ETV Bharat / sports

কোকেইন ব্যৱহাৰ কৰি ধৰা পৰিল তাৰকা ক্ৰিকেটাৰ; নিষিদ্ধ ঘোষণা

cocaine in cricket: কোকেইন ব্যৱহাৰ কৰাৰ অপৰাধত নিষিদ্ধ ঘোষণা কৰা হৈছে এগৰাকী ক্ৰিকেটাৰক ৷

Doug Bracewell
প্ৰতিনিধিত্বমূলক ফটো (Getty Images)
author img

By ETV Bharat Sports Team

Published : 2 hours ago

স্প’ৰ্টছ ডেস্ক: এগৰাকী প্ৰাক্তন দ্ৰুত বলাৰক কোকেইন সেৱনৰ অপৰাধত ক্ৰিকেটৰ পৰা নিষিদ্ধ ঘোষণা কৰা হৈছে ৷ 2024 চনৰ জানুৱাৰীত ৱেলিংটনৰ বিৰুদ্ধে চেণ্ট্ৰেল ডিষ্ট্ৰিক্টছৰ হৈ এখন ঘৰুৱা টি-20 ত সুন্দৰ প্ৰদৰ্শনৰ পিছত ক্ৰিকেটাৰগৰাকীয়ে কোকেইন সেৱন কৰাৰ কথা পোহৰলৈ আহে ৷

এমাহৰ বাবে নিষিদ্ধ

কোকেইন সেৱন কৰা বুলি অভিযোগ উত্থাপন হোৱা এই ক্ৰিকেটাৰগৰাকী হৈছে নিউজিলেণ্ডৰ প্ৰাক্তন দ্ৰুত বলাৰ ডগ ব্ৰেছৱেল ৷ বেট আৰু বল দুয়োটাতে দৰ্শনীয় প্ৰদৰ্শনৰ পিছত ব্ৰেছৱেলক হিৰো অৱ দ্য মেচৰ বঁটা আগবঢ়োৱা হৈছিল ।

তেওঁ মাত্ৰ 21 ৰাণ ব্যয় কৰিয়েই দখল কৰিছিল দুটাকৈ উইকেট ৷ তদুপৰি মাত্ৰ 11 টা বলত 30 ৰাণৰ দ্ৰুত ইনিংছ খেলিছিল । ইয়াৰোপৰি, তেওঁ দুটাকৈ কেচ আয়ত্ব কৰি দলটোক 6 উইকেটত জয়লাভ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা আগবঢ়াইছিল ।

ক্ৰীড়া অখণ্ডতা আয়োগে (টে কাহু ৰাউনুই) নিশ্চিত কৰিছিল যে, ব্ৰেছৱেলৰ কোকেইন ব্যৱহাৰৰ খেলখনৰ সৈতে কোনো সম্পৰ্ক নাই ৷ কিয়নো তেওঁ প্ৰতিযোগিতাৰ বাহিৰত কোকেইন সেৱন কৰিছিল । প্ৰথমতে তেওঁক 3 মাহৰ বাবে নিষিদ্ধ কৰা হৈছিল, যাক চিকিৎসা কাৰ্যসূচী সম্পূৰ্ণ কৰাৰ এমাহলৈ হ্ৰাস কৰা হৈছিল ।

এপ্ৰিল 2024 লৈকে এটা সময়ৰ বাবে নিষেধাজ্ঞাৰ অৰ্থ হৈছে ব্ৰেছৱেলে ইতিমধ্যে তেওঁৰ নিলম্বন সম্পূৰ্ণ কৰিছে আৰু এতিয়া ক্ৰিকেটলৈ উভতি আহিবলৈ সাজু হৈছে ।

এছ আই চিৰ মুখ্য কাৰ্যবাহী ৰেবেকা ৰোলছে খেলুৱৈসকলে আদৰ্শ হিচাপে কাম কৰাৰ প্ৰয়োজনীয়তাৰ কথাও উল্লেখ কৰিছিল । "এক ইতিবাচক উদাহৰণ স্থাপন কৰাটো খেলুৱৈসকলৰ দায়িত্ব । কোকেইন অবৈধ আৰু বিপদজনক । ইয়াৰ ব্যৱহাৰ এক গুৰুতৰ বিষয় ৷ আমি ক্ৰীড়া সংগঠন আৰু খেলুৱৈসকলৰ সৈতে আলোচনা কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ" বুলিও ৰোলছে সদৰী কৰিছিল ।

সুৰাপান কৰি গাড়ী চলোৱাৰ সৈতে আছে পুৰণি সম্পৰ্ক

খেলপথাৰৰ বাহিৰৰ ঘটনাৰ ফলত ব্ৰেছৱেলৰ কেৰিয়াৰ বহু পৰিমাণে ক্ষতিগ্ৰস্ত হৈছে । তেওঁ সুৰাপান কৰি গাড়ী চলোৱাৰ দৰে অপৰাধৰ বহু ঘটনা পূৰ্বতেও সংঘটিত হৈছে ৷ 2008 চনত 18 বছৰ বয়সৰ পৰা আৰম্ভ কৰি পৰৱৰ্তী সময়ত 2010 আৰু 2017 চনত একে অপৰাধকে সংঘটিত কৰে । এই বিফলতাৰ স্বত্বেও ব্ৰেছৱেলৰ ক্ৰিকেট কেৰিয়াৰ আছিল লক্ষণীয় ৷ 2011 চনত তেওঁৰ আন্তঃৰাষ্ট্ৰীয় অভিষেকৰ পিছত 28 খন টেষ্ট, 21 খন এদিনীয়া আৰু 20 খন টি-20 আন্তৰ্জাতিক খেলত নিউজিলেণ্ডক প্ৰতিনিধিত্ব কৰিছিল ।

লগতে পঢ়ক: গৌতম গম্ভীৰৰ বিৰুদ্ধে ফ্লেটৰ গ্ৰাহকক প্ৰৱঞ্চনা কৰাৰ অভিযোগ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.