অসম

assam

ETV Bharat / sports

আমি জিকাৰ যোগ্য আছিলোঁ: মুম্বাইৰ বিৰুদ্ধে জয়ৰ পিছত নৰ্থ-ইষ্ট ইউনাইটেডৰ প্ৰশিক্ষক বেনালী - ISL 2024

নৰ্থ-ইষ্ট ইউনাইটেড এফ চিয়ে আই এছ এলৰ শেহতীয়া সাতবাৰৰ মুখামুখিত প্ৰথমবাৰৰ বাবে মুম্বাই চিটি এফ চিৰ বিৰুদ্ধে বিজয় সাব্যস্ত কৰে ।

ISL 2024
নৰ্থ-ইষ্ট ইউনাইটেড এফ চিৰ মুৰব্বী জুয়ান পেদ্ৰো বেনালী (ANI)

By ANI

Published : Dec 31, 2024, 12:59 PM IST

মুম্বাই : নৰ্থ-ইষ্ট ইউনাইটেড এফ চিৰ মুৰব্বী জুয়ান পেদ্ৰো বেনালীয়ে চলিত ইণ্ডিয়ান ছুপাৰ লীগত মুম্বাই চিটি এফ চিৰ বিৰুদ্ধে জয়লাভৰ কথা মুকলিকৈ প্ৰকাশ কৰি কয় যে দলটোৱে খেলখন জয়ৰ যোগ্য আছিল । লীগৰ অফিচিয়েল ৱেবছাইটত তেওঁ উল্লেখ কৰিছে ।

সোমবাৰে ইণ্ডিয়ান ছুপাৰ লীগ (আই এছ এল), ২০২৪-২৫ সংস্কৰণত মুম্বাই ফুটবল এৰেনাত অনুষ্ঠিত মেচখনত নৰ্থ-ইষ্ট ইউনাইটেড এফ চিয়ে (এন ই ইউ এফ চি) মুম্বাই চিটি এফ চি (এম চি এফ চি)ক ৩-০ গ'লৰ ব্যৱধানত পৰাস্ত কৰে । উল্লেখ্য যে হাইলেণ্ডাৰ্ছে (এন ই ইউ এফ চি) আই এছ এলৰ শেহতীয়া সাতবাৰৰ মুখামুখিত প্ৰথমবাৰৰ বাবে আইলেণ্ডাৰ্ছৰ (এম চি এফ চি) বিৰুদ্ধে বিজয় সাব্যস্ত কৰে ।

মেচখনত 65.2% আধিপত্য বিস্তাৰ কৰা সত্ত্বেও মুম্বাই চিটি এফ চিয়ে গ'লপোষ্টত মাত্ৰ তিনিটা শ্বটহে ল'ব পাৰিছিল । আনহাতে, আলহী দলটোৱে নিৰ্দিষ্ট লক্ষ্যত সাতবাৰ শ্বট লয় । আই এছ এলৰ বিজ্ঞপ্তি অনুসৰি, ঘৰুৱা দলটোৱে 31 টা ক্ৰছ লৈছিল । কিন্তু মাত্ৰ তিনিবাৰহে লক্ষ্যত আঘাতৰ চেষ্টা কৰিছিল যদিও দৃঢ়তাৰে সুযোগ সৃষ্টি কৰাত বিফল হৈছিল ।

আনহাতে, মেচ পৰৱৰ্তী সংবাদ সন্মিলনত বেনালীয়ে কয় যে হাইলেণ্ডাৰ্ছে এটা অতি ভাল দলৰ বিৰুদ্ধে খেলিছিল । তেওঁ লগতে কয় যে এই বিজয় এক উৎকৃষ্ট আছিল আৰু তিনিটাকৈ পইণ্ট সংগ্ৰহ কৰাটো গুৰুত্বপূৰ্ণ ।

"আমি জিকাৰ যোগ্য আছিলোঁ । আমি এটা ভাল দলৰ বিৰুদ্ধে খেলিছিলোঁ । ভাল প্ৰশিক্ষকৰ সৈতে মহান খেলুৱৈ । এখন সুন্দৰ খেল । আমি নিৰ্দিষ্ট গেম প্লেনৰ সৈতে গৈছিলোঁ । আৰু চমৎকাৰভাৱে তিনিটা পইণ্ট সংগ্ৰহ কৰিছোঁ । ফলাফলত কিমানটা গ'ল সপক্ষে বা বিপক্ষে হৈছে সেইটো গুৰুত্বপূৰ্ণ নহয়, আটাইতকৈ গুৰুত্বপূৰ্ণ হৈছে তিনিটা পইণ্ট ।" বেনালীৰ উদ্ধতিৰে আই এছ এল কৰ্তৃপক্ষই কয় ।

মুখ্য প্ৰশিক্ষকগৰাকীয়ে মেকাৰ্টন নিকছনক প্ৰশংসা কৰি কয় যে তেওঁ 'প্লেয়াৰ অব দ্য মেচ' বঁটা যোগ্যভাৱেই লাভ কৰিছে ।

"তেওঁ (নিকছন) সকলোকে দেখুৱাইছিল যে তেওঁ ইয়াৰ যোগ্য । তেওঁ খুব ভাল খেলিছিল । এগৰাকী মহান যুৱ খেলুৱৈ ৷ কিন্তু একে সময়তে তেওঁ নিজৰ ধাৰা অব্যাহত ৰাখিব লাগিব ৷" বেনালীয়ে কয় ।

মেচখনৰ আৰম্ভণিতে নৰ্থ-ইষ্ট ইউনাইটেডে আলায়েদ্দিন আজাৰাইৰ জৰিয়তে প্ৰথমটো সফলতা অৰ্জন কৰে । দ্বিতীয়াৰ্ধৰ পিছত আজাৰাই হাইলেণ্ডাৰ্ছৰ বাবে অগ্ৰগতি দুগুণ কৰি জিলিকি উঠিছিল । পিছত মেচখনত যুৱ মেকাৰ্টন নিকছনে অন্তিম সময়ত গ'ল কৰি মেচখন এক উচ্চ মাত্ৰাত সমাপ্ত কৰে । আহাতে, এই জয়ৰ জৰিয়তে নৰ্থ-ইষ্ট ইউনাইটেড এফ চিয়ে অভিযানৰ ষষ্ঠটো বিজয় সাব্যস্ত কৰে আৰু পইণ্ট তালিকাত চতুৰ্থ স্থানলৈ উন্নীত হয় ।

নিকছনে ঘৰুৱা দলটোৰ আক্ৰমণ প্ৰতিৰোধ কৰি মিডফিল্ডত এক আচৰিত খেল প্ৰদৰ্শন কৰে । মুম্বাই চিটি এফ চিয়ে বেছিভাগ সময়ে আধিপত্য বিস্তাৰ কৰিছিল । কিন্তু গুৰুত্বপূৰ্ণ সময়ত তেওঁলোকে গ'ল কৰাত ব্যৰ্থ হৈছিল ।

লগতে পঢ়ক :মেলবৰ্ণত আত্মসমৰ্পণ ! বক্সিং ডে টেষ্টত শোচনীয় পৰাজয় টীম ইণ্ডিয়াৰ - IND VS AUS 4TH TEST
লগতে পঢ়ক :তিনিচুকীয়াত ৰাষ্ট্ৰীয় ভলীবল প্ৰতিযোগিতাত বিজয়ী হাৰিয়ানা: বিধায়ক বলীন চেতিয়ালৈ বিশেষ সন্মান - TINSUKIA VOLLEYBALL COMPETITION

ABOUT THE AUTHOR

...view details