স্পৰ্টছ ডেস্ক, ৩০ জানুৱাৰী :দক্ষিণ আফ্ৰিকাত চলি থকা অনূৰ্ধ্ব ১৯ ক্ৰিকেট বিশ্বকাপৰ ছুপাৰ ছিক্সৰ মেচত মঙলবাৰে নিউজীলেণ্ডৰ সন্মুখীন হয় গ্ৰুপৰ শীৰ্ষত থকা ভাৰত । টছত জয়ী হৈ নিউজীলেণ্ডে যোৱাবাৰৰ চেম্পিয়ন ভাৰতৰ বিৰুদ্ধে ফিল্ডিং কৰাৰ সিদ্ধান্ত লয় । ভাৰতে নিৰ্ধাৰিত ৫০ অভাৰত৮ উইকেটৰ বিনিময়ত ২৯৫ ৰাণ সংগ্ৰহ কৰে । ছুপাৰ ছিক্সৰ মেচখনত জয়লাভৰ বাবে কিৱি দলটোৰ সন্মুখত এতিয়া ২৯৬ ৰাণৰ লক্ষ্য ।
ভাৰতৰ হৈ সুন্দৰ বেটিং ফৰ্মত থকা মুচিৰ খানে প্ৰতিযোগিতাখনত দ্বিতীয়টো শতক অৰ্জন কৰে । উইকেটৰ কেউদিশে শ্বট খেলি মুচিৰ খানে দলৰ হৈ সৰ্বাধিক ১২৬ বলত ১৩১ ৰাণ সংগ্ৰহ কৰে ।
ভাৰতৰ হৈ ইনিংছ মুকলি কৰে আদৰ্শ সিং আৰু আৰ্শিন কুলকাৰ্ণীয়ে । অৱশ্যে আৰ্শিন কুলকাৰ্ণী সফল হ'ব নোৱাৰিলেও আদৰ্শ সিঙে অৰ্ধ শতক অৰ্জন কৰে । তেওঁ ৫৮ বলত ৫২ ৰাণ সংগ্ৰহ কৰে । অধিনায়ক উদয় চাহাৰণে তৃতীয় সৰ্বাধিক ৩৪ ৰাণ সংগ্ৰহ কৰে । এটা সময়ত ভাৰতীয় ইনিংছে ৩০০ ৰাণৰ সীমা স্পৰ্শ কৰিব বুলি আশা কৰা হৈছিল যদিও মুচিৰ খানৰ উইকেট পতন আৰু অন্তিম অভাৰত সুন্দৰ বলিঙৰ বাবে ভাৰতৰ ইনিংছ ২৯৫ ৰাণত সীমিত হয় ।
আনহাতে, নিউজীলেণ্ডৰ হৈ সফল বলাৰ হৈছে মেছন ক্লাৰ্ক । ক্লাৰ্কে ৮ অভাৰত ৬২ ৰাণ খৰচ কৰি চাৰিটা উইকেট দখল কৰে । আনাহতে, ৰিয়ান টুৰ্গাছ, ইৱাল্ড শ্ৰেউডাৰ, জেক কামিং আৰু অলি তেৱেতীয়াই এটাকৈ উইকেট দখল কৰে ।