থানে(মুম্বাই):ভাৰতীয় প্ৰাক্তন ক্ৰিকেটাৰ বিনোদ কাম্বলিৰ শনিবাৰে নিশা স্বাস্থ্যৰ অৱনতি ঘটে আৰু তেওঁক হাস্পতালত ভৰ্তি কৰোৱা হয় ৷ সংবাদ সংস্থা আইএনএছৰ এক্স পোষ্ট অনুসৰি শচীন তেণ্ডুলকাৰৰ দীৰ্ঘদিনীয়া সহযোগী কাম্বলীক শনিবাৰে গভীৰ নিশা থানেৰ আকৃতি চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । পোষ্টত আৰু কোৱা হৈছে যে, "৫২ বছৰীয়া বিনোদ কাম্বলীৰ অৱস্থা এতিয়া সুস্থিৰ, কিন্তু সংকটজনক হৈ আছে ।" কাম্বলীৰ সমস্যা আৰু সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত এতিয়ালৈকে কোনো সবিশেষ তথ্য পোৱা হোৱা নাই ।
শেহতীয়াকৈ শিৱাজী পাৰ্কত ৰমাকান্ত আম্বেদকাৰৰ প্ৰতিমূৰ্তি উন্মোচনৰ সময়ত ৰাজহুৱাভাৱে উপস্থিত হৈছিল ভাৰতৰ প্ৰাক্তন অ’পেনাৰগৰাকী । একাংশ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ১৯৮৩ চনৰ বিশ্বকাপ বিজয়ী দলটোৰ সদস্যসকলে কাম্বলীৰ স্বাস্থ্যজনিত সমস্যা দূৰ কৰিবলৈ কিছু সহায় আগবঢ়াইছিল । কপিল দেৱ আৰু সুনীল গাভাস্কাৰে সহায় আগবঢ়ায় আৰু তেওঁ পুনৰ্বাসনৰ পৰামৰ্শ দিয়ে ।