অসম

assam

ETV Bharat / sports

পাৰ্থৰ শতকৰে টেষ্ট ৰেংকিঙত বৃহৎ উত্থান বিৰাট কোহলীৰ

Test Batting rankings: আই চি চি টেষ্ট বেটিং ৰেংকিঙত বৃহৎ উত্থান বিৰাট কোহলীৰ ৷ কোহলীৰ সমানে সমানে যশস্বী জয়ছোৱাল আৰু বুমৰাহেও অব্যাহত ৰাখিছে আধিপত্য ।

ICC Mens test Batting rankings
বিৰাট কোহলী (AP Photo)

By ETV Bharat Sports Team

Published : 5 hours ago

স্প’ৰ্টছ ডেস্ক: আই চি চিৰ বেটিং টেষ্ট ৰেংকিঙত বৃহৎ উত্থান ভাৰতীয় ক্ৰিকেট দলৰ তাৰকা বেটছমেন বিৰাট কোহলীৰ । বিৰাটে পাৰ্থত অনুষ্ঠিত ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ প্ৰথমখন টেষ্টত শতক অৰ্জন কৰাৰ সুবাদতে ৰেংকিং তালিকাত উত্তৰণ ঘটে ৷

বিৰাটে 9 টা স্থান আগুৱাই টেষ্ট বেটছমেনৰ তালিকাৰ 13 নং স্থানত উপনীত হৈছে । পূৰ্বে খেলুৱৈগৰাকীৰ স্থান আছিল 22 ৷ তেওঁ লাভ কৰা বৰ্তমানৰ পইণ্টৰ পৰিমাণ হৈছে 689 ।

ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত জিলিকিছে বিৰাট

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হোৱা ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ প্ৰথমখন খেলত বিৰাট কোহলীক দুৰ্দান্ত ফৰ্মত দেখা গৈছিল । পাৰ্থৰ অপ্টাছ ষ্টেডিয়ামত অনুষ্ঠিত প্ৰথমখন টেষ্ট মেচত টীম ইণ্ডিয়াই অষ্ট্ৰেলিয়াক 295 ৰাণত পৰাস্ত কৰে । এই খেলখনৰ দ্বিতীয় ইনিংছত বিৰাটে বিস্ফোৰক শৈলীত শতক অৰ্জন কৰিছিল ।

পাৰ্থত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে শতক অৰ্জন

খেলখনৰ দ্বিতীয় ইনিংছত চাৰি নম্বৰত বেটিং কৰি বিৰাট কোহলীয়ে অপৰাজিত 100 ৰাণ সংগ্ৰহ কৰিছিল । তেওঁ 96.93 ৰ ষ্ট্ৰাইক ৰেটৰ সৈতে 8 টা চাৰি আৰু দুটা ছয়ৰ সহায়ত 143 টা বলত শতক অৰ্জন কৰে ৷ কোহলীৰ শতক অৰ্জনৰ পিছতে ভাৰতে ইনিংছ ঘোষণা কৰে ৷

ইয়াৰ পিছত টীম ইণ্ডিয়াক 6-10 ডিচেম্বৰলৈ অনুষ্ঠিত হ’বলগীয়া এডিলেইডত শৃংখলাৰ দ্বিতীয়খন টেষ্ট খেলা দেখিবলৈ পোৱা যাব ।

বিৰাট দীৰ্ঘদিন ধৰি টেষ্ট বেটিং ৰেংকিঙৰ শীৰ্ষ 20 ত আছিল যদিও শেহতীয়াকৈ খেলুৱৈগৰাকী এই তালিকাৰ পৰা বাহিৰ হৈছিল ৷ যিটো আছিল ভাৰতীয় অনুৰাগীসকলৰ বাবে এক ডাঙৰ আঘাত ৷ এতিয়া যদি অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে বাকী থকা মেচসমূহত বিৰাটে উৎকৃষ্ট প্ৰদৰ্শন দাঙি ধৰে, তেন্তে খেলুৱৈগৰাকী এই তালিকাৰ শীৰ্ষ 10 ত প্ৰৱেশ কৰাৰ সম্ভাৱনা আছে ৷

উল্লেখ্য যে, আই চি চি টেষ্ট ৰেংকিঙৰ তালিকা(পুৰুষ) ৰ শীৰ্ষস্থানত আছে ইংলেণ্ডৰ প্ৰাক্তন অধিনায়ক জ’ ৰুট । খেলুৱৈগৰাকীয়ে 903 পইণ্টৰ সৈতে তালিকাৰ শীৰ্ষস্থান লাভ কৰিছে ৷

বিৰাটৰ উপৰিও আন আন ভাৰতীয় খেলুৱৈৰ আধিপত্য

বিৰাট কোহলীৰ উপৰিও এই তালিকাত আছে আন দুগৰাকী ভাৰতীয় খেলুৱৈ ৷ টীম ইণ্ডিয়াৰ অন্যতম গুৰুত্বপূৰ্ণ সদস্য যশস্ৱী জয়ছোৱালেও দুটা স্থান আগুৱাই তালিকাৰ দ্বিতীয় স্থানত উপনীত হৈছে । খেলুৱৈগৰাকীয়ে লাভ কৰিছে 825 পইণ্ট ৷ কেন উইলিয়ামছনক (804) অতিক্ৰম কৰি জয়ছোৱালে এই স্থান লাভ কৰে ৷

আনহাতে, আই চি চি টেষ্ট বলিং ৰেংকিঙত ভাৰতৰ যশপ্ৰীত বুমৰাহে 883 পইণ্টৰ সৈতে প্ৰথম স্থান অধিকাৰ কৰিছে ৷ তদুপৰি একেখন তালিকাত ৰবিচন্দ্ৰন অশ্বিনে 807 পইণ্টৰ সৈতে চতুৰ্থ স্থানত আৰু ৰবীন্দ্ৰ জাদেজাই 794 পইণ্টৰ সৈতে সপ্তম স্থানত আছে ।

লগতে পঢ়ক:ছাইম আয়ুবৰ ধুমুহা; শ্বাহিদ আফ্ৰিদীৰ 14 বছৰীয়া অভিলেখৰ সৈতে সমতা স্থাপন

ABOUT THE AUTHOR

...view details