অসম

assam

জয়েৰে বিশ্বকাপৰ অভিযান আৰম্ভ অষ্ট্ৰেলিয়াৰ; ওমানৰ বিৰুদ্ধে মাৰ্কছ ষ্টইনিছৰ সুন্দৰ অলৰাউণ্ড প্ৰদৰ্শন - t20 world cup 2024

Aus Beat Oman in T20 WC : চলিত টি-২০ বিশ্বকাপৰ প্ৰথমখন মেচত অষ্ট্ৰেলিয়াই ওমানক ৩৯ ৰাণত পৰাস্ত কৰে । ইয়াৰ জৰিয়তে কেংগাৰু বাহিনীয়ে জয়েৰে বিশ্বকাপ অভিযান আৰম্ভ কৰে । মেচখনত মাৰ্কছ ষ্টইনিছৰ সুন্দৰ অলৰাউণ্ড প্ৰদৰ্শনৰ বাবে প্লেয়াৰ অব দ্য মেচৰ সন্মান লাভ কৰে ।

By ETV Bharat Assamese Team

Published : Jun 6, 2024, 1:34 PM IST

Published : Jun 6, 2024, 1:34 PM IST

Aus Beat Oman in T20 WC
ওমানৰ বিৰুদ্ধে মাৰ্কছ ষ্টইনিছৰ মাৰমুখী বেটিং (AP Photo)

স্পৰ্টছ ডেস্ক, ৬ জুন : চলিত টি-২০ বিশ্বকাপৰ দশমখন মেচত অষ্ট্ৰেলিয়াৰ হাতত ৩৯ ৰাণত পৰাস্ত হয় ওমান । অষ্ট্ৰেলিয়াই মেচখনত বলিং আৰু বেটিং দুয়োটা বিভাগতে আধিপত্য বিস্তাৰ কৰে । টছত জয়ী হোৱাৰ পিচত প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লোৱা অষ্ট্ৰেলিয়াই ৫ টা উইকেটৰ বিনিময়ত ১৬৪ ৰাণ সংগ্ৰহ কৰে । আনহাতে, জয়ৰ লক্ষ্য অনুসৰণ কৰি ওমানে ২০ অভাৰত মাত্ৰ ১২৫ ৰাণহে সংগ্ৰহ কৰিবলৈ সক্ষম হয় ।

অষ্ট্ৰেলিয়াৰ হৈ মাৰ্কছ ষ্টইনিছ আৰু ডেভিদ ৱাৰ্ণাৰে অৰ্ধশতক অৰ্জন কৰে । ৱাৰ্ণাৰে ৫১ টা বলত ৫৬ ৰাণ সংগ্ৰহ কৰাৰ বিপৰীতে মাৰ্কছ ষ্টইনিছে মাৰমুখী বেটিঙেৰে ৩৬ টা বলত ৬৭ ৰাণৰ বৰঙনি আগবঢ়ায় । তেওঁৰ ইনিংছটো ৬ টা ছয় আৰু ২ টা চাৰিৰে সজায় । ইয়াৰ উপৰি ষ্টইনিছে 4 অভাৰত মাত্ৰ 19 ৰাণ খৰচ কৰি 3 টা উইকেট দখল কৰে । তেওঁৰ এই সুন্দৰ অলৰাউণ্ড প্ৰদৰ্শনৰ বাবে তেওঁক প্লেয়াৰ অব দ্য মেচ বঁটা প্ৰদান কৰা হয় । উল্লেখ্য, ষ্টইনিছে ইনিংছৰ ১৫ নম্বৰ অভাৰটোত বিস্ফোৰক বেটিং কৰে আৰু এটা অভাৰতে ৪ টা ছয় কোবায় ।

ইয়াৰ উপৰি ট্ৰেভিছ হেডে ১২ আৰু টিম ডেভিদে ৯ ৰাণৰ বৰঙনি আগবঢ়ায় । ওমানৰ হৈ শ্ৰেষ্ঠ বলিং প্ৰদৰ্শন কৰি মেহৰান খানে ২টা উইকেট দখল কৰে ।

ইফালে অষ্ট্ৰেলিয়াৰ ১৬৫ ৰাণৰ লক্ষ্য অনুসৰণ কৰি ওমানে হতাশাজনক প্ৰদৰ্শন কৰে । কেংগাৰু বাহিনীৰ বলাৰৰ হাতত একপ্ৰকাৰ ধৰাশায়ী হোৱা ওমানৰ বেটছমেনসকলে নিৰ্ধাৰিত ২০ অভাৰত ৯ টা উইকেট হেৰুৱাই মাত্ৰ ১২৫ ৰাণহে সংগ্ৰহ কৰিবলৈ সক্ষম হয় । ওমানে ৫৬ ৰাণৰ ভিতৰতে শীৰ্ষ ৫ টা উইকেট হেৰুৱাইছিল । ওমানৰ হৈ আয়ান খানে ৩০ টা বলত সৰ্বাধিক ৩৬ ৰাণ সংগ্ৰহ কৰে । আনহাতে, মেহৰানে 27 ৰাণ সংগ্ৰহ কৰে । এই দুগৰাকী বেটছমেনৰ বাহিৰে ওমানৰ কোনো বেটছমেনেই সফল নহ'ল ।

অপেনাৰ কাশ্যপ প্ৰজাপতি প্ৰথম বলটোতে এলিছৰ চিকাৰ হয় । ইয়াৰ উপৰি প্ৰতীক আঠৱালেও বেছি সময় ক্ৰীজত টিকি থাকিব নোৱাৰিলে আৰু 7 ৰাণত আউট হয় । অধিনায়ক আকিব ইলিয়াছে ১৮ টা বলত ১৮ ৰাণ সংগ্ৰহ কৰে । উল্লেখ্য, প্ৰতিযোগিতাখনত ওমানৰ এইটো হৈছে একেৰাহে দ্বিতীয়টো পৰাজয় । ইয়াৰ পূৰ্বে দলটো নামিবিয়াৰ হাতত পৰাস্ত হৈছিল ।

লগতে পঢ়ক :হাৰ্দিকৰ ধুমুহা, আয়াৰলেণ্ডৰ বিৰুদ্ধে 8 উইকেটত সহজ বিজয় ভাৰতৰ - T20 World Cup 2024

ABOUT THE AUTHOR

...view details