ETV Bharat / bharat

১৯ নৱেম্বৰলৈ বন্ধ থাকিব মণিপুৰত সান্ধ্য আইন জাৰি কৰা জিলাৰ শিক্ষানুষ্ঠান - MANIPUR UNREST

মণিপুৰত শেহতীয়াকৈ সংঘটিত হোৱা হিংসাত্মক ঘটনাৰ সৈতে জড়িত তিনিটা গুৰুত্বপূৰ্ণ গোচৰৰ তদন্তৰ দায়িত্ব লৈছে ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা চমুকৈ NIA ই ।

Manipur
Manipur unrest (PTI)
author img

By ETV Bharat Assamese Team

Published : Nov 18, 2024, 6:23 PM IST

ইম্ফল: উত্তপ্ত মণিপুৰৰ ইম্ফল পশ্চিম আৰু ইম্ফল পূব জিলাত জাৰি কৰা সান্ধ্য আইনৰ মাজতে মণিপুৰ চৰকাৰৰ উচ্চ আৰু কাৰিকৰী শিক্ষা বিভাগৰ সচিবালয়ে এই জিলাসমূহৰ ৰাজ্যিক বিশ্ববিদ্যালয়কে ধৰি শিক্ষানুষ্ঠান, মহাবিদ্যালয়সমূহ মঙলবাৰলৈ বন্ধ ঘোষণা কৰে । মণিপুৰ চৰকাৰৰ গৃহ বিভাগৰ লগত আলোচনা কৰি এই সিদ্ধান্ত লোৱা হৈছে ।

সচিবালয়ৰ উচ্চ আৰু কাৰিকৰী শিক্ষা বিভাগৰ নিৰ্দেশত কোৱা হৈছে, "বহু জিলাত জিলা দণ্ডাধীশে জাৰি কৰা সান্ধ্য আইনৰ পৰিপ্ৰেক্ষিতত আৰু ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকৰ সুৰক্ষাৰ কথা বিবেচনা কৰি ইয়াৰ দ্বাৰা নিৰ্দেশ দিয়া হৈছে যে যিবোৰ জিলাত সান্ধ্য আইন জাৰি কৰা হৈছে সেইবোৰ জিলাৰ উচ্চতৰ আৰু কাৰিকৰী শিক্ষা বিভাগৰ অন্তৰ্গত সকলো চৰকাৰী প্ৰতিষ্ঠান/চৰকাৰী সাহায্যপ্ৰাপ্ত মহাবিদ্যালয়, ৰাজ্যিক বিশ্ববিদ্যালয়সমূহ ১৮ নৱেম্বৰৰ পৰা ১৯ নৱেম্বৰলৈ বন্ধ থাকিব ।"

চলিত মাহৰ প্ৰথম দুসপ্তাহত মণিপুৰত শেহতীয়াকৈ সংঘটিত হোৱা হিংসাত্মক ঘটনাৰ সৈতে জড়িত তিনিটা গুৰুত্বপূৰ্ণ গোচৰৰ তদন্তৰ দায়িত্ব লৈছে ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা চমুকৈ NIA ই । হিংসাত্মক কাৰ্যকলাপ তীব্ৰতৰ হৈ পৰাৰ ফলত পাহাৰীয়া ৰাজ্যখনত সাধাৰণ নাগৰিকৰ মৃত্যুৰ লগতে সামাজিক অস্থিৰতাৰ সৃষ্টি হৈছে ৷ যাৰ বাবে শেহতীয়াকৈ গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে জাৰি কৰা নিৰ্দেশনাৰ পাছত সংস্থাটোৱে মণিপুৰ আৰক্ষীৰ পৰা এই গোচৰসমূহ গ্ৰহণ কৰে ।

লগতে পঢ়ক: মণিপুৰলৈ আহি আছে চি এ পি এফৰ ৫০ টা অতিৰিক্ত কোম্পানী: কেন্দ্ৰই ল'লে গুৰুত্বপূৰ্ণ সিদ্ধান্ত

২০২৪ চনৰ ৮ নৱেম্বৰত জিৰিবাম অঞ্চলত এগৰাকী মহিলাক অস্ত্ৰধাৰী উগ্ৰপন্থীয়ে হত্যা কৰাৰ সন্দৰ্ভত জিৰিবাম থানাত প্ৰথমটো গোচৰ ৰুজু হৈছিল । ইফালে, জিৰিবামৰ জাকুৰাধৰ কাৰোঙত অৱস্থিত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ চকী (এ-কোম্পানী, ২০ নং বেটেলিয়ন)ত সশস্ত্ৰ উগ্ৰপন্থীয়ে কৰা আক্ৰমণৰ সৈতে জড়িত দ্বিতীয়টো গোচৰ ২০২৪ চনৰ ১১ নৱেম্বৰত বৰোবেকৰা থানাত ৰুজু হৈছিল ।

বড়োৱেকৰা অঞ্চলত ঘৰ জ্বলোৱা আৰু সাধাৰণ নাগৰিকক হত্যাৰ সৈতে জড়িত তৃতীয়টো গোচৰ ২০২৪ চনৰ ১১ নৱেম্বৰত বড়োৱেকৰা থানাত ৰুজু হৈছিল ।

ইয়াৰ পূৰ্বে দেওবাৰে মণিপুৰত অব্যাহত থকা হিংসাত্মক ঘটনা পুনৰবাৰ তীব্ৰতৰ হৈ পৰাত মণিপুৰ আৰক্ষীয়ে ইম্ফল পশ্চিম আৰু ইম্ফল পূব দুয়োখন জিলাতে সান্ধ্য আইন জাৰি কৰে । ছটাকৈ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছতে এই সান্ধ্য আইন জাৰী কৰা হয় ।

ক্ৰমবৰ্ধমান হিংসাত্মক পৰিস্থিতিৰ ফলত ৰাজ্য চৰকাৰে সাতখন জিলাৰ ইণ্টাৰনেট সেৱাও বন্ধ কৰি দিয়ে । বিশেষকৈ মুখ্যমন্ত্ৰী বীৰেন সিঙৰ বাসগৃহ আৰু ৰাজভৱনৰ আশে-পাশে নিৰাপত্তা কটকটীয়া কৰা হৈছে ৷ ক্ষতিগ্ৰস্ত অঞ্চলত সীমিত যান-বাহনৰ চলাচল দেখা গৈছে ।

লগতে পঢ়ক: জিৰিবামত আৰক্ষীৰ গুলীত নিহত মেইটেই প্ৰতিবাদকাৰী: বিধায়কৰ ঘৰত জুই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.