ETV Bharat / sports

গৌতম গম্ভীৰৰ বিৰুদ্ধে ফ্লেটৰ গ্ৰাহকক প্ৰৱঞ্চনা কৰাৰ অভিযোগ ! - FRAUD CASE AGAINST GAUTAM GAMBHIR

ৰুদ্ৰ বিল্ডৱেল ৰিয়েলিটি প্ৰাইভেট লিমিটেডৰ ব্ৰেণ্ড এম্বেছেডৰ আছিল গৌতম গম্ভীৰ ৷ কোম্পানীটোৱে গম্ভীৰৰ নামত বিনিয়োগকাৰীৰ পৰা ধন লোৱাৰ অভিযোগ ৷

FRAUD CASE AGAINST GAUTAM GAMBHIR
গৌতম গম্ভীৰ (ETV Bharat)
author img

By ETV Bharat Sports Team

Published : Nov 18, 2024, 6:21 PM IST

স্প’ৰ্টছ ডেস্ক: দিল্লী উচ্চ ন্যায়ালয়ে সোমবাৰে প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ তথা বিজেপিৰ প্ৰাক্তন সাংসদ গৌতম গম্ভীৰৰ এক বিষয়ত কৰে হস্তক্ষেপ ৷

পূৰ্বে ৰিয়েল ইষ্টেট ফাৰ্ম ৰুদ্ৰ বিল্ডৱেল ৰিয়েলটি প্ৰাইভেট লিমিটেডৰ ফ্লেটৰ গ্ৰাহকক প্ৰৱঞ্চনা কৰাৰ গোচৰত গৌতম গম্ভীৰক নিৰ্দোষী বুলি আদালতে কৰিছিল ৰায়দান ৷ পিছে সত্ৰ আদালতে প্ৰদান কৰা এই ৰায়দানক স্থগিত ৰখাৰ নিৰ্দেশ দিয়ে দিল্লী উচ্চ ন্যায়ালয়ে ৷ ন্যায়াধীশ মনোজ কুমাৰ ওহৰিৰ বিচাৰপীঠে দিয়ে এই স্থগিতাদেশৰ নিৰ্দেশ ৷

গৌতম গম্ভীৰৰ হৈ আদালতত উপস্থিত থকা জ্যেষ্ঠ অধিবক্তা মুকুল ৰোহতগীয়ে কয় যে, "আবেদনকাৰীৰ এক অনবদ্য প্ৰতিচ্ছবি আছে আৰু ব্ৰেণ্ড এম্বেছেডৰ হোৱাটো সচৰাচৰ ঘটনা ৷ গৌতম গম্ভীৰে ভাৰতীয় ক্ৰিকেট দলৰ সৈতে সম্প্ৰতি অষ্ট্ৰেলিয়া ভ্ৰমণত ব্যস্ত আছে ৷ এনে পৰিস্থিতিত ই ডি-য়ে হাৰাশাস্তি কৰিব নালাগে টীম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষকগৰাকীক" ৷

আনহাতে, ইডিৰ হৈ আদালতত হাজিৰ হোৱা পৰামৰ্শদাতাই গম্ভীৰৰ আবেদনৰ বিৰোধিতা কৰি কয় যে, কোম্পানীৰ পৰা পদত্যাগ কৰাৰ পিছতো গম্ভীৰে লাভ কৰিছিল বহু ধন ।

29 অক্টোবৰত ৰাউজ এভিনিউ আদালতৰ সত্ৰ আদালতে দণ্ডাধীশ আদালতৰ আদেশ স্থগিত ৰাখে । বিশেষ ন্যায়াধীশ বিশাল গোগনে বিষয়টো পুনৰ দণ্ডাধীশ আদালতলৈ প্ৰেৰণ কৰি গম্ভীৰৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ ওপৰত নতুনকৈ ৰায়দান প্ৰদান কৰিবলৈ নিৰ্দেশ দিছিল ৷ গোচৰটোৰ প্ৰতিজন অভিযুক্তৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ দিছিল বিৱৰণ ।

গৌতম গম্ভীৰক আদালতে নিৰ্দোষী সাব্যস্ত কৰিছিল

2020 চনৰ 10 ডিচেম্বৰত ৰাউজ এভিনিউ আদালতৰ দণ্ডাধীশৰ আদালতে গৌতম গম্ভীৰক ৰিয়েল ইষ্টেট কোম্পানী ৰুদ্ৰ বিল্ডৱেল ৰিয়েলটি প্ৰাইভেট লিমিটেডৰ ফ্লেটৰ গ্ৰাহকসকলক প্ৰতাৰণা কৰাৰ অভিযোগৰ পৰা মুকলি কৰিছিল ৷ যেতিয়া দণ্ডাধীশ আদালতত এই গোচৰ চলি আছিল, গৌতম গম্ভীৰে এগৰাকী সাংসদৰূপে দায়িত্ব নিৰ্বাহ কৰি আছিল ৷ যাৰ বাবে বিষয়টোৰ শুনানি ৰাউজ এভিনিউ আদালতত চলি আছিল ।

গম্ভীৰ ৰুদ্ৰ বিল্ডৱেল ৰিয়েলিটি প্ৰাইভেট লিমিটেডৰ ব্ৰেণ্ড এম্বেছেডৰ আছিল

দিল্লী আৰক্ষীয়ে 2019 ৰ ছেপ্টেম্বৰত চাকেত আদালতত গৌতম গম্ভীৰৰ বিৰুদ্ধে দাখিল কৰিছিল অভিযোগপত্ৰ ৷ সেই সময়ত গম্ভীৰ ৰিয়েল ইষ্টেট কোম্পানী ৰুদ্ৰ বিল্ডৱেল ৰিয়েলিটি প্ৰাইভেট লিমিটেডৰ ব্ৰেণ্ড এম্বেছেডৰ আছিল ।

গম্ভীৰৰ বিৰুদ্ধে কোম্পানীটোৰ ফ্লেট ক্ৰেতাসকলক প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন হৈছিল । গম্ভীৰৰ উপৰিও কোম্পানীৰ প্ৰচাৰক মুকেশ খুৰানা, গৌতম মেহৰা আৰু ববিতা খুৰানাক দোষী সাব্যস্ত কৰা হৈছিল । গৌতম গম্ভীৰৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ 406 আৰু 420 ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হৈছিল ।

গৌতম গম্ভীৰৰ নাম ব্যৱহাৰ কৰি বিনিয়োগকাৰীৰ পৰা লৈছিল ধন

কোম্পানীটোৱে ফ্লেট ক্ৰেতাসকলৰ পৰা প্ৰৱঞ্চনাৰে ধন লোৱাৰ অভিযোগ উত্থাপিত হৈছে । অৰ্থনৈতিক অপৰাধ শাখাই ফ্লেটত বিনিয়োগকাৰীসকলৰ অভিযোগৰ ওপৰত ৰুজু কৰিছে এটা গোচৰ । আবেদনখনত অভিযোগ কৰা হৈছে যে, কোম্পানীটোৱে গৌতম গম্ভীৰৰ নামত বিনিয়োগকাৰীসকলৰ পৰা ধন লৈছিল যদিও ফ্লেটৰ মালিকীস্বত্ব প্ৰদান কৰা নাছিল ৷

ফ্লেটৰ ক্ৰেতাসকলে অভিযোগ কৰিছে যে, তেওঁলোকে 2011 চনত গাজিয়াবাদৰ ইন্দিৰাপুৰমত কোম্পানীটোৰ এটা ৰিয়েল ইষ্টেট প্ৰকল্পত ফ্লেট বুক কৰিছিল ৷ কিন্তু তেওঁলোকে ফ্লেটবোৰ পোৱা নাছিল ।

দিল্লী আৰক্ষীৰ অভিযোগপত্ৰত কোৱা হৈছে যে, কোম্পানীটোৱে 2013 চনৰ 6 জুনত ক্ৰেতাসকলক ফ্লেটবোৰ দিয়াৰ প্ৰতিশ্ৰুতি দিয়াৰ পিছতো 2014 চনলৈকে দিয়া নাছিল ৷ 15 এপ্ৰিল 2015 ত কৰ্তৃপক্ষই প্ৰকল্পটোৰ অনুমোদন বাতিল কৰে ।

লগতে পঢ়ক: ৰোহিত শৰ্মাৰ অনুপস্থিতিত কোন হ’ব অধিনায়ক ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.