অসম

assam

ETV Bharat / sports

বিশ্বকাপত অষ্ট্ৰেলিয়ান দলৰ অথন্তৰ : বেগ হেৰাল কামিন্সৰ, বিমান বিলম্ব মেক্সৱেল-ষ্টাৰ্কৰ - T20 World Cup 2024

T20 World Cup 2024 : দেওবাৰৰ পৰা আৰম্ভ হৈছে টি-২০ বিশ্বকাপ । কিন্তু বিশ্বকাপলৈ যাওঁতে যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে অষ্ট্ৰেলিয়ান ক্ৰিকেট দলটো । বাৰ্বাডোজলৈ য়োৱাৰ পথত বেগ হেৰাই কামিন্সৰ । আনহাতে, মেক্সৱেল আৰু ষ্টাৰ্কৰ বিমানো বিলম্ব হয় ।

By ETV Bharat Assamese Team

Published : Jun 3, 2024, 5:06 PM IST

T20 World Cup 2024
অষ্ট্ৰেলিয়ান ক্ৰিকেট দলৰ একাংশ খেলুৱৈ (ETV Bharat)

স্পৰ্টছ ডেস্ক, ৩ জুন :আমেৰিকা আৰু ৱেষ্ট ইণ্ডিজত টি-২০ বিশ্বৰণৰ দামামা বাজি উঠিছে । দেওবাৰৰ পৰা আৰম্ভ হৈছে ক্ৰিকেটৰ অন্যতম জনপ্ৰিয় সংস্কৰণটোৰ বিশ্বকাপ প্ৰতিযোগিতা । কিন্তু তাৰ মাজতে অষ্ট্ৰেলিয়ান ক্ৰিকেট দলটোৰ অথন্তৰ ঘটিছে । ওমানৰ বিৰুদ্ধে টি-২০ বিশ্বকাপৰ প্ৰথমখন মেচৰ বাবে প্ৰস্তুতি চলাই থকাৰ সময়তে কেংগাৰু দলটোৰ কেইবাজনো গুৰুত্বপূৰ্ণ খেলুৱৈয়ে বাৰ্বাডোজত দলটোৰ সৈতে যোগদান কৰাত অসুবিধাৰ সন্মুখীন হৈছে । cricket.com.au-ৰ মতে, ফাষ্ট বলাৰ মিচেল ষ্টাৰ্ক, পেট কামিন্স আৰু অলৰাউণ্ডাৰ গ্লেন মেক্সৱেলে ভ্ৰমণৰ সময়ত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে ।

উল্লেখ্য যে আই পি এলৰ ফাইনেলত অংশগ্ৰহণৰ পিচত পেট কামিন্সে অষ্ট্ৰেলিয়াত কিছু সময় জিৰণি লৈ ৱেষ্ট ইণ্ডিজলৈ দুদিনীয়া ভ্ৰমণ কৰে । কিন্তু তেওঁ লক্ষ্য কৰে যে তেওঁৰ বেগ আদবাটতে হেৰাই গৈছে । ক্ৰিকেট.কম.এ ইউৰ উদ্ধৃতি দি এষ্টন এগৰে সংবাদ মাধ্যমৰ আগত কয়, "কেইবাগৰাকীও খেলুৱৈ আই পি এলৰ বাবে দীৰ্ঘদিন ধৰি ভাৰতত আছে, তেওঁলোকৰ মাজৰ কিছুমানে সম্ভৱত ৪৮ ঘণ্টা অতিবাহিত কৰিব লাগিব, সেয়েহে এনে কিবা এটা কৰিলে যথেষ্ট সতেজতা আহিব ।"

তেওঁ লগতে কয়, "মই ভাবোঁ যে যদি আপুনি এবাৰ এনে কৰে, তেন্তে আপুনি মানসিকভাৱে প্ৰস্তুত হ'ব পাৰিব । কিয়নো আপুনি ইতিমধ্যে কেৰিবিয়ান খেলপথাৰ উপভোগ কৰিছে । ইয়াৰ মাজতে ষ্টাৰ্ক আৰু মেক্সৱেলে বিমান বিলম্বৰ সন্মুখীন হ'বলগা হয় । যাৰ ফলত লছ এঞ্জেলছ আৰু মিয়ামিত নিশাটো কটাবলগীয়া হয় । আন এগৰাকী অলৰাউণ্ডাৰ মাৰ্কাছ ষ্টইনিছেও সমস্যাৰ সন্মুখীন হয় । অনুশীলন মেচৰ বাবে তেওঁৰ ক্ৰিকেট কিট ত্ৰিনিদাদ গৈ পোৱা নাছিল ।"

অৱশ্যে দলটোৱে তেওঁলোকৰ বিশ্বকাপৰ লক্ষ্যৰ পৰা আঁতৰি যোৱা নাই । পিচদিনা পুৱা এষ্টন এগৰ আৰু চাৰিগৰাকী সতীৰ্থই ছেইণ্ট ফিলিপৰ দক্ষিণ-পূব পেৰিছত অৱস্থিত ৱিণ্ডৱাৰ্ড ক্ৰিকেট ক্লাবত এক বিকল্প প্ৰশিক্ষণ শিবিৰত অংশগ্ৰহণ কৰে । উল্লেখ্য যে অষ্ট্ৰেলিয়াই অহা ৬ জুনত বাৰ্বাডোজৰ ব্ৰিজটাউনৰ কেনিংটন অভেলত ওমানৰ বিৰুদ্ধে নিজৰ বিশ্বকাপ অভিযান আৰম্ভ কৰিব ।

লগতে পঢ়ক :মসৃণ নাছিল অষ্ট্ৰেলিয়াৰ টি-২০ বিশ্বকাপৰ যাত্ৰা - Australia T20 World Cup Journey

ABOUT THE AUTHOR

...view details