স্পৰ্টছ ডেস্ক, 8 জুন : আজি T-২০ বিশ্বকাপত অনুষ্ঠিত হ’ব বহু প্ৰতীক্ষিত ভাৰত আৰু পাকিস্তানৰ মাজৰ হাই ভল্টেজ মেচ ৷ ইয়াৰ পূৰ্বে 2022 চনৰ T-২০ বিশ্বকাপত যেতিয়া টীম ইণ্ডিয়াই পাকিস্তানৰ বিৰুদ্ধে খেলিছিল, তেতিয়া টীম ইণ্ডিয়াৰ তাৰকা বেটছমেন বিৰাট কোহলীক দলটোৰ ত্ৰাণকৰ্তাৰ ভূমিকাত দেখা গৈছিল ৷ শেষৰ অভাৰত কোহলীয়ে পাকিস্তানৰ বিৰুদ্ধে ৰোমাঞ্চকৰ মেচত টীম ইণ্ডিয়াক জয়ৰ দিশত আগুৱাই লৈ গৈছিল ৷ এতিয়া পুনৰ এবাৰ T-২০ বিশ্বকাপ 2024 আজি নিশা 8 বজাত নিউয়ৰ্কৰ নাছাউ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব আৰু দুয়োটা দলৰ মাজত তীব্ৰ যুঁজ দেখা যাব ৷
বিৰাটে যেতিয়া মেচ বিজয়ী ইনিংছ খেলিছিল-
তেতিয়া ভাৰত আৰু পাকিস্তানৰ মাজত শেষবাৰৰ বাবে T-২০ বিশ্বকাপ 2022ত সংঘৰ্ষ হৈছিল ৷ এই মেচখনত প্ৰথমে বেটিং কৰি পাকিস্তানে 20 অভাৰত 8 উইকেটত 159 ৰান সংগ্ৰহ কৰে ৷ 160 ৰানৰ লক্ষ্য খেদি ভাৰতীয় দলটোৱে 31 ৰানত 4টা উইকেট হেৰুৱাইছিল ৷ এনে পৰিস্থিতিত টীম ইণ্ডিয়াৰ বাবে বিৰাট কোহলী হৈ পৰিল ত্ৰাণকৰ্তা ৷ এই মেচখনত তেওঁ কেৱল 82 ৰানৰ অপৰাজিত ইনিংছ খেলাই নহয়, শেষলৈকে ক্ৰীজত থাকি টীম ইণ্ডিয়াক জয়ৰ দিশত আগুৱাই লৈ যায় ৷
এই মেচখনত এটা সময়ত ভাৰতক জয়ী হ’বলৈ 8 বলত 28 ৰানৰ প্ৰয়োজন হৈছিল ৷ পাকিস্তানৰ হৈ বলিং কৰি আছিল হেৰিছ ৰাউফে ৷ এনে পৰিস্থিতিত তেওঁৰ সন্মুখত উপস্থিত আছিল বিৰাট কোহলী ৷ বিৰাটে শেষৰ দুটা বলত দুটা ছয় কোবাই মেচখনক এক ৰোমাঞ্চকৰ পৰ্যায়লৈ আনে ৷
লগতে পঢ়ক :টি-২০ বিশ্বকাপ ইতিহাসত পাকিস্তানৰ বিৰুদ্ধে বিৰাট কোহলীৰ ঈৰ্ষণীয় পৰিসংখ্যা - T20 World Cup 2024
বিৰাটে শেষ অভাৰত নিজৰ যাদু দেখুৱাইছিল-
এতিয়া দলটোক শেষৰ 6টা বলত জয়ী হ’বলৈ 16 ৰানৰ প্ৰয়োজন হৈছিল ৷ পাকিস্তানৰ হৈ শেষ অভাৰত বলিং কৰে মহম্মদ নৱাজে ৷ প্ৰথম বলত তেওঁ হাৰ্দিক পাণ্ডিয়াক আউট কৰে ৷ দ্বিতীয় বলত কাৰ্তিকে চিংগল লৈ বিৰাটক ষ্ট্ৰাইক দিয়ে ৷ তৃতীয় বলত বিৰাট কোহলীয়ে 2 ৰান লয় ৷ এই অভাৰৰ চতুৰ্থ বলটো আছিল ন’ বল য’ত কোহলীয়ে ছয় কোবাই ৷ এনে পৰিস্থিতিত ভাৰতক জয়ী হ’বলৈ 3 টা বলত 6 ৰানৰ প্ৰয়োজন হৈছিল ৷
ইয়াৰ পিচত নৱাজৰ পৰৱৰ্তী বলটো ৱাইড হয় ৷ এই অভাৰৰ চতুৰ্থ বলত বিৰাটে বাই তিনিটা ৰান সংগ্ৰহ কৰে ৷ এই অভাৰৰ পঞ্চম বলত নৱাজে দীনেশ কাৰ্তিকক ষ্টাম্প কৰে ৷ তেতিয়া ভাৰতক জয়ী হ’বলৈ শেষৰ বলত 2 ৰানৰ প্ৰয়োজন হৈছিল ৷ তাৰ পাচত নৱাজে অশ্বিনক ৱাইড বল দিয়াত স্ক’ৰ সমান হয় ৷ এতিয়া ভাৰতক জয়ী হ’বলৈ শেষৰ বলত 1 ৰানৰ প্ৰয়োজন হৈছিল আৰু অশ্বিনে 1 ৰান কৰি ভাৰতক জয় প্ৰদান কৰিছিল ৷
এই জয়ৰ নায়ক আছিল বিৰাট কোহলী, যিয়ে পৰাজয়ৰ মুখৰ পৰা জয় কাঢ়ি লৈ মেচৰ গতি ঘূৰাই দিছিল ৷ এই খেলখনত বিৰাটে 53 টা বলত 6 টা চাৰি আৰু 4 টা ছয়ৰে 82 ৰানৰ অপৰাজিত ইনিংছ খেলিছিল ৷ এতিয়া আজি আকৌ এবাৰ ভাৰতীয় অনুৰাগীয়ে বিৰাট কোহলীৰ পৰা এনে বিস্ফোৰক ইনিংছ আশা কৰিছে ৷
T-20 বিশ্বকাপত পাকিস্তানৰ বিৰুদ্ধে বিৰাটৰ প্ৰদৰ্শন-
- 2012 চনৰ T-২০ বিশ্বকাপত 78 ৰানৰ অপৰাজিত ইনিংছ
- 2014 চনৰ T-২০ বিশ্বকাপত 36 ৰানৰ অপৰাজিত ইনিংছ
- 2016 চনৰ T-২০ বিশ্বকাপত 55 ৰানৰ অপৰাজিত ইনিংছ
- 2021 চনৰ T-২০ বিশ্বকাপত 57 ৰানৰ ইনিংছ
- 2022 চনৰ T-২০ বিশ্বকাপত 82 ৰানৰ অপৰাজিত ইনিংছ
লগতে পঢ়ক :টি-২০ বিশ্বকাপৰ আজি মহাৰণ; সমুখ সমৰত ভাৰত বনাম পাকিস্তান - T20 World Cup 2024