স্পৰ্টছ ডেস্ক, 23 জুন : দেওবাৰে চলিত T-২০ বিশ্বকাপত অঘটন ঘটাই এদিনীয়াৰ বিশ্ব চেম্পিয়ন অষ্ট্ৰেলিয়াক পৰাস্ত কৰে আফগানিস্তানে ৷ এই মেচত কেংগেৰু বাহিনীৰ বিৰুদ্ধে আফগানিস্তানে এক ঐতিহাসিক জয় অৰ্জন কৰে ৷ এই জয়েৰে 2023 চনৰ এদিনীয়া বিশ্বকাপত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে হোৱা শোচনীয় পৰাজয়ৰ পোটক তোলে আফগানিস্তানে ৷ ইফালে দেওবাৰৰ মেচত পেট কামিন্সে পুনৰবাৰ হেট্ৰিক অৰ্জন কৰি অভিলেখ গঢ়িবলৈ সক্ষম হোৱাৰ বিপৰীতে আফগানিস্তানে গ্লেন মেক্সৱেলৰ অৰ্ধশতক আৰু পেট কামিন্সৰ হেট্ৰিকক উপেক্ষা কৰি নিজৰ যোগ্যতা প্ৰমাণ কৰিছে ৷ আফগানিস্তানৰ এই জয়ে সোমবাৰে ভাৰতৰ বিৰুদ্ধে হ’বলগীয়া মেচখনক লৈ অষ্ট্ৰেলিয়াৰ দলটো প্ৰচণ্ড চাপত ভুগিছে ৷
ছেমি ফাইনেলৰ গণিত কি-
ভাৰতীয় দল ছেমি ফাইনেলৰ গণিতত আটাইতকৈ নিৰাপদ ৷ কাৰণ, প্ৰথম দুখন মেচত আফগানিস্তান আৰু বাংলাদেশক পৰাস্ত কৰিছে মেন ইন ব্লুৱে ৷ যদিহে ভাৰতে সোমবাৰে পৰৱৰ্তী মেচখনত অষ্ট্ৰেলিয়াক পৰাস্ত কৰে তেন্তে দলটোৱে ছেমি ফাইনেললৈ যোগ্যতা অৰ্জন কৰিব ৷ কিন্তু পৰাস্ত কৰিব নোৱাৰিলেও আফগানিস্তান বনাম বাংলাদেশৰ ফলাফললৈ অপেক্ষা কৰিব লাগিব দলটোৱে ৷
লগতে পঢ়ক :২০২৩ৰ এদিনীয়া বিশ্বকাপৰ প্ৰতিশোধ; অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে প্ৰথমটো বিজয় আফগানিস্তানৰ - T20 World Cup 2024
ছেমি ফাইনেলত প্ৰৱেশ কৰিবলৈ আফগানিস্তানে অন্তিমখন মেচত জয়ী হ’ব লাগিব যদিও সহজে যোগ্যতা অৰ্জন কৰিবলৈ ভাৰতৰ জয়ৰ বাবেও প্ৰাৰ্থনা কৰিব লাগিব ৷ যদি ভাৰত পৰাস্ত হয় তেন্তে দুয়োটা দলৰ ছেমি ফাইনেলৰ ভাগ্য ৰাণ ৰেটৰ ভিত্তিত নিৰ্ণয় কৰা হ’ব ৷
যদি ভাৰতীয় দলটো অন্তিমখন খেলত পৰাস্ত হয় আৰু আফগানিস্তান বাংলাদেশৰ বিৰুদ্ধে অন্তিমখন খেলত জয়ী হয়, তেন্তে এনে পৰিস্থিতিত তিনিওটা দলৰ 6 টাকৈ পইণ্ট থাকিব ৷ এনে পৰিস্থিতিত ৰাণ ৰেটৰ ভিত্তিত শীৰ্ষ 2 টা দলে যোগ্যতা অৰ্জন কৰিব ৷ কিন্তু ভাৰতীয় দলটোৱে কোনো কাৰণতে এই ৰিস্ক ল’ব নিবিচাৰিব ৷
বাংলাদেশে ভাৰতীয় দলে অষ্ট্ৰেলিয়াক পৰাস্ত কৰাটো বিচাৰিব-
ছেমি ফাইনেলৰ গণিতত ভাৰতীয় দলটোৱে অষ্ট্ৰেলিয়াক পৰাস্ত কৰি নিজৰ স্থিতি শক্তিশালী কৰিব বিচাৰিব আৰু আফগানিস্তানে ভাৰতে অন্তিমখন খেলত জয়ী হোৱাটো বিচাৰিব ৷ যাতে দলটোৱে বাংলাদেশক পৰাস্ত কৰি পোনপটীয়াকৈ ছেমি ফাইনেললৈ যোগ্যতা অৰ্জন কৰিব পাৰে ৷
লগতে পঢ়ক :ভাৰত বনাম বাংলাদেশ : ৫০ ৰাণৰ ব্যৱধানত ভাৰতৰ হাতত পৰাস্ত বাংলাদেশ - T20 WORLD CUP