স্প’ৰ্টছ ডেস্ক, 29 জুন: শনিবাৰে অনুষ্ঠিত হ’ব টি 20 বিশ্বকাপৰ ফাইনেল ৷ এই মেচখন অনুষ্ঠিত হ’ব ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত ৷ বিগত 10 বছৰৰ পিছত ভাৰতে টি 20 বিশ্বকাপৰ ফাইনেলত অৱতীৰ্ণ হোৱাৰ বিপৰীতে পোনপ্ৰথমবাৰৰ বাবে বিশ্বকাপৰ ফাইনেলত অৱতীৰ্ণ হৈছে দক্ষিণ আফ্ৰিকা ৷ সেয়ে মেচখন দুয়োটা দলৰ বাবেই গুৰুত্বপূৰ্ণ ৷
লগতে পঢ়ক:টি-২০ বিশ্বকাপৰ ফাইনেলত বৰষুণৰ সম্ভাৱনা: খেল বাতিল হ’লে কোন হ’ব বিজয়ী ? - T20 World Cup 2024 final
এই মেচখনৰ কেইটামান বৈশিষ্ট্য এনেধৰণৰ -
- দুয়োটা দল এই প্ৰতিযোগিতাত অপৰাজিত
- ভাৰতে ২০০৭ চনত মাত্ৰ এবাৰ ট্ৰফী জিকিছিল
- আইচিচি শৃংখলাৰ যিকোনো ফাইনেলত প্ৰথমবাৰৰ বাবে অৱতীৰ্ণ দক্ষিণ আফ্ৰিকা
- কেপ্টেইন হিচাপে ৰোহিত শৰ্মাৰ দুটাকৈ কাৰ্যকালত ভাৰতৰ বাবে এয়া তৃতীয়খন টি 20 ফাইনেল ৷ য’ত মুখ্য প্ৰশিক্ষকৰ দায়িত্বত আছে ৰাহুল দ্ৰাবিড় ৷
লগতে পঢ়ক:লক্ষ্য ফাইনেল : বাৰ্বাডোছত উপস্থিত ভাৰতীয় দল - T20 World Cup 2024
- ফাইনেলত প্ৰৱেশৰ পূৰ্বে ভাৰতে নিউয়ৰ্কৰ এক জটিল পিটছত তিনিখন মেচ খেলি আটাইবোৰ মেচতে জয় লাভ কৰিছিল
- আমেৰিকা যুক্তৰাষ্ট্ৰৰ গ্ৰুপ পৰ্যায়ৰ খেলত আয়াৰলেণ্ড, পাকিস্তান আৰু আমেৰিকা যুক্তৰাষ্ট্ৰক পৰাজিত কৰে
- কেৰিবিয়ান পিটছত ভাৰতে আফগানিস্তান, বাংলাদেশ আৰু অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে চুপাৰ 8 ৰ আটাইবোৰ মেচ জিকিছিল
- ছেমি ফাইনেলত ইংলেণ্ডক ৬৮ ৰাণত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে ভাৰতীয় দলটোৱে ৷