স্প’ৰ্টছ ডেস্ক: অসম চৰকাৰৰ উদ্যোগত আয়োজিত দ্বিতীয় পৰ্যায়ৰ খেল মহাৰণৰ সোমবাৰে বৰপেটাত শুভাৰম্ভ কৰা হয় । বৰপেটা পৌৰসভাৰ খেলপথাৰত খেল মহাৰণৰ প্ৰতিযোগিতা উদ্বোধন কৰে জিলা আয়ুক্ত ৰোহন কুমাৰ ঝাই ।
উল্লেখযোগ্য যে, বৰপেটা জিলাত তিনি লাখৰো অধিক খেলুৱৈয়ে এইবাৰৰ খেল মহাৰণ 2.0 ত অংশগ্ৰহণ কৰিছে । সোমবাৰে পৌৰসভাৰ খেলপথাৰত খেল মহাৰণ 2.0 ৰ অংশ হিচাপে এথলেটিকছ, দবা, কাবাদী খেল অনুষ্ঠিত কৰা হয় ।
আনহাতে, চাইকেল চলোৱা প্ৰতিযোগিতা অনুষ্ঠিত হয় পাটবাউসীত । খেল মহাৰণ 2.0 ৰ উদ্বোধন কৰি জিলা আয়ুক্ত ঝাই কয় যে, এই প্ৰতিযোগিতাই কেবল যে খেলুৱৈসকলকে আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে, এনে নহয় ৷ খেলৰ প্ৰতি নতুনৰ আকৰ্ষণো বৃদ্ধি কৰিছে । প্ৰথম পৰ্যায়ৰ খেল মহাৰণৰ ফলতে এই দৃশ্য দেখিবলৈ পোৱা গৈছে ।
এইবাৰৰ খেল মহাৰণত অনুষ্ঠিত কৰা খেলবোৰ হৈছে ক্ৰমে এথলেটিকছ, ফুটবল, চাইকেল চলোৱা, কাবাদী, সাঁতোৰ আৰু দবা খেল ।
সোমবাৰৰ খেল মহাৰণ 2.0 ৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে অতিৰিক্ত আয়ুক্ত খনীন দাস, বৰপেটা জিলা বিজেপিৰ সভাপতি অনিল কুমাৰ দাসৰ লগতে ক্ৰীড়াক্ষেত্ৰত জড়িত জিলাখনৰ বহুকেইগৰাকী বিশিষ্ট ব্যক্তি ৷ বৰপেটা জিলা বিজেপিৰ সভাপতি অনিল কুমাৰ দাসে খেল মহাৰণে অসমৰ ক্ৰীড়াৰ ক্ষেত্ৰখনত জাগৰণ অনা বুলি উল্লেখ কৰি ইয়াৰ বাবে অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে ।
উল্লেখ্য যে, ৰাজ্যৰ প্ৰতিভাৱান খেলুৱৈসকলক উচাহ প্ৰদান কৰাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে বিগত বৰ্ষৰ পৰা আৰম্ভ কৰিছে খেল মহাৰণ । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে সোমবাৰে বৰপেটা জিলাতো আৰম্ভ কৰা হৈছে 'খেল মহাৰণ 2.0' ।
লগতে পঢ়ক: কেনেদৰে প্ৰস্তুত কৰা হয় ক্ৰিকেট বলসমূহ ? সবাতোকৈ দামী বলটো কি ?