অসম

assam

By ETV Bharat Sports Team

Published : 4 hours ago

ETV Bharat / sports

ভাৰতৰ বিৰুদ্ধে টেষ্ট শৃংখলাৰ পূৰ্বে অধিনায়কত্ব এৰিলে টিম চাউথীয়ে - TIM SOUTHEE RESIGNS

Tim Southee resigns as NZ Test captain: ভাৰত ভ্ৰমণৰ পূৰ্বে নিউজিলেণ্ডৰ টেষ্ট অধিনায়কৰ পদৰ পৰা পদত্যাগ কৰিছে টিম চাউথীয়ে । এই স্থানত কাক নিযুক্তি দিয়া হ’ব, সম্প্ৰতি তাক লৈ চলিছে জল্পনা-কল্পনা ৷

TIM SOUTHEE RESIGNS
টিম চাউথীৰ পদত্যাগ (AFP Photo)

স্প’ৰ্টছ ডেস্ক, 2 অক্টোবৰ:ভাৰতৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া টেষ্ট শৃংখলাৰ পূর্বে নিউজিলেণ্ড ক্ৰিকেট দলত হৈছে এক বৃহৎ পৰিৱর্তন ৷ 16 অক্টোবৰৰ পৰা আৰম্ভ হ’বলগীয়া 3 খন মেচৰ টেষ্ট শৃংখলাৰ বাবে নিউজিলেণ্ডে কৰিব ভাৰত ভ্ৰমণ ৷ ইয়াৰ পূৰ্বে টিম চাউথীয়ে দলটোৰ অধিনায়কত্বৰ পৰা পদত্যাগ কৰে । শ্ৰীলংকাৰ বিৰুদ্ধে শোচনীয় পৰাজয়ৰ পিছতে এই সিদ্ধান্ত গ্ৰহণ কৰে ক্ৰিকেটাৰগৰাকীয়ে ।

টম লেথাম হ’ব নতুন টেষ্ট অধিনায়ক

নিউজিলেণ্ডে ঘোষণা কৰিছে যে, দ্ৰুত বলাৰ টিম চাউথীৰ স্থানত নিযুক্তি প্ৰদান কৰা হ’ব টম লেথামক ৷ ইতিমধ্যে এই পদত লেথামক অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে । লেথামে ইতিমধ্যে এদিনীয়া আৰু টি-20 ক্ৰিকেটত নিউজিলেণ্ডৰ অধিনায়ক হিচাপে দায়িত্ব পালন কৰি আছে ।

অধিনায়কৰ পদ ত্যাগ টিম চাউথীৰ

2022 চনৰ শেষত কেন উইলিয়ামছনে অধিনায়কৰ পদ ত্যাগ কৰাৰ পিছৰে পৰা চাউথীয়ে নিউজিলেণ্ডৰ টেষ্ট দলক নেতৃত্ব প্ৰদান কৰি আছিল । তেওঁ 14 খন টেষ্ট মেচত দলটোৰ অধিনায়কৰ দায়িত্ব পালন কৰিছিল, য’ত দলটোৱে 6 খন মেচত জয়ী হোৱাৰ বিপৰীতে দুখন মেচ অমীমাংসিতভাৱে সামৰণি পৰিছিল ৷

অৱশ্যে সেই সময়ত নিউজিলেণ্ডে 6 খন মেচত পৰাজয়ৰ সন্মুখীন হয় । যাৰ ভিতৰত আছে শেহতীয়াকৈ শ্ৰীলংকাৰ বিৰুদ্ধে 0-2 ব্যৱধানত দলটোৰ পৰাজয় ।

দলৰ স্বাৰ্থত ত্যাগ

টেষ্ট অধিনায়কৰ পদ ত্যাগ কৰাৰ পিছত 35 বছৰীয়া চাউথীয়ে কয় যে, "পদত্যাগ কৰাৰ সিদ্ধান্ত দলটোৰ সৰ্বোত্তম মংগলৰ বাবেহে ৷ তদুপৰি দলৰ নতুন অধিনায়ক হিচাপে লাথামক সমৰ্থন কৰিম ৷ অতি বিশেষ ফৰ্মেটত ব্লেক কেপছৰ অধিনায়ক হোৱাটো মোৰ বাবে এক ডাঙৰ সন্মান আৰু সৌভাগ্যৰ বিষয় । মোৰ সমগ্ৰ কেৰিয়াৰত, মই সদায় দলটোক প্ৰথম স্থান দিবলৈ চেষ্টা কৰি আহিছো আৰু মই বিশ্বাস কৰোঁ যে এইটো দলটোৰ বাবে সৰ্বশ্ৰেষ্ঠ সিদ্ধান্ত" ৷

লগতে পঢ়ক:বাবৰ আজমৰ আকস্মিক সিদ্ধান্ত; সলনি হ’ব পাৰে এইগৰাকী ক্ৰিকেটাৰৰ ভাগ্য - PAKISTANI CRICKETER BABAR AZAM

ABOUT THE AUTHOR

...view details