অসম

assam

ETV Bharat / sports

আই পি এলৰ 250 খন মেচ খেলা প্ৰথমগৰাকী খেলুৱৈত পৰিণত বিৰাট কোহলী - IPL 2024 - IPL 2024

VIRAT KOHLI : ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) ৰ ইতিহাসত একক ফ্ৰেঞ্চাইজিৰ হৈ ২৫০ খন মেচ খেলা প্ৰথমজন খেলুৱৈত পৰিণত হৈছে বিৰাট কোহলী । ৰয়েল চেলেঞ্জাৰ বেংগালুৰুৰ বেটছমেনগৰাকীয়ে লাভ কৰিছে এই কৃতিত্ব ৷

IPL 2024
বিৰাট কোহলী (Source : IANS)

By ETV Bharat Assamese Team

Published : May 12, 2024, 9:39 PM IST

স্প’ৰ্টছ ডেস্ক, 12 মে’: ৰয়েল চেলেঞ্জাৰ বেংগালুৰু (আৰ চি বি) ৰ বেটছমেন তথা ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক বিৰাট কোহলীয়ে আই পি এলৰ ইতিহাসত একক ফ্ৰেঞ্চাইজিৰ হৈ ২৫০ খন মেচ খেলা প্ৰথমগৰাকী খেলুৱৈ হিচাপে নিজৰ নাম লিপিবদ্ধ কৰিছে ৷

দেওবাৰে বেংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত ৰয়েল চেলেঞ্জাৰ বেংগালুৰু আৰু দিল্লী কেপিটেলছৰ মাজত অনুষ্ঠিত মেচখনতে খেলুৱৈগৰাকীয়ে এই মাইলষ্টোনত উপনীত হয় । ইতিমধ্যে ৩৫ বছৰীয়া বিৰাটে আৰ চি বি-ৰ হৈ ২৫০ খন টি-২০ মেচ আৰু চেম্পিয়নছ লীগ টী-২০ ত ফ্ৰেঞ্চাইজিৰ হৈ ১৫ খন মেচত অংশগ্ৰহণ কৰিছে ৷

ইয়াৰোপৰি ২৬৪ খন খেলেৰে এই তালিকাত নাম সন্নিৱিষ্ট কৰা চেন্নাই ছুপাৰ কিংছৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীৰ পিছতে ২৫০ খন আই পি এল মেচ খেলা চতুৰ্থগৰাকী ক্ৰিকেটাৰত পৰিগণিত হৈছে বিৰাট কোহলী ।

২০২৪ চনৰ টী-২০ বিশ্বকাপলৈ মাজত মাথো আছে এমাহ ৷ সম্প্ৰতি বিৰাট কোহলীয়ে খেলপথাৰত মাৰাত্মক ফৰ্ম প্ৰদৰ্শন কৰি আছে । ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি) ৰ হৈ চলি থকা আই পি এলৰ ছিজনত কোহলীয়ে অসাধাৰণ ইনিংছ আগবঢ়াইছে ৷ খেলুৱৈগৰাকীয়ে আই পি এল-ৰ ১২ খন মেচত ১৫৩.৫১ ষ্ট্ৰাইক ৰেটত ৬৩৪ ৰাণ আৰু গড়ে ৭০ ৰো অধিক ৰাণ সংগ্ৰহ কৰে । খেলুৱৈগৰাকী বৰ্তমান আই পি এলৰ অৰেঞ্জ কেপ ধাৰী খেলুৱৈত পৰিণত হৈছে ৷ অৰ্থাৎ আই পি এলৰ ছিজনত সৰ্বাধিক ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে বিৰাট কোহলীয়ে ।

শেহতীয়াকৈ পঞ্জাৱ কিংছৰ বিৰুদ্ধে আৰ চি বি-য়ে অৱতীৰ্ণ হোৱা মেচখনত কোহলীয়ে মাত্ৰ ৪৭ টা বলত ৯২ ৰাণ সংগ্ৰহ কৰে । তেওঁৰ বিস্ফোৰক ইনিংছটোত আছিল ৭ টা চাৰি আৰু আঠটা ছয় ৷ খেলুৱৈগৰাকীয়ে এই প্ৰদৰ্শনেৰে তেওঁৰ ফৰ্ম সন্দৰ্ভত হোৱা সমালোচনাবোৰৰো প্ৰত্যুত্তৰ দিয়ে ৷

লগতে পঢ়ক:ৰকষ্টাৰতকৈ কোনো গুণে কম নহয় বিৰাট কোহলী - Virat Kohli Stunning Look

ABOUT THE AUTHOR

...view details