অসম

assam

ETV Bharat / sports

খেল বাতিল হ'লেও কোহলীৰ সৈতে ফটো তোলাত ব্যস্ত কানাডাৰ খেলুৱৈ - T20 World Cup 2024

T20 World Cup 2024: ভাৰত আৰু কানাডাৰ মাজৰ খেলখন বৰষুণৰ বাবে বাতিল কৰা হয় । যাৰ বাবে কানাডিয়ান খেলুৱৈসকলে ভাৰতৰ সৈতে খেলিবলৈ সুযোগ নাপালে । তাৰ পিচত কানাডিয়ান খেলুৱৈসকলে বিৰাট কোহলীৰ সৈতে ফটোৰ বাবে পোজ দিয়া দেখা গ'ল । সেই ফটোবোৰ এতিয়া ভাইৰেল হৈ পৰিছে ।

T20 World Cup 2024
খেল বাতিল হ'লেও কোহলীৰ সৈতে ফটো তোলাত ব্যস্ত কানাডাৰ খেলুৱৈ (ETV Bharat)

By ETV Bharat Assamese Team

Published : Jun 16, 2024, 10:17 AM IST

স্পৰ্টছ ডেস্ক, ১৬ জুন : টি-২০ বিশ্বকাপ ২০২৪ ত ভাৰতৰ অন্তিমখন লীগ মেচ বৰষুণৰ বাবে বাতিল কৰা হয় । কানাডাৰ বিৰুদ্ধে খেলিবলগীয়া আছিল এই খেলখন । এটাও বল নেখেলাকৈয়ে খেলখন বাতিল হয় আৰু দুয়োটা দলক এটাকৈ পইণ্ট দিয়া হয় । কানাডাৰ খেলুৱৈসকলে ভাৰতৰ সৈতে খেলিবলৈ সুযোগ নাপালে যদিও সকলো কানাডিয়ান খেলুৱৈ এই খেলখনক লৈ অতি উৎসাহিত আছিল ।

খেলখন বাতিল হোৱাৰ পিচত কানাডাৰ অধিনায়ককে ধৰি বাকী খেলুৱৈসকলে ভাৰতীয় তাৰকা বিৰাট কোহলীৰ সৈতে ফটো তোলা দেখা গৈছিল । কোহলীকো কানাডিয়ান খেলুৱৈসকলৰ সৈতে ধেমালিৰ মেজাজত যথেষ্ট আনন্দ কৰা দেখা গৈছিল । প্ৰগত সিঙৰ পৰা আৰম্ভ কৰি অধিনায়ক ছাদ বিন জাফৰলৈকে সকলোৱে ইজনৰ পিচত সিজনে বিভিন্ন ফ্ৰেমত ফটো তুলিছিল ।

ছাদ বিন জাফৰক ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মাৰ সৈতেও ফটো তোলা দেখা গৈছিল । ইয়াৰ লগে লগে কানাডাৰ টি-২০ বিশ্বকাপ যাত্ৰাও সমাপ্ত হয় । ভাৰতে এতিয়া চুপাৰ-৮ খেলৰ বাবে ৱেষ্ট ইণ্ডিজ ভ্ৰমণ কৰিব ।

উল্লেখ্য যে চলিত বিশ্বকাপত ভাৰতীয় তাৰকা বেটছমেন বিৰাট কোহলীয়ে এতিয়ালৈকে বেটিঙৰ জৰিয়তে আশ্চৰ্যজনক প্ৰদৰ্শন কৰিবলৈ সক্ষম হোৱা নাই । তেওঁ এতিয়ালৈকে ৩ খন খেলত মাত্ৰ ৫ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে । তেওঁৰ বেটিং স্থিতিক লৈও এতিয়া প্ৰশ্ন উত্থাপন হৈছে । একাংশ প্ৰাক্তন ক্ৰিকেটাৰে বিশ্বাস কৰে যে তেওঁ তিনি নম্বৰত বেটিং কৰিবলৈ আহিব লাগে ৷

আনহাতে একাংশই বিশ্বাস কৰে যে তেওঁ অপেনাৰ হিচাপেই বেটিং কৰি থাকিব লাগে । অৱশ্যে অপেনাৰ হিচাপে আইপিএলত হে কোহলীয়ে উন্নত প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে । য'ত তেওঁ ৭০০ৰো অধিক ৰাণ সংগ্ৰহ কৰি শীৰ্ষ ৰাণ সংগ্ৰহকাৰী হিচাপে পৰিগণিত হৈছে ।

লগতে পঢ়ক :আশাহত অনুৰাগী: বৰষুণৰ বাবে পৰিত্যক্ত ভাৰত-কানাডাৰ মেচ - T20 World Cup 2024

ABOUT THE AUTHOR

...view details