অসম

assam

ফোগাটলৈ 16 কোটি টকাৰ পুৰস্কাৰ ! স্বামীয়ে জনালে প্ৰকৃত সত্য - VINESH PHOGAT PRIZE LIST

By ETV Bharat Sports Team

Published : Aug 19, 2024, 2:25 PM IST

vinesh phogat 16cr Prize Money: ভাৰতৰ তাৰকা মল্লযোদ্ধা বিনেশ ফোগাটে বিভিন্ন সংগঠনৰ পৰা পুৰস্কাৰ হিচাপে লাভ কৰিছে 16 কোটি টকা ৷ পিছে কিমানদূৰ সত্য এই কথা ? এই পুৰস্কাৰৰ বিষয়ত মাত মাতিছে বিনেশৰ স্বামী সোমবীৰ ৰাথিয়ে ৷

VINESH PHOGAT PRIZE LIST
ঘৰলৈ ওভোতাৰ মুহূৰ্তত বিনেশ ফোগাট (IANS PHOTO)

স্প’ৰ্টছ ডেস্ক, 19 আগষ্ট: অলিম্পিকত পদকধাৰী খেলুৱৈসকলে যিখিনি সন্মান পাই, তাতকৈও দুগুণ সন্মান লাভ কৰা দেখা গৈছে বিনেশ ফোগাটৰ ক্ষেত্ৰত ৷ পদক অবিহনে স্ব-গৃহলৈ ঘূৰি অহাৰ পিছতো অনুৰাগীয়ে পুৰস্কাৰৰে ওপচাই পেলাইছে মহিলা মল্লযোদ্ধাগৰাকীক ৷ দিল্লী বিমানবন্দৰৰ পৰা হাৰিয়ানাৰ বালালীস্থিত গাঁৱলৈ অহাৰ পথতে ফোগাটক বিভিন্ন পুৰস্কাৰৰে পুৰস্কৃত কৰিছে অনুৰাগীসকলৰ লগতে সাধাৰণ জনতাই ৷

বিনেশে 16 কোটি টকাৰ পুৰস্কাৰ লাভ কৰাৰ দাবী

শনিবাৰে অনুষ্ঠিত এক বিশাল অভ্যৰ্থনাৰ পিছত দেওবাৰে বিনেশৰ গাঁও বালালীতো অনুষ্ঠিত হৈছিল এক বিশাল সম্বৰ্ধনা অনুষ্ঠান । য’ত হাজাৰ হাজাৰ জনসাধাৰণে যোগদান কৰিছিল আৰু বিনেশক পুৰস্কৃত কৰিছিল । এই সকলোবোৰৰ মাজতে সামাজিক মাধ্যমক ভাইৰেল হৈ পৰিছে এক বিশেষ পোষ্ট ৷ য’ত বহুকেইটা দল-সংগঠনে খেলুৱৈগৰাকীক পুৰস্কৃত কৰাৰ কথা উল্লেখ কৰিছে ৷

পোষ্টটোত উল্লেখ কৰা অনুসৰি, আন্তৰ্জাতিক জাট মহাসভা, হাৰিয়ানা ব্যপাৰ সংঘতান আৰু পঞ্জাৱ জাট এছ'চিয়েশ্যনে আদিয়ে বিনেশক প্ৰদান কৰিছিল 2 কোটিকৈ টকা ৷ পোষ্টত কৰা দাবী অনুসৰি, বিনেশক পুৰস্কাৰ হিচাপে মুঠ 16 কোটি টকা আৰু অতিৰিক্ত নগদ ধন হিচাপে প্ৰদান কৰা হৈছে 30 লাখ টকা ৷ পিছে কিমানদূৰ সত্য এই কথা ?

পিছে এই সকলোবোৰ দাবী একেমুখে নস্যাৎ কৰিছে বিনেশৰ স্বামী সোমবীৰ ৰাথিয়ে ৷ ৰাথিয়ে ভাইৰেল পোষ্টটোৰ ওপৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি পোষ্টটোত কৰা সকলো দাবী অস্বীকাৰ কৰিছে ।

বিনেশৰ স্বামী সোমবীৰ ৰাথিয়ে জনালে প্ৰকৃত সত্য

বিনেশৰ স্বামী সোমবীৰ ৰাথিয়ে তেওঁৰ এক্স একাউণ্টত এটা পোষ্টত লিখিছিল এনেদৰে, "বিনেশ ফোগাটে নিম্নলিখিত প্ৰতিষ্ঠান, ব্যৱসায়ী, কোম্পানী আৰু দলবোৰৰ পৰা কোনো পুঁজি লাভ কৰা নাই । আপোনালোক সকলো আমাৰ শুভাকাংক্ষী, অনুগ্ৰহ কৰি মিছা বাতৰি প্ৰচাৰ নকৰিব । ই আমাক ক্ষতি কৰিব । সামাজিক মূল্যবোধো ক্ষতিগ্ৰস্ত হ'ব । এইটো কেৱল সস্তীয়া প্ৰচাৰ পোৱাৰ এক উপায়" ৷

লগতে পঢ়ক:অলিম্পিকত নাপালে কি হ’ল ! ঘৰলৈ ওভতা বিনেশ ফোগাটক প্ৰদান স্বৰ্ণ পদক - VINESH PHOGAT PRIZE

ABOUT THE AUTHOR

...view details