স্প’ৰ্টছ ডেস্ক, 15 ছেপ্টেম্বৰ: ইতিমধ্যে বাংলাদেশৰ সৈতে টেষ্ট শৃংখলাত অংশগ্ৰহণৰ বাবে যুদ্ধংদেহী প্ৰস্তুতি আৰম্ভ কৰিছে টীম ইণ্ডিয়াই ৷ দলটো চেন্নাইত উপস্থিত হোৱাৰ পিছত আৰম্ভ কৰিছে নেট অনুশীলন ৷ শৃংখলাৰ প্ৰথমখন মেচ 19 ছেপ্টেম্বৰৰ পৰা চেন্নাইত অনুষ্ঠিত হোৱাৰ বিপৰীতে দ্বিতীয়খন মেচ অনুষ্ঠিত হ’ব কানপুৰত ৷
এই শৃংখলাটো ভাৰতীয় ক্ৰিকেট দলটোৰ বাবে অতি গুৰুত্বপূৰ্ণ ৷ কিয়নো বাংলাদেশক পৰাস্ত কৰিব পাৰিলে দলটোৱে লাভ কৰিব এক অনন্য অভিলেখ লিপিবদ্ধ কৰাৰ সোণালী সুযোগ ৷
ভাৰতীয় দলৰ ওচৰত ইতিহাস সৃষ্টি কৰাৰ সুযোগ
যদিহে শৃংখলাৰ প্ৰথমখন মেচত বাংলাদেশৰ বিৰুদ্ধে ভাৰতে জয় লাভ কৰে, তেন্তে ই হৈ পৰিব এক বৃহৎ অভিলেখ ৷ 1932 চনত টেষ্ট অভিষেকৰ পিছত ভাৰতে মুঠ 579 খন মেচত অংশগ্ৰহণ কৰিছে ৷ য’ত 178 খনত জয় লাভ কৰিছে দলটোৱে আৰু পৰাস্ত হৈছে 178 খন মেচত । বাকী থকা 223 খন মেচৰ ভিতৰত 222 খন মেচৰ সমাপ্তি হৈছিল অমীমাংসিতভাৱে আৰু এখন মেচ বাতিল কৰা হৈছিল ।
ভাৰতীয় ক্ৰিকেট দলৰ সদস্যসকল (IANS PHOTOS) যদিহে 19 ছেপ্টেম্বৰৰ পৰা চেন্নাইত অনুষ্ঠিত হ’বলগীয়া প্ৰথমখন টেষ্টত ভাৰতে বাংলাদেশৰ বিৰুদ্ধে জয় লাভ কৰে, তেন্তে টেষ্ট ক্ৰিকেটত পৰাজয়তকৈ অধিক জয় লাভ কৰা পঞ্চমটো দলত পৰিণত হ'ব ভাৰত । ভাৰতে এতিয়ালৈকে এই অভিলেখ স্পৰ্শ কৰিবলৈ সক্ষম হোৱা নাই ।
যদি তেওঁলোকে এই লক্ষ্যত উপনীত হয়, তেন্তে 1932 চনৰ পিছত অৰ্থাৎ 92 বছৰৰ পিছত প্ৰথমবাৰৰ বাবে গঢ়িব এই অভিলেখ ৷ টেষ্ট ক্ৰিকেটৰ ইতিহাসত পূৰ্বে মাত্ৰ চাৰিটা দলেহে পৰাজয়তকৈ অধিক জয় সাব্যস্ত কৰিছে ।
টেষ্টত পৰাজয়তকৈ অধিক জয়ৰ সোৱাদ লাভ কৰা দল
- এই তালিকাৰ প্ৰথম স্থানত আছে অষ্ট্ৰেলিয়া, যিয়ে 866 খন টেষ্ট মেচ খেলি 414 খনত জয়ী হৈছে ৷ বিপৰীতে 232 খনত পৰাজিত হৈছে ৷
- ইংলেণ্ডে 1,077 খন টেষ্ট মেচ খেলি 397 খনত জয় আৰু 325 খনত পৰাজয়ৰ সৈতে তালিকাৰ দ্বিতীয় স্থানত আছে ।
- দক্ষিণ আফ্ৰিকাই 466 খন টেষ্ট খেলিছে, য'ত 179 খন মেচ জিকিছে দলটোৱে ৷ বিপৰীতে 161 খনত পৰাজয়বৰণ কৰে দলটোৱে ৷ দলটো আছে তালিকাৰ তৃতীয় স্থানত ।
- পাকিস্তানে 458 খন টেষ্ট মেচৰ ভিতৰত 148 খনত জয় লাভ কৰিছে ৷ তালিকাৰ চতুৰ্থ স্থানত থকা দলটোৱে 144 খন মেচত পৰাজিত হৈছে ।
লগতে পঢ়ক:কোনজন ক্ৰিকেটাৰে কিমান দামী বেট ব্যৱহাৰ কৰে জানিবলৈ মন নাযায় নে ? - EXPENSIVE BATS USED BY CRICKETERS