স্পৰ্টছ ডেস্ক,৩০ মে':জুনত আৰম্ভ হ'ব পুৰুষৰ আইচিচি টি-২০ ক্ৰিকেট বিশ্বকাপ । ৯ জুনত নিউয়ৰ্কত অনুষ্ঠিত হ'ব ভাৰত আৰু পাকিস্তানৰ মাজত গুৰুত্বপূৰ্ণ মেচখন । কিন্তু তাৰ পূৰ্বে ইছলামিক ষ্টেট সন্ত্ৰাসবাদী সংগঠনে ভাবুকি প্ৰদান কৰিছে । ইয়াৰ পিচতে নিউয়ৰ্কত নিৰাপত্তা বৃদ্ধি কৰা হৈছে । নিউয়ৰ্কৰ গভৰ্ণৰ কেথি হোচুলে এই সন্দৰ্ভত কয় যে তেওঁ এনৱাইপিডিক নিৰাপত্তা বৃদ্ধি কৰিবলৈ নিৰ্দেশ দিছে ।
নিউয়ৰ্ক চহৰৰ সীমান্তৱৰ্তী নাছাউ কাউণ্টিৰ মুৰব্বী ব্ৰুছ ব্লেকমেনে কয় যে তেওঁলোকে যিকোনো পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ সাজু । সকলো সাৱধানতা অৱলম্বন কৰা হৈছে । প্ৰতিটো ভাবুকিক গুৰুত্ব সহকাৰে লোৱা হৈছে । এনে ধৰণৰ ভাবুকিক লৈ অধিক চিন্তিত নহয় বুলিও তেওঁ উল্লেখ কৰে ।
ইছলামিক ষ্টেট সন্ত্ৰাসবাদী আইএছআইএছয়ে এই ভাবুকি প্ৰদান কৰিছে । সংগঠনটোৱে ব্ৰিটিছ চেট চাইটত ক্ৰিকেট ষ্টেডিয়ামৰ এখন ফটো পোষ্ট কৰিছিল, যাৰ ওপৰত ড্ৰোণ উৰি আছিল । তাৰ ওপৰত ভাৰত-পাকিস্তান খেলৰ তাৰিখ ৯/০৬/২০২৪ লিখা আছিল । এনবিচি নিউয়ৰ্ক টিভিৰ এক প্ৰতিবেদনত পোষ্টটোৰ এটা স্ক্ৰীণশ্বট প্ৰকাশ কৰা হৈছে ।