অসম

assam

ETV Bharat / sports

ভাৰতৰ জাৰ্চি পিন্ধাৰ অনুভৱটো বেলেগ; ভাৰতীয় দললৈ ঘূৰি অহা ঋষভ পণ্টে ক’লে - Rishabh Pant Return to Indian Team

Rishabh Pant wearing Indian jersey: ভয়ংকৰ দুৰ্ঘটনাৰ ৫২৭ দিনৰ পাচত ভাৰতীয় জাৰ্চি পিন্ধিবলৈ সাজু হৈছে চাউথপ’ বেটছমেন ঋষভ পণ্ট ৷ ৫ জুনত নিউয়ৰ্কত নাছাউ কাউন্টি খেলপথাৰত টি-২০ বিশ্বকাপ ২০২৪ৰ প্ৰথমখন মেচত পল ষ্টাৰ্লিঙৰ নেতৃত্বত আয়াৰলেণ্ডৰ বিৰুদ্ধে টীম ইণ্ডিয়াই স্কোৱাৰ অফ কৰিব ৷

RISHABH PANT WEARING INDIAN JERSEY
Rishabh Pant (ANI)

By ETV Bharat Assamese Team

Published : May 30, 2024, 11:00 PM IST

নিউজ ডেস্ক, 30 মে’:দুৰ্ঘটনাত পতিত হৈ মৃত্যুমুখৰ পৰা ঘূৰি অহাৰ প্ৰায় ১৬ মাহৰ পাছত ভাৰতীয় দলৰ জাৰ্চি পিন্ধিবলৈ সাজু হৈছে উইকেটকীপাৰ বেটছমেন ঋষভ পণ্ট ৷ আমেৰিকাৰ নাছাউ কাউন্টি ষ্টেডিয়ামত ভাৰতে টি-২০ বিশ্বকাপ ২০২৪ৰ নিজৰ প্ৰথম খেল খেলিব অহা 5 জুনত ৷

চলিত বৰ্ষৰ ২৩ মাৰ্চত ১৪ মাহৰ পাচত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল)ৰ দিল্লী কেপিটেলছ আৰু পঞ্জাব কিংছৰ মাজত অনুষ্ঠিত হোৱা খেলখনত পণ্টে প্ৰতিযোগিতামূলক ক্ৰিকেটলৈ উল্লেখযোগ্য প্ৰত্যাৱৰ্তন ঘটায় য’ত তেওঁ দৰ্শকৰ পৰা ষ্টেণ্ডিং অভেচন লাভ কৰে । অৱশ্যে তেওঁক ইমান দীঘলীয়া সময় খেলৰ পৰা আঁতৰি থকা যেন কেতিয়াও লগা নাছিল । তেওঁৰ চলিত বৰ্ষৰ আই পি এলত ৪৪৬ ৰান সংগ্ৰহ কৰি তেওঁ নিজৰ ফ্ৰেঞ্চাইজিৰ বাবে সৰ্বাধিক ৰাণ সংগ্ৰহকাৰীত পৰিণত হয় ।

লগতে পঢ়ক:টি-২০ ক্ৰিকেট বিশ্বকাপ ২০২৪ আৰম্ভ হোৱাৰ পূৰ্বেই জানি লওক এই টুৰ্ণামেন্টৰ সম্পূৰ্ণ তথ্য - ICC T20 Cricket World Cup 2024

অৱশ্যে চাউথপ’ বেটছমেনগৰাকীয়ে দৃঢ়তাৰে কয় যে তেওঁ নীলা ৰঙৰ বেলেগ শ্বেড পিন্ধিবলৈ অধিক আগ্ৰহী, নিৰ্দিষ্টভাৱে ক’বলৈ গ’লে ‘ইণ্ডিয়া ব্লু’ । ‘‘ভাৰতীয় জাৰ্চি পিন্ধি খেলপথাৰলৈ উভতি অহাটো সম্পূৰ্ণ বেলেগ অনুভৱ । মই ইয়াৰ অভাৱ বাৰুকৈয়ে অনুভৱ কৰিছিলোঁ । আশাকৰোঁ, মই ইয়াৰ পৰা ভালদৰে আগুৱাই যাম ।’’ ১ জুনত বাংলাদেশৰ বিৰুদ্ধে অনুষ্ঠিত হ’ব ভাৰতৰ ৱাৰ্ম আপ খেল ৷

এই বাৰ্তালাপৰ সময়ত পণ্টৰ সৈতে তেওঁৰ সতীৰ্থ সূৰ্যকুমাৰ যাদৱেও সেই সময়ৰ কথা মনত পেলাইছিল যে তেওঁৰ উপস্থিতিয়ে তেওঁক বেংগালুৰুস্থিত ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমীত আঘাত ব্যৱস্থাপনা কাৰ্যসূচীৰ নিসংগতাৰ সৈতে মোকাবিলা কৰাত কেনেদৰে সহায় কৰিছিল ।

লগতে পঢ়ক:বিৰাট কোহলী অবিহনেই টী 20 বিশ্বকাপৰ বাবে অনুশীলন আৰম্ভ টীম ইণ্ডিয়াৰ - T20 WORLD CUP

পণ্টে লগতে কয়, ‘‘ইয়াত দলটোক দেখা আৰু তেওঁলোকক পুনৰ লগ পায়, সময় কটয়, তেওঁলোকৰ সৈতে মজা কৰি, তেওঁলোকৰ সৈতে কথা পাতি, মই সঁচাকৈয়ে ভাল পাইছোঁ ।’’

দিল্লী কেপিটেলছৰ হৈ সৰ্বাধিক ৰান সংগ্ৰহ কৰা ২৬ বছৰীয়া পন্টে লাহে লাহে পুনৰ কেৰিয়াৰত সোমাই পৰিছে । তেওঁ লগতে বিশ্বাস কৰে যে এইবাৰৰ টি-২০ বিশ্বকাপে ক্ৰিকেট খেল আৰু ইউ এছ এ ক্ৰিকেটৰ সৈতেও পৰিচয় কৰাই দিব ।

লগতে পঢ়ক:টি-২০ বিশ্বকাপ ইতিহাসত সৰ্বাধিক ছয় কোবোৱা ৫ বেটছমেন; তালিকাত থকা ভাৰতীয় কোন ? - T20 World Cup 2024

"আমি কিছুমান বিশেষ দেশত খেলিবলৈ অভ্যস্ত কিন্তু এইটো এটা বেলেগ সম্ভাৱনা । ই ক্ৰীড়াৰ বাবে এটা বেলেগ চেনেল মুকলি কৰিছে, কাৰণ মই অনুভৱ কৰোঁ যে সমগ্ৰ বিশ্বতে ক্ৰিকেটৰ জনপ্ৰিয়তা বৃদ্ধি পাইছে আৰু ইয়াত, ইউ এছ এ ক্ৰিকেটত এক্সপ'জাৰ পোৱাটো ক্ৰিকেটৰ বাবেও ভাল হ'ব ।"

তেওঁ এই লোভনীয় প্ৰতিযোগিতাখনৰ সময়ত ব্যৱহাৰ হ’বলগীয়া ড্ৰপ-ইন পিটচৰ বিষয়ে কয় আৰু লগতে তেওঁ আৰু দলৰ বাকীসকলে অভ্যস্ত হৈ পৰাৰ বিষয়েও কয় ।

"নতুন পিটচ আছে । মই মাত্ৰ পৰিস্থিতিৰ লগত অভ্যস্ত হৈ পৰিছো । ইয়াত সূৰ্যটো অলপ উজ্জ্বল, গতিকে মাত্ৰ ইয়াৰ ওপৰৰ পৰিস্থিতিৰ লগত অভ্যস্ত হৈ পৰিছো । চাওঁ কেনেকৈ হয় ।"

লগতে পঢ়ক:টি-২০ বিশ্বকাপ ইতিহাসৰ পাঁচ শীৰ্ষ বলাৰ : তালিকাত নাম নাই এজনো ভাৰতীয়ৰ - T20 World Cup 2024

ABOUT THE AUTHOR

...view details