ETV Bharat / bharat

ছত্তীশগড়ত নিহত ৫ নক্সালবাদীক চিনাক্ত: মূৰৰ মূল্য আছিল ৪০ লাখ টকা - CHHATTISGARH ENCOUNTER

কাঙ্কেৰ এনকাউণ্টাৰত নিহত নক্সালবাদীকেইটাক চিনাক্ত কৰা হৈছে । আটাইকেইজন নক্সালবাদীৰ ওপৰত বৃহৎ পৰিমাণৰ পুৰস্কাৰ ঘোষণা কৰা আছিল ।

FIVE NAXALITES KILLED KANKER
ছত্তীশগড়ত নিহত ৫ নক্সালবাদীক চিনাক্ত (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Nov 18, 2024, 6:24 PM IST

কাঙ্কেৰ : ছত্তীশগড়ৰ মাড় সংমণ্ডলত নক্সালবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত সংঘৰ্ষ সমাপ্ত হৈছে । কিন্তু সেনাই অৰণ্যত তালাচী অভিযান চলাই আছে । এই সংঘৰ্ষত নিৰাপত্তা বাহিনীয়ে 5 জন পুৰস্কাৰ ঘোষণা কৰা নক্সালবাদীক হত্যা কৰে । দেওবাৰে নিহত নক্সালবাদীকেইটাৰ মৃতদেহ লৈ সেনাৰ এটা দল শিবিৰত উপস্থিত হয় আৰু তাত নক্সালবাদীকেইটাক চিনাক্ত কৰা হয় । আটাইকেইটা নক্সালবাদীকে চিনাক্ত কৰা হৈছে । নিহত নক্সালবাদীকেইটাৰ মূৰৰ ওপৰত ৪০ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰা হৈছিল আৰু আটাইতকেইটা ম'ষ্ট ৱাণ্টেড আছিল । নিৰাপত্তা বাহিনীয়ে তেওঁলোকক বহু পূৰ্বৰে পৰা বিচাৰি আছিল ।

কাঙ্কেৰ এনকাউণ্টাৰত নিহত ম'ষ্ট ৱাণ্টেড নক্সালবাদী : কাঙ্কেৰ এনকাউণ্টাৰত নিহত আটাইকেইটা নক্সালবাদীৰ প্ৰতিজনৰে মূৰৰ ওপৰত ৮ লাখকৈ টকা পুৰস্কাৰ ঘোষণা কৰা আছিল । 10 নম্বৰ কোম্পানীৰ আটাইকেইজন ডি ভি চি এম কমাণ্ডাৰ নক্সালবাদী । আৰক্ষীয়ে সমগ্ৰ ঘটনা সোমবাৰে প্ৰকাশ কৰিব ।

৪০ লাখ টকা পুৰস্কাৰ ঘোষণা কৰা নিহত নক্সালবাদীকেইটা হৈছে :

ভানোজা মিচা কৰম : এওঁ হৈছে ৪২ বছৰীয়া মহিলা নক্সাল । তেওঁ ভৈৰামগড় বিজাপুৰৰ বাসিন্দা আছিল । উত্তৰ-দক্ষিণ সংমণ্ডলৰ প্ৰেছ দলৰ তেওঁ ডি ভি চি এম কমাণ্ডাৰ আছিল । মহিলা নক্সালগৰাকীৰ ওপৰত ৮ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰা হৈছিল । তেওঁ লগত এটা আই এন এছ এ এছ ৰাইফল ৰাখিছিল ।

সন্তোষ কোৰ্চামি : বয়স প্ৰায় 35 বছৰৰ পুৰুষ নক্সালবাদী । ধনোৰা আৰক্ষী থানাৰ অন্তৰ্গত চিৰপোলিৰ শিৱগাট্টা গাঁৱৰ বাসিন্দা আছিল । ডিভিজনটোৰ ষ্টপ দলত তেওঁ পি এম পদত আছিল । তেওঁৰ লগত এটা চিংকল শ্বট অস্ত্ৰ ৰাখিছিল আৰু ৮ লাখ টকা পুৰস্কাৰ তেওঁৰ ওপৰত আছিল ।

মনীষ ওৰফে কাজু চাইনু পদ্ৰা : পুৰুষ নক্সালবাদীজনৰ বয়স প্ৰায় ৩৫ বছৰ । তেওঁ গড়চিৰোলী জিলাৰ গোণ্ডাৱাহিৰ বাসিন্দা । পি এল জি এ ১০ লং কোম্পানীত তেওঁ পি এম সদস্য । তেওঁ এটা ১২ ব'ৰ বন্দুক লগত ৰাখিছিল আৰু মূৰৰ ওপৰত 8 লাখ টকাৰ পুৰস্কাৰ আছিল ।

সুৰেশ ওৰফে নাগেশ গাৱাদে : প্ৰায় 30 বছৰীয়া পুৰুষ নক্সালবাদী । তেওঁ গড়চিৰোলী মহাৰাষ্ট্ৰৰ নয়নাৰ গাঁৱৰ বাসিন্দা আছিল । তেওঁ উত্তৰ-দক্ষিণ সংমণ্ডলত পি এম পদত আছিল । তেওঁৰ লগত এটা ১২ ব'ৰ বন্দুক ৰাখিছিল আৰু ৮ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছিল ।

পুনিতা : ২১ বছৰীয়া মহিলা নক্সালবাদী । তেওঁ বস্তাৰৰ বাসিন্দা আছিল । পি এম পদত আছিল এছ বি এল অস্ত্ৰ তেওঁৰ লগত ৰাখিছিল । তেওঁৰ ওপৰতো ৮ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰা হৈছিল ।

অভিযানত অংশ লৈছিল ১৪০০ তকৈও অধিক সেনাই : ডি আৰ জি, কোব্ৰা বেটেলিয়ন, বস্তাৰ ফাইটাৰ্ছ, বি এছ এফ, এছ টি এফৰ দল মাড় এনকাউণ্টাৰত জড়িত আছিল । প্ৰায় ১৪৪০ জন সোনা এই অভিযানৰ বাবে ওলাই গৈছিল । এতিয়ালৈকে প্ৰাপ্ত তথ্য অনুসৰি, শনিবাৰে আৰম্ভ হোৱা সংঘৰ্ষত দুজন জোৱানো আহত হয় ।

নক্সালবাদীৰ পৰা উদ্ধাৰ আধুনিক অস্ত্ৰ : কাঙ্কেৰ এনকাউণ্টাৰত সেনা জোৱানসকলে পাঁচজন পুৰস্কাৰ ঘোষিত নক্সালবাদীক হত্যা কৰে । আনহাতে সেনাই নিহত নক্সালবাদীকেইটাৰ মৃতদেহৰ সৈতে বহুতো মাৰাত্মক অস্ত্ৰও উদ্ধাৰ কৰে । এই অস্ত্ৰবোৰৰ ভিতৰত আছে এটা বি জি এল লঞ্চাৰ, এটা এছ এল আৰ, এটা আই এন এছ এ এছ ৰাইফল আৰু তিনিটা 12 ব'ৰ বন্দুক ।

লগতে পঢ়ক :ছত্তীশগড়ত মাওবাদীৰে সংঘৰ্ষ নিৰাপত্তাৰক্ষীৰ
লগতে পঢ়ক :মণিপুৰলৈ আহি আছে চি এ পি এফৰ ৫০ টা অতিৰিক্ত কোম্পানী: কেন্দ্ৰই ল'লে গুৰুত্বপূৰ্ণ সিদ্ধান্ত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.