ETV Bharat / entertainment

ব্যক্তিগতভাৱে কেনেকুৱা জুবিন গাৰ্গ...কি কয় তেওঁৰ ঘনিষ্ঠই ? - ZUBEEN GARG BIRTHDAY CELEBRATION

৫৩ বছৰত ভৰি দিলে সকলোৰে মৰমৰ জুবিন গাৰ্গে । ওপজা দিনটোত জুবিন গাৰ্গক শুভেচ্ছা বাৰ্তাৰে উপচাই পেলাইছে জুবিন অনুৰাগীয়ে ৷

Zubeen Garg birthday celebration with family friends and Fans
জুবিনৰ গাৰ্গৰ জন্মদিন (ETV Bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : Nov 18, 2024, 8:23 PM IST

Updated : Nov 18, 2024, 8:29 PM IST

গুৱাহাটী: পাখি মেলি উৰিব খোজা জুবিন গাৰ্গৰ আজি ওপজা দিন । ৫৩ বছৰত ভৰি দিলে সকলোৰে প্ৰিয় জুবিন গাৰ্গে । প্রিয় শিল্পীগৰাকীৰ বিশেষ দিনটোত শুভেচ্ছা জনোৱাৰ অৰ্থেই নিশা জোনালীস্থিত ষ্টুডিঅ’ত ভিৰ কৰিলেহি অজস্ৰ অনুৰাগীয়ে । হাতে-হাতে কেক, উপহাৰ লৈ ষ্টুডিঅ’ৰ বাহিৰত অনুৰাগীৰ ভিৰ । জুবিন গাৰ্গেও কেক কাটি অনুৰাগীৰ সৈতে উদযাপন কৰিলে বিশেষ দিনটো । সমান্তৰালভাৱে সমাজিক মাধ্যমত আজিৰ দিনটোত জুবিন গাৰ্গক শুভেচ্ছা বাৰ্তাৰে উপচাই পেলাইছে জুবিন অনুৰাগীয়ে । ঠায়ে ঠায়ে আজিৰ দিনটোত অনুৰাগীসকলে গ্ৰহণ কৰিছে বিভিন্ন কাৰ্যসূচীও ।

১৯৭২ চনত আজিৰ দিনটোতে জন্ম লাভ কৰিছিল জুবিন গাৰ্গে । ১৯৯২ চনত ‘অনামিকা’ এলবামটো আছিল জুবিন গাৰ্গৰ প্ৰথমটো এলবাম । তাৰ পাছৰে পৰা একাদিক্ৰমে বহু হাজাৰ গীত অসমবাসীক উপহাৰ হিচাপে দিছে শিল্পীগৰাকীয়ে । আজিৰ এই দিনটোত তেওঁৰ দুগৰাকী ঘনিষ্ঠই ই টিভি ভাৰতৰ সৈতে হোৱা এক টেলিফোনিক বাৰ্তালাপত জুবিন সন্দৰ্ভত বহু কথা মুকলি কৰে ।

জুবিনৰ গাৰ্গৰ জন্মদিন উদযাপন (ETV Bharat Assam)

সংগীত পৰিচালক অজয় ফুকনৰ মন্তব্য

“মানুহজন অকমান বেলেগ ধৰণৰ । মানুহজনক কোনেও আজিৰ তাৰিখলৈ হয়তো তেওঁৰ লগত একেবাৰে ছাঁটোৰ দৰে থকা মানুহেও বুজি পোৱা নাই । তেওঁৰ ব্যক্তিত্বই নহয়, আচলতে তেওঁৰ বিষয়ে বুজাটো ইমান সহজ নহয় । তেওঁক বুজিবলৈ হ’লে তেওঁৰ নিচিনাকৈয়ে আচলতে ভাবিব বা চিন্তা কৰিব লাগিব । তেওঁৰ অন্তৰখন বহুত বহল, তেওঁ সদায় কথাবোৰ বেলেগ ধৰণে চিন্তা কৰে । মানুহে জুবিন গাৰ্গক যিমান সহজভাৱে লয়, সিমান কিন্তু সহজ নহয় । নিজতকৈ তেওঁ আনৰ কথা সদায় বেছিকৈ চিন্তা কৰে । তেওঁৰ চকুৱে বহু কথা কয়, তেওঁৰ অংগী-ভংগীয়ে বহু কথা কয় ।”

লগতে আৰু কয়, “তেওঁ কোনটো মুহূৰ্তত সুখত আছে, কোনটো মুহূৰ্তত দুখত আছে, কোনটো মুহূৰ্তত খঙত আছে সেইটো বুজাটো কিন্তু সহজ কথা নহয় । মই আজি ১৫ বছৰ ধৰি তেওঁৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছোঁ । মই তেওঁৰ সংস্পৰ্শত থাকি এটাই কথা গম পালোঁ যে, মানুহজনক ভিতৰত পৰা জানিব লাগিব । কেতিয়াবা তেওঁ খঙত যিহকে তিহকে কৈ দিয়ে, কিন্তু সেইটো তেওঁৰ অন্তৰৰ পৰা ন’কবও পাৰে । কেতিয়াবা কিবা এটা দেখিছে সেইটো তেওঁ সহ্য কৰিব পৰা নাই, তেতিয়া তাৰ ওপৰত তেওঁ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । জুবিন গাৰ্গে জীৱনটোৰ বেছি ভাগ সময় কামেই কৰিলে ।”

বাদ্যযন্ত্ৰী দ্বীপকেশ বৰগোহাঞিৰ ভাষ্য

“জুবিন গাৰ্গৰ লগত মই প্ৰায় ২০ বছৰ ধৰি মঞ্চৰ অনুষ্ঠান কৰাৰ লগতে বহু কাম একেলগে কৰিছো । জুবিন গাৰ্গৰ বিষয়ে সকলোৱে আচলতে জানেই । জুবিন গাৰ্গৰ ভালখিনি আমি ল’ব লাগিব । তেওঁ আমাক গানৰে জৰিয়তে বেলেগ এটা অধ্যায়লৈ লৈ গৈছে । জুবিন গাৰ্গ আচলতে বহু ধেমেলীয়া মানুহ । তেওঁৰ জ্ঞানৰ পৰিসৰ বহুত বহল । কেতিয়াবা কিবা কথা বুজি নাপালে খুব সুন্দৰকৈ বুজাই দিয়ে । তেওঁ গানৰ ক্ষেত্ৰতখনেই নহয়, অন্যান্য ক্ষেত্ৰতো বহুত জ্ঞান আছে । অনুষ্ঠানত আমাক বহুত সহায়ো কৰে তেওঁ । এবাৰ শিৱসাগৰত এখন অনুষ্ঠানত জুবিন দা আৰু জুবলীৰ অনুষ্ঠান আছিল । তেতিয়া জুবলীয়ে গীত গাই আছিল । জুবলীয়ে গীত পৰিৱেশন কৰি থকা অৱস্থাত হঠাৎ মোৰ গা বেয়া লগাত মই জুবিন দাক কলো । জুবিন দাই তেতিয়া মোৰ কিবৰ্ডখন বজাই মোক সহায় কৰিছিল ।”

লগতে পঢ়ক : জীৱন বৰঠাকুৰৰ পৰা জুবিন গাৰ্গলৈ...52 বছৰীয়া এক সুৰীয়া পৰিক্ৰমা

Last Updated : Nov 18, 2024, 8:29 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.