স্পৰ্টছ ডেস্ক, ১১ জুন :প্ৰায় ১ বছৰ পূৰ্বে ভাৰতীয় ক্ৰিকেট দলৰ অংশ হৈছিল যুৱ বেটছমেন যশস্বী জয়ছোৱাল । দলৰ অংশ হোৱাৰে পৰা একেৰাহে আকৰ্ষণীয় ইনিংছৰ জৰিয়তে ভাৰতীয় অনুৰাগীসকলৰ মন জয় কৰি আহিছে জয়ছোৱালে । ভাৰতে নহয় বিশ্বৰ বিভিন্ন প্ৰান্তৰ অনুৰাগীও তেওঁৰ প্ৰদৰ্শনৰ প্ৰতি আকৃষ্ট হোৱা দেখা গৈছে ।
নম্ৰ স্বভাৱৰ দ্বাৰা জয়ছোৱালে আকৌ এবাৰ সকলোৰে হৃদয় স্পৰ্শ কৰিবলৈ সক্ষম হৈছে । যোৱা ৯ জুনত টি-২০ বিশ্বকাপ ২০২৪ ত ভাৰত আৰু পাকিস্তানৰ মাজত খেল অনুষ্ঠিত হৈছিল । ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন বেটছমেন শচীন তেণ্ডুলকাৰে তেওঁৰ পৰিয়ালৰ সৈতে এই খেলখন উপভোগ কৰিবলৈ নিউয়ৰ্কত উপস্থিত হৈছিল । সেই সময়ছোৱাত যেতিয়া তেওঁ খেলপথাৰলৈ গৈছিল যশস্বী জয়ছোৱালক সাক্ষাৎ কৰিছিল ।
জয়ছোৱাল আৰু শচীন তেণ্ডুলকাৰৰ সাক্ষাতৰ মুহূৰ্তই সকলো ক্ৰিকেট অনুৰাগীৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছে । যশস্বীয়ে প্ৰথমে শচীন তেণ্ডুলকাৰৰ ভৰি স্পৰ্শ কৰি আশীৰ্বাদ লৈছিল আৰু শচীনে তেওঁক বাধা দিছিল আৰু তেওঁক সাৱটি ধৰিছিল । যশস্বীয়ে ক্ৰিকেটৰ ভগৱান বুলি জনাজাত শচীনক আলিংগন কৰা দেখি অনুৰাগীসকল অতি আনন্দিত হোৱা দেখা গৈছিল ।