বজাই ৰাখিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিবলগীয়া হয় । যদি আপুনিও এই চিন্তাত পৰিছে তেন্তে ওজন বৃদ্ধিৰ আঁৰৰ লুকাই থকা কাৰণৰ বিষয়ে আজি জানিবলৈ চেষ্টা কৰো আহক-
দৰাচলতে এই এটা কাৰণৰ বাবেই হঠাতে এদিনতে তীব্ৰ গতিত আপোনাৰো ওজন বৃদ্ধি পাব পাৰে ৷
পানী ধৰি ৰখা (Water Retention)