স্প’ৰ্টছ ডেস্ক, 5 ছেপ্টেম্বৰ:বি চি চি আই হৈছে বিশ্বৰ আটাইতকৈ ধনী ক্ৰিকেট ব’ৰ্ড । বি চি চি আইয়ে ব’ৰ্ডৰ অন্তৰ্গত খেলুৱৈসকলক মেচৰ মাচুল হিচাপে লাখ লাখ টকা পৰিশোধ কৰে । দলৰ খেলুৱৈসকলে সুন্দৰ প্ৰদৰ্শন কৰি হৈ পৰে একো একোটা ব্ৰেণ্ড ।
তাৰপিছত তেওঁলোকে আন উৎসৰ পৰা বিজ্ঞাপনৰ সৈতে বিভিন্ন ব্যৱসায়ত উপাৰ্জন কৰে যথেষ্ট পৰিমাণৰ ধন । আয়ৰ বিনিময়ত খেলুৱৈসকলে পৰিশোধ কৰিব লাগে কৰ ৷ সময়মতে কৰ পৰিশোধ কৰা তেনে তাৰকা খেলুৱৈৰ তালিকাত আছে বহুকেইগৰাকী ভাৰতীয় ক্ৰিকেটাৰৰ নাম ৷ চাওক তেওঁলোক কোন কোন-
বিৰাট কোহলী
ফৰ্চুন ইণ্ডিয়া আলোচনীৰ তথ্য অনুসৰি, ভাৰতৰ ক্ৰিকেট ছেনচেছন বিৰাট কোহলী হৈছে সৰ্বাধিক কৰ পৰিশোধ কৰা ভাৰতীয় ক্ৰিকেটাৰ । কোহলীয়ে 2024 বিত্তীয় বৰ্ষত পৰিশোধ কৰিছে 66 কোটি কৰ । যাৰ বাবে তেওঁ ক্ৰিকেটত সৰ্বাধিক কৰ পৰিশোধ কৰা ক্ৰিকেটাৰৰ তালিকাৰ শীৰ্ষত অৱস্থান কৰিছে ৷ তদুপৰি কোহলী হৈছে ভাৰতীয় চেলিব্ৰিটিসকলৰ ভিতৰত পঞ্চমগৰাকী সৰ্বাধিক কৰ দাতা ।
এম এছ ধোনী
ভাৰতীয় ক্ৰিকেটৰ প্ৰাক্তন অধিনায়ক এম এছ ধোনী ভাৰতীয় ক্ৰিকেট জগতৰ দ্বিতীয় সৰ্বাধিক কৰ দাতা খেলুৱৈ । আনকি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ পাছতো, তেওঁ ভাৰতীয় ক্ৰীড়াৰ এক মুখ্য শক্তি হিচাপে ভূমিকা পালন কৰি আছে । অৱশ্যে ধোনী এতিয়াও আই পি এলৰ এটা ব্ৰেণ্ড হিচাপেই পৰিচিত, য’ৰ পৰা তেওঁ যথেষ্ট ধন উপাৰ্জন কৰে । ধোনীয়ে বছৰত প্ৰায় 38 কোটি টকাৰ কৰ পৰিশোধ কৰি ক্ৰিকেটাৰসকলৰ ভিতৰত দ্বিতীয়গৰাকী সৰ্বাধিক কৰ দাতা খেলুৱৈত পৰিণত হৈছে । অৱশ্যে, এই পৰিমাণ কোহলীয়ে আদায় দিয়া কৰৰ তুলনাত প্ৰায় আধা ৷